কংগ্ৰেছৰে 'বিবাহ-বিচ্ছেদ'ৰ পিছত এইবাৰ AAP আৰু TMC-লৈ মন বদৰুদ্দিন আজমলৰ! লগে লগে নস্যাৎ কৰিলে আম আদমী পাৰ্টীয়ে

বিগত বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে ফাট মেলিছে কংগ্ৰেছ আৰু এআইইউডিএফৰ সম্পৰ্কত। দুয়োটা দলৰ নেতৃত্বই বৰ্তমান বিপৰীত মেৰুত অৱস্থান কৰিছে। পিছে কংগ্ৰেছৰে বিয়া ভাঙিল বুলি সংবাদ মাধ্যমক মন্তব্য কৰা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আম আদমী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰে সম্পৰ্ক গঢ়াৰ বাবে মন মেলিছে।

শেহতীয়াকৈ দল দুটাৰ নেতৃত্বৰ সৈতে AIUDF-এ মিত্ৰতাৰ বাবে বহু গোপন আলোচনা চলোৱাৰ কথাও ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চিত হৈছে। এইক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰে এআইইউডিএফৰ আলোচনা যথেষ্ট ইতিবাচক দিশত আগবঢ়াৰ কথাও জানিব পৰা গৈছে। কাৰণ তৃণমূল কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকোতেই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা হৈছিল। আনহাতে অসমত এআইইউডিএফৰ সমান্তৰালকৈ তৃণমূল কংগ্ৰেছেও পশ্চিমবংগত সংখ্যালঘূ ৰাইজৰ মাজত ব্যাপক সমাদৃত এটা দল। সেয়ে দল দুটাৰ  নীতিৰ মাজতো যথেষ্ট মিল আছে।


কিন্তু আম আদমী পাৰ্টিয়ে এআইইউডিএফৰে মিত্ৰতাৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। কাৰণ আম আদমী পাৰ্টিয়ে কেৱল মাত্ৰ সংখ্যালঘূ ভোট বেংকক লৈ ৰাজনীতি কৰাত আগ্ৰহী নহয়। দিল্লীৰ পিছত পঞ্জাৱ দখল কৰা দলটোৱে  অসমৰ চৌদিশে দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাতহে জোৰ দিছে। দ্বিতীয়তে বিগত বিধানসভা নিৰ্বাচনত এআইইউডিএফৰে মিত্ৰতাৰ অৱতীৰ্ণ হোৱাৰ বাবেই উজনি আৰু উত্তৰ অসমত কংগ্ৰেছ বিধস্ত হোৱাৰ বিষয়ে অসমৰ ৰাজনৈতিক বিশেষজ্ঞ সকলে কৰা মন্তব্যৰ প্ৰতি লক্ষ্য কৰি দলটোৱে এআইইউডিএফৰ পৰা নিলগত অৱস্থান কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে আম আদমী পাৰ্টিৰে এআইইউডিএফ মিত্ৰতাৰ দিশত বিশেষ আগবাঢ়িব পৰা নাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা