Kaliabor Accident : কলিয়াবৰৰ হাতীবন্ধাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুজন, পাঁচজন আহত

কলিয়াবৰ হাতীবন্ধাত ভয়ংকৰ দুৰ্ঘটনা। এগৰাকী মহিলাসহ দুজনৰ মৃত্যু হয় এই দুৰ্ঘটনাত।এটি শিশু, দুগৰাকী মহিলাসহ ৫জন আহত হয় এই দুৰ্ঘটনাত। এখন মালবাহী মেজিকৰ সৈতে যাত্ৰী বাহী টেম্প’ৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।

কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭নং (ক) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। তেজপুৰ পাঁচমাইলৰ পৰা জুৰীয়ালৈ আহি আছিল যাত্ৰীবাহী টেম্প’খন। আনহাতে, মালবাহী মেজিকখন তেজপুৰ অভিমুখী আছিল।
দুৰ্ঘটনাত এটা শিশুসহ পাঁচজন আহতক আৰক্ষীয়ে ততাতয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত আহতসকলক উন্নত চিকিৎসাৰ বাবে  প্ৰেৰণ কৰা হয় তেজপুৰ মেডিকেল কলেজলৈ। আহতসকল তেজপুৰ পাঁচমাইলৰ জান্নাতুৰ, মহিবুৰ ৰহমান, আৰিফুল হুছেইন, মচিনুম ৰহমান, আনোৱাৰা বেগম বুলি চিনাক্ত কৰা হৈছে।

নিহত মহিলাগৰাকী তেজপুৰৰ মাছুদা কবিৰ আৰু নিহত যুৱকজন তেজপুৰৰ আচিকুল হক। যাত্ৰীবাহী টেম্প'ৰ নাম্বাৰ AS-01-NC-4066। নম্বৰবিহীন আছিল দুৰ্ঘটনাগ্ৰস্ত মালবাহী টাটা মেজিকখন।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা