ধুবুৰীৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত


 ধুবুৰী, ২৩ মে’

আজি ধুবুৰীস্থ ৰাজীৱ ভৱনত দলীয় সাংগঠনিক বিষয় আৰু দলৰ সাংগঠনিক নিৰ্বাচন সম্পৰ্কে জিলা কংগ্ৰেছৰ  এখন গুৰুত্বপূৰ্ণ বৈঠক  অনুষ্ঠিত হৈ যায়।  ধুবুৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ছামছুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সেই বৈঠকখনত  কংগ্ৰেছৰ জিলা নিৰ্বাচনী তত্ত্বতত্ত্বাৱধায়ক বিষয়া কামাখ্যা সিং, অসম প্ৰদেশ কংগ্ৰেছ উপ-সভানেত্ৰী তথা ৪নং ধুুবুৰী লোক সভা সমষ্টিৰ তত্ত্বাৱধায়ক  জেনীফা ৰহমান, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলা কংগ্ৰেছ তত্ত্বাৱধায়ক ৰাজেশ কুমা যোশী, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা ধুবুৰী জিলা কংগ্ৰেছৰ সহ তত্ত্বাৱধায়ক ৰফিকুল ইছলাম, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুটীয়া জিন্টু হাজৰিকা, ধুবুৰী জিলাৰ  গোলকগঞ্জ সমষ্টিৰ দলীয় বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰকে ধৰি জিলা কংগ্ৰেছৰ অন্যান্য বিষয়–ববীয়াসকল উপস্থিত আছিল।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা