নলবাৰীৰ সাহপুৰৰ জেষ্ঠ নাগৰিক , বিশিষ্ট সমাজকৰ্মী , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক , অঞ্চলটোৰ সকলোৰে কাকা বুলি পৰিচিত উপেন দাসৰ মৃত্যু ##

## 
  ## সাহপুৰত শোকৰ ছাঁ  ##  

    দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী :: ২৪ মে ::     নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অৰ্ন্তগত সাহপুৰ গাওৰ জেষ্ঠ নাগৰিক , বিশিষ্ট সমাজকৰ্মী ,  সমাজ সংগঠক , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক , নাম‍াচাৰ্য্য   , কৌতুক অভিনেতা ,  অঞ্চলটোৰ সকলোৰে কাকা বুলি পৰিচিত  উপেন দাসৰ ২৩মে সোমবাৰে নিশা মৃত্যু হয় ।   তেও ১৯২৭ চনত সাহপুৰ গাওত অতি দুখীয়া পৰিয়ালত  জন্মগ্ৰহন কৰিছিল ।    চৰকাৰী চাকৰি বাদ দি তেও কৃষি কৰ্মত মনোযোগ দিছিল । গাও খনৰ লগতে অঞ্চলটোৰ  প্ৰতিঘৰ মানুহৰ  সুখ দুখ  , বিপদ আপদ  , বিয়া সবাহ  সকলোতে খা খবৰ লৈছিল । সমাজখনৰ সকলো মানুহক একগোট কৰি ৰাখিছিল ।  অঞ্চলটোৰ বিভিন্ন  অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম দিয়াৰ লগতে বিভিন্ন  অনুষ্ঠানৰ লগত মৃত্যুৰ আগমূহুত্বলৈকে  জড়িত আছিল ।  মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৯৫ বছৰ ।  মৃত্যৰ সময়ত তেও দুগৰাকী পুত্র , বোৱাৰী ,জী জোৱাই,  নাতি নাতিনী  সহ অলেখ গুণমুগ্দক এৰি থৈ যায় । তেও মৃত্যু খবৰ  পোৱাৰ লগে লগে  তেওৰ বাসগৃহত গাওবাসী ,   দল সংগঠনৰ ব্যক্তি ,  অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া , সমাজকৰ্মী  , শিল্পী , আলহী অতিথি আহি তেওৰ মৃত্যুত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু শোকসন্তপ্ত  পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।  আজি দিনৰ ভাগত গুণমুগ্ধৰ উপস্থিতি  তেও ৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা