গোসাঁইগাঁৱৰ সত্যপুৰত ডাইনী সন্দৰ্ভত সজাগতা সভা::
গোসাইগাঁও -শ্ৰীৰামপুৰ ২৩ মে:
গোসাঁইগাওঁ মহকুমাৰ সত্যপুৰত দেওবাৰে প্ৰশাসনৰ উদ্যোগত ডাইনী সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। ডাইনী আদি সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিবলৈ এই সজাগতা সভা। সভাত অংশগ্ৰহণ আদিবাসী দল সংগঠনৰ কৰ্মকৰ্তাৰ লগতে গোসাঁইগাওঁ মহকুমা প্ৰশাসনৰ ।গোসাঁইগাওঁ মহকুমাৰ সহকাৰী আয়ুক্ত আৰু দণ্ডাধীশ প্ৰিয়ঙ্কৰ প্ৰীতম ডেকা কয়, গোসাইগাঁও মহকুমাৰ গুমা বনাঞ্চল অঞ্চলত সত্যপুৰৰ মোহনপুৰ গাঁৱত যোৱা ৯ মে তাৰিখত অঞ্জলী মূৰ্মু (৪৫) নামৰ এগৰাকী চাৰি সন্তানৰ দুৰ্ভোগীয়া মাতৃয়ে অন্ধ বিশ্বাসৰ বলি হৈ ডাইনী সন্দেহত কেইটামান দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল। তাৰ পিছতে আমি এই অঞ্চলত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিবলৈ আজি সজাগতা সভা পাতিছো। পৰ্যায়ক্ৰমে আমি মহকুমাখনত সজাগতা সভা পাতিম। সদৌ চাওতাল মহিলা এছোচিয়েচনৰ উপদেষ্টা সোনমনি মুৰ্মু ভাষনত কয় যে মাদক দ্ৰব্য বৰ্জন আৰু শিক্ষা অবিহনে সমাজৰ পৰা ডাইনীৰ দৰে কুসংস্কাৰ দূৰ কৰা অসম্ভৱ।
আৰু লগতে যুব-অধিবক্তা জিতেন্দ্ৰ কুমাৰ প্ৰসাদে ভাষনত কয় যেসমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ মহিলা সকলক শিক্ষিত হ'ব লাগিব। আদিবাসী সমাজ শিক্ষিত হ'ব লাগিব। আজিৰ দিনত কুসংস্কাৰ, অন্ধবিশ্বাসৰ কথা পাহৰি শিক্ষা, যাতায়ত, চিকিৎসা আদিৰ কথা চিন্তা কৰাৰ আহ্বান। এজনী শিক্ষিত মহিলা দহ গৰাকী মহিলাৰ সমান। আদিবাসী সমাজৰ পৰা মাদক দ্ৰব্য বৰ্জন কৰিব লাগিব বুলি ডাইনী সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত ভাষণ প্ৰদান কৰা হয়।
আজিৰ ডাইনী সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত সহকাৰী আয়ুক্ত মৃদুল বড়ো, গোসাঁইগাওঁ ৰাজহ চক্ৰ বিষয়া বৃষ্টি বৰা, গোসাঁইগাওঁ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুং আৰু আদিবাসী দল সংগঠন ASSU, ACMA, STF, NSLA, APA, HSLARB ৰ নেতৃবৰ্গ উপস্থিত থাকে সজাগতা সভাখনত। সমাজ সেৱক ৰবিৰাম মুৰ্মুৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত পাঁচ শতাধিক গাওঁবাসীয়ে অংশগ্ৰহণ কৰে। সৰ্তফুৰ্ত ভাবে কেইবাখনো গাঁৱৰ মহিলা সজাগতা সভাত অংশগ্ৰহণ কৰা দেখা গৈছে।
Comments
Post a Comment