বিহালীৰ নাচবৰত বেদেতী কবি চক্ৰৰ সাধাৰণ সভা /নতুন সমিতি গঠন -------------------------------------

----আমাৰ প্ৰণাম সেৱা, বিহালী,২৪ মে'

 - বিহালীৰ অন্যতম কাব্য চৰ্চ্চাৰ অনুষ্ঠান, সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বেদেতী কবি চক্ৰৰ সাধাৰণ সভাখন যোৱা ২২ মে'ৰ দিনা নাচবৰত অনুষ্ঠিত হৈ যায় 
সম্পাদক নাৰায়ণ আচাৰ্যই আঁ‌ত ধৰা অনুষ্ঠান ভাগত সভাপতিত্ব কৰে সভাপতি দেৱৰাজ ছেত্ৰীয়ে ।
বিগত দুবছৰীয়া কাৰ্যকালৰ সম্পাদকীয় পাঠ আৰু কাব্যালোচনী 'বেদৱতী'ৰ হিচাৱ দাখিল কৰে ক্ৰমে কবি চক্ৰৰ সম্পাদক নাৰায়ণ আচাৰ্য আৰু বেদৱতীৰ সদ্ম্পাদক নিৰঞ্জন দাসে ।
 বেদেতী কবি চক্ৰৰ সাংগঠনিক দিশৰ লগতে কাব্যচৰ্চ্চাৰ পৰিৱেশ গঢ়ি তোলা আৰু নতুন প্ৰজন্মৰ মাজত কাব্যচৰ্চ্চাৰ আন্দোলন সৃষ্টি কৰা সম্পৰ্কীয় আলোচনা আগবঢ়ায় ক্ৰমে চক্ৰৰ প্ৰাক্তন সভাপতি, প্ৰতিষ্ঠিত কবি, সাহিত্যিক প্ৰদীপ কুমাৰ শৰ্মা, প্ৰতিষ্ঠিত কবি, লেখক তথা গল্পকাৰ ঘন বৰুৱা, সাহিত্যিক পেঞ্চনাৰ লক্ষ্মীকান্ত শৰ্মা, বেদৱতীৰ সম্পাদক নিৰঞ্জন দাস, কবি চক্ৰৰ প্ৰাক্তন সম্পাদক  দিগন্ত কুমাৰ দাস, ক্ৰীড়া সংগঠক, লেখক তথা বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা, কবি, লেখক সঞ্জীৱ বৰুৱাই  । 
সভাৰ আৰম্ভণিতে কল্যাণজ্যোতি শৰ্মাই এটি আধুনিক গীত আৰু সভাৰ কালাংশত গীতালী শৰ্মাই এটি বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰে । 
কবিতা পাঠৰ অনুষ্ঠানত যশোদা ছেত্ৰী, বীণা দেৱী, নাৰায়ণ আচাৰ্য, সঞ্জীৱ বৰুৱা, লক্ষ্মীকান্ত শৰ্মা, নিৰঞ্জন দাস, দেৱৰাজ ছেত্ৰী, খগেন মটক আদিয়ে একোটাকৈ কবিতা পাঠ কৰে ।
পঠিত কবিতা সমূহৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় প্ৰদীপ কুমাৰ শৰ্মাই ।
সভাত বেদেতী কবি চক্ৰৰ  আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সঞ্জীৱ বৰুৱাক সভাপতি, নাৰায়ণ আচাৰ্যক উপ-সভাপতি, দীপক শৰ্মাক সম্পাদক, নিৰঞ্জন দাস আৰু খগেন মটকক যুটীয়া সম্পাদকৰ দ্বায়িত্ব দিয়া হয় ।
আনহাতে বেদেতী কবি চক্ৰৰ মুখপত্ৰ 'বেদৱতী'ৰ সম্পাদনা সমিতিৰ বাবে প্ৰতিষ্ঠিত কবি-  গল্পকাৰ, সমালোচক ঘন বৰুৱাক সভাপতি, দিগন্ত কুমাৰ দাসক উপ-সভাপতি, দেৱৰাজ ছেত্ৰীক সম্পাদক আৰু প্ৰদীপ কুমাৰ শৰ্মা আৰু লক্ষ্মীকান্ত শৰ্মাক উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হয় ।
উল্লেখ্য যে, সভাই আগন্তুক সময়ছোৱাত বেদেতী অঞ্চলত কবিতাৰ কৰ্মশালা, সদস্য সকলৰ ঘৰে ঘৰে কবিতা পাঠৰ অনুষ্ঠান আৰু নিয়মীয়াকৈ বেদৱতী প্ৰকাশ কৰি উলিওৱাৰ ওপৰত অধিক গুৰুত্ব দিয়ে আৰু যাৱতীয় প্ৰস্তাৱ আদিও গ্ৰহণ কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা