ৰঙিয়াত মুল্য বৃদ্ধিৰ প্ৰতিবাদত বাওঁপন্থী দলৰ প্ৰতিবাদ #


দৈনিক আমাৰ প্ৰণাম, ৰঙিয়া ২৮ মে :- সমগ্ৰ ভাৰত বৰ্ষৰ পাচটা কৈ বাওঁপন্থী দলে মুল্য বৃদ্ধিৰ প্ৰতিবাদত  কেইবাটাও কাৰ্যসূচী ঘোষণা কৰিছে  । ২৫ মে'ৰ পৰা ৩১ মে লৈ ঘোষণা কৰা কাৰ্য্যসূচী মৰ্মে আজি ৰঙিয়াটো চিপি(আই) এম দলে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । ৰঙিয়া হাইৱৈ চকৰ  চৰকাৰী পৰিবহন বিভাগৰ  কাৰ্যালয় সমিপত দলটোৱে দিনৰ ১১ বজাৰ পৰা তিনি ঘন্টিয়া অৱস্থান কাৰ্যাসুচী ৰূপায়ণ কৰে । উক্ত কাৰ্য্যসূচীত   দলটোৰ কেইবাগৰাকী জেষ্ঠ নেতাই অংশ গ্ৰহণ কৰে । প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লে'কাৰ্ড লৈ মুল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী কাৰ্য্যসূচীত চিপি(আই)এমৰ নেতা নৃপেন নাথ, বিবেকানন্দ অধিকাৰী, মুকুল কলিতাকে আদি কৰি কেইবাগৰাকী নেতাই ভাষণ ৰাখি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে । নেতা গৰাকীয়ে মুল্য বৃদ্ধিৰ বাবে সাধাৰণ শ্ৰেণীৰ পৰিয়াল সমুহ সাংঘাটিক ধৰণে সমস্যাত পৰিছে বুলি কয় । এই ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে হাত সাৱটি বহি থকা বুলি অভিযোগ কৰে নেতা কৈইগৰাকীয়ে । 

ৰঙিয়াৰ পৰা নছিউৰ ৰহমান, দৈনিক আমাৰ প্ৰণাম ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা