Assam Civil Society : ৰাজ্যত বন্যাৰ্তৰ হাহাকাৰ, চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰিবলৈ বটদ্ৰৱাত উচ্ছেদ চলাইছে
বটদ্ৰৱাৰ ঘটনা গৰিহণাৰ যোগ্য। কিন্তু ঘটনাৰ আলমত নিৰীহ লোকক উচ্ছেদ চলোৱাৰ ঘটনা আক্ৰোশমূলক। ৰাজ্যত চৌদিশে বন্যাৰ্তই হাহাকাৰ কৰিছে। চৰকাৰে বানাক্ৰান্তক সহায় নকৰি ইছ্যু ডাইভাৰ্ট কৰিবলৈ উচ্ছেদ চলাইছে বুলি চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সমাজৰ।
অসমত আইনৰ শাসন নোহোৱা হৈছে। চৰকাৰ প্ৰতিশোধ পৰায়ণ হৈছে। হিংসাৰ উত্তৰ হিংসাৰে দিছে চৰকাৰে। ৰাজ্য তোলপাৰ লগোৱা বটদ্ৰৱা কাণ্ডত (Batadrawa Incident) জড়িতৰ ঘৰ উচ্ছেদ কৰাৰ পিছতে চৰকাৰক তীব্ৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ তথা অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাৰ।
হিন্দু-মুছলমানৰ এজেণ্ডা লৈ কাম কৰা চৰকাৰে নিৰীহৰ ঘৰ উচ্ছেদ কৰি প্ৰতিশোধ লৈছে বুলি মন্তব্য অজিত ভূঞাৰ। থানা জ্বলোৱা কাৰ্য গৰিহণাৰ যোগ্য। কিন্তু উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা মানিহে উচ্ছেদ চলাব লাগে বুলি মন্তব্য নাগৰিক সমাজৰ। অসমৰ প্ৰতিখন জিলাই বানৰ কবলত। ডিমা হাছাওৰ পৰিস্থিতি অবৰ্ণনীয়। তেনেস্থলত ''চৰকাৰে কি কৰিছে আমি গমেই নোপোৱাৰ দৰে হৈছোঁ'' বুলিও কয় সাংসদ অজিত কুমাৰ ভূঞাই (MP Ajit Kumer Bhuyan)।
অসমৰ বান পৰিস্থিতিক লৈ চিন্তিত নহয় কেন্দ্ৰ। কেৱল অসমৰ সম্পদ আহৰণতহে গুৰুত্ব তেওঁলোকৰ। এনে সময়ত ইছ্যু ডাইভাৰ্ট নকৰি বানত ককবকাই থকা লোকক সহায় কৰিবলৈ চৰকাৰক দাবী জনালে অসম নাগৰিক সমাজে।
হিংসাৰ উত্তৰ চৰকাৰে হিংসাৰে দিলে এখন সমাজ কোন দিশে গতি কৰিব। জেহাদীৰ কথা কৈ থলুৱা মুছলমানক অপমান কৰিছে। চৰকাৰে বানাক্ৰান্ত ৰাইজক সাহায্য দিয়ক, ডিমা হাছাওৰ কথা চিন্তা কৰক, এই বিষয়বোৰ ঢাকিবলৈ issue divert কৰিব বিচাৰিছে।
আনহাতে, বটদ্ৰৱাৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা নকৰিবলৈ আহ্বান নাগৰিক সমাজৰ। ধৰ্মীয় প্ৰৰোচনাৰ বলি নহ'বলৈ সকলো পক্ষকে আহ্বান জনালে অসম নাগৰিক সমাজে। সংৰ্ঘষ হ'লে কোনো ৰাজনৈতিক নেতা নমৰে, কোনো ধনী মানুহ নমৰে, মৃত্যু হয় কেৱল সাধাৰণ লোকৰ, ক্ষয়-ক্ষতি হয় কেৱল সাধাৰণ লোকৰ। সেয়ে ঘটনাটোক সাম্প্ৰদায়িক নকৰিবলৈ সকলো পক্ষকে অনুৰোধ জনাইছে অসম নাগৰিক সমাজে।
Comments
Post a Comment