বিহালী চাহ বাগিচালৈ এম্বুলেন্সৰ প্ৰদান বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ



অম্লান কাশ্যপ চাহা, বিশ্বনাথ, ২৪ মে' :-  বিহালী  সমষ্টিল অন্যতম এখন চাহ বাগিচা হ'ল  বিহালী চাহ বাগিচা । চাহ বাগিচাৰ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে বিধায়ক ৰঞ্জিত দত্তই । চাহ বাগিচাৰ শ্ৰমিক সকলৰ  সুবিধা হোৱাকৈ বিধায়ক উন্নয়ন পুঁজি ২০২১-২২ বৰ্ষৰে  আজি এখন এম্বুলেন্স প্ৰদান কৰে  চাহ বাগিচা খনৰ কৰ্তৃপক্ষক  বিধায়ক ৰঞ্জিত দত্তই । উল্লেখযোগ্য যে বাগিচা খনৰ শ্ৰমিক অনুসৰি  এম্বুলেন্সৰ অভাৱ আছিল । যাৰ ফলত দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছিল বাগিচা খনৰ শ্ৰমিক সকল । বাগিচা খনত থকা এম্বুলেন্সখনে শ্ৰমিক অনুপাতে ৰোগী সকলক গুৱাহাটী, তেজপুৰৰ   চিকিৎসালয়লৈ নিবলৈ  কিছু অসুবিধাৰ সন্মুখীন হৈ আছিল । ইফালে এটা অভাৱৰ কথা বিহালী চাহ বাগিচাৰ কৰ্তৃপক্ষই বিষয়টো বিধায়ক ৰঞ্জিত দত্তক অৱগত কৰাত   বিধায়ক দত্তই বাগিচাখনলৈ এখন শীতলিকৰণ এম্বুলেন্স প্ৰদান কৰে । ইফালে  বিধায়ক ৰঞ্জিত দত্তই এম্বুলেন্স প্ৰদান প্ৰসংগত কয় যে ৰাইজৰ উন্নয়নৰ কাম কৰি মই সুখী হওঁ, ৰাইজ সুখী মানে মই সুখী বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই । লগতে দত্তই কয় বৰ্তমান বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ বাগিচা সমূহৰ বাট পথৰ লগতে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বহু পৰিমাণে উন্নয়ন হৈছে ।  ভৱিষ্যতেও চৰকাৰ খনে চাহ বাগিচাৰ চিকিৎসালয় সমূহৰ অধিক উন্নয়ন কৰাৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে । এম্বুলেন্স প্ৰদান কৰা অনুষ্ঠানত  উপস্থিত থাকে  বিহালী আঞ্চলিক সভানেত্ৰী গীতা দাস, চাহ বাগিচা খনৰ 
মুখ্য পৰিচালকৰ মনোৰঞ্জন তালুকদাৰ, সহকাৰী পৰিচালক উজ্জ্বল বচদ, চিকিৎসক ডা: অভিজিৎ শৰ্মা,
কল ঘৰৰ সহকাৰী পৰিচালক
ধ্ৰুৱজ্যোতি বৰা,
বিহালী মণ্ডল বিজেপিৰ সভাপতি লাচিত বৰা, বিহালী বিজেপি  মণ্ডলৰ উপ সভাপতি দীপক চাহুকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।
আনহাতে বিধায়ক ৰঞ্জিত দত্তই বাগিচাৰ খনৰ সমস্যাটো সমাধান কৰাত বাগিচাৰ শ্ৰমিক সকল সুখী হোৱা বুলি প্ৰকাশ কৰে বাগিচা  খনৰ  মুখ্য পৰিচালক মনোৰঞ্জন তালুকদাৰে লগতে বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন  কৰে পৰিচালক গৰাকীয়ে ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা