মূল্যবৃদ্ধিৰ বাবে মাৰ পৰা গালি খাবলগীয়া হৈছে'- মন্ত্ৰী ৰঞ্জিত দাসৰ মতে, যোগান বিভাগৰ আওতাত নপৰে মূল‍্যবৃদ্ধিৰ বিষয়টো

মূল‍্যবৃদ্ধিক লৈ আমোদজনক মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।মূল‍্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে নিজ মাতৃৰ পৰাই গালি খোৱাৰ কথা স্বীকাৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ।

মন্ত্ৰী ৰঞ্জিত দাসৰ মতে যোগান বিভাগৰ আওতাত নপৰে মূল‍্যবৃদ্ধিৰ বিষয়টো। মূল‍্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা জিলা প্ৰশাসনৰহে দায়িত্ব বুলি মন্তব্য কৰে মন্ত্ৰী দাসে। মন্ত্ৰী দাসে কয় যে, 'মুৰ্গী, ব্ৰইলাৰ, কণী আৰু পাচলিৰ দাম বাঢ়িলে মই একো কৰিব নোৱাৰো।'

ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ‍্যতামূলক কৰা প্ৰসংগতো মন্তব্য মন্ত্ৰী দাসৰ। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে,  ৩১ মে'ৰ ভিতৰত ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক বাধ‍্যতামূলক কৰিছিল যোগান বিভাগে। NRC ত নাম নথকাৰ বাবে বহু উপভোক্তাই লিংক কৰিব নোৱাৰিছিল আধাৰ। আধাৰ নথকা সকলক সদ‍্যহতে OTP ৰে চাউল দিয়া ব‍্যৱস্থা কৰিব যোগান বিভাগে। আধাৰ থকাৰ পিছতো লিংক নকৰিলে নাপাব ৰেচন কাৰ্ডৰ সামগ্ৰী।'

খাদ‍্য আৰু অসামৰিক বিভাগৰ বিষয়াক গাড়ী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।

Comments