বাতৰু

# বৰপেটাৰোডত ২২ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক দুজন ড্ৰাগছ সৰবহকাৰী #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ মেঃ বৰপেটা জিলাৰ বৰপেটাৰোড আৰক্ষীয়ে কালি পুনৰ ড্ৰাগছ বিৰোধী অভিযানত নামি পৰে। এই অভিযানত অাৰক্ষীয়ে ২২ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ দুজন ড্ৰাগছ সৰবহকাৰীক অাটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বৰপেটাৰোড আৰক্ষী থানৰ অন্তৰ্গত ভালুকী গাঁওত বৰপেটাৰোড আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চলোৱা  এই অভিযানত  আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী হৈছে ভালুকী গাঁওৰ আলী হুছেইনৰ পুত্ৰ মহিদুল ইছলাম (২৯)আৰু আন গৰাকী হৈছে বালাভিঠা গাঁওৰ মুকাদ্দেচ আলীৰ পুত্ৰ জাহিৰ শ্বাহ (২২) । বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছৰ পৰিমাণ ৩২.৫৭  গ্ৰাম হব। পিছে ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীক আটক কৰি বৰপেটাৰোড আৰক্ষী থানালৈ লৈ আহে আৰু অধিক তদন্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি অাৰক্ষীয়ে জানিব দিয়ে। (ফটো অাছে)


বিজনীত অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন।


দৈনিক আমাৰ প্ৰণাম , ২৬ মে চিৰাং ,


চিৰাং জিলা বিজনী মহকুমাৰ অন্তৰ্গত ১ অগ্ৰং আৰু ৭০৫ নং কাউৱাটিকা শিশু পাঠশালাত মডেল অংগনবাদী কেন্দ্ৰৰ আজি আধাৰশিলা স্থাপন কৰে ।  আধাৰশিলা স্থাপন কৰে  বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়ে। এই অনুষ্ঠানত চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ,বিজনী মহকুমাধিপতি ৰাহুল গুপ্তা সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে। উল্লেখ্য মুঠ ২৫ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ হব এই অংগনবাদী কেন্দ্ৰ।



গোসাইগাঁও মহকুমাৰ নইছাপুৰ তালাতোলা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰাত বন্দনা আৰু অনুশাসনে আপ্লুত কৰিলে ৰাইজকঃ


গোসাইগাঁও -শ্ৰীৰামপুৰ ২৬ মে’: চৰকাৰি বিদ্যালয়ৰ শিক্ষাৰ মানদন্দ তথা আন্তঃ গাঠনিৰ মূল্যায়ন কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোসাইগাঁৱতো প্ৰতিখন বিদ্যালয়ত পালন হৈছে গুনোৎসৱ ৷ গোসাইগাঁও মহকুমাৰ তথা গোসাইগাঁও শিক্ষাখন্ডৰ অন্তৰ্গত নইছাপুৰ তালাতোলা প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত গুনোৎসৱৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাই ৰাইজক আকৰ্ষিত কৰিছে ৷ গুনোৎসৱৰ তৃতীয়  দিনাৰ আদিতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা প্ৰাত বন্দনা তথা অনুশাসনে উপস্থিত ৰাইজ তথা মুল্যাঙ্কণ বিষয়াক আপ্লুত কৰি তুলিছে ৷ উল্লেখ্য যে গোসাইগাঁও মহকুমাৰ অতি ভিতৰুৱা আদবাসী অধ্যুশিত এলেকাত স্থিত ২০০৬ চনত প্ৰতিষ্ঠা লাভ কৰা  বিদ্যালয়খন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অভাবত বন্ধ হোৱাৰ উপক্ৰম হৈছিল ৷ তেনে সময়তে পাঁচ বছৰ মান পূৰ্বে শ্ৰীৰামপুৰ নিবাসী দুলাল চন্দ্ৰ শিল আৰু গৰেশ্বৰৰ নিবাসী কুমুদ কলিতা যোগদান কৰাৰ পাচতেই বিদ্যালয়খনত শিক্ষাৰ মানদন্দ যথেষ্ট উন্নত হৈছে ৷ মাত্ৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা সম্প্ৰতি ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহন কৰি আছে ৷ শিক্ষকদ্বয়ৰ শিক্ষা প্ৰদানৰ একাগ্ৰতা আৰু বিদ্যালয়ৰ শিক্ষাৰ পৰিবেশ লক্ষ্য কৰি ব্যক্তিগত বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী উক্ত বিদ্যালয়ত নাম ভৰ্তি কৰিছে বুলি শিক্ষকদ্বয়ে জানিব দিয়ে ৷ চৰকাৰি বিদ্যালয়ৰ শিক্ষাৰ মানদন্দ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে  ব্যক্তিগত বিদ্যালয়ক ফেৰ মাৰি বিদ্যালয়খন আগুৱাই যোৱা ঘটনাই পুনৰ প্ৰমান কৰিলে যে শিক্ষকে মন মেলিলে যিকোনো পৰিবেশত তথা যিকোনো ছাত্ৰ-ছাত্ৰীক শুশিক্ষা প্ৰদান কৰি সুনাগৰিক গঢ়িব পাৰে ৷ আজিৰ গুনোৎসবত বিদ্যালয়খনৰ মূল্যাংকন কৰিবৰ বাবে ধুবুৰী জিলাৰ হালাকুৰা কলেজৰ সহকাৰী অধ্যাপক ইব্ৰাহিম হুছেই শেখ উপস্থিত হোৱাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি নাথানিয়াল মূৰ্মু আৰু অবসৰপ্ৰাপ্ত অধ্যক্ষ নূৰ মোঃ শেখ উপস্থিত থাকে ৷ল


বিজনীত আমছুৰ ৪২ সংখ্যক শ্বহীদ দিৱস উদযাপন 

দৈনিক আমাৰ প্ৰণাম ,২৬ মে , চিৰাং 


চিৰাঙৰ বিজনী জিলা আমছুৰ উদ্যোগত উদযাপন কৰা হয় ৪২ সংখ্যক  শ্বহীদ দিৱস । উল্লেখ্য বিগত ১৯৮০ চনৰ ২৬মে'ৰ  দিনাখন  ভাষিক আৰু ধৰ্মীয়  সংখ্যালঘু সকলৰ নাৰ্য্য প্ৰাপ্তিৰ দাবীত আমছুৰ উদ্যোগত  বিজনীৰ দেউকুৰাপাৰৰ পৰা এক শোভাযাত্ৰা উলিওৱা হৈছিল।
বিজনীৰ আৰক্ষীৰ গুলীত  ১৩ গৰাকীকৈ প্ৰতিবাদী  শ্বহীদ হয়। উক্ত ১৩ গৰাকী শ্বহীদ ক্ৰমে  অনিল নমঃ দাস,গোপাল সাহা,নিৰ্মল সৰকাৰ,বজলউদ্দিন শেখ, বিশ্বজিৎ কুণ্ডু,মনিৰুদ্দিন শেখ,ৰমেন সৰকাৰ,শ্ৰীমন্ত বৰ্মন, সুফল বাৰৈ,হৰিপদ বৰ্মন,সুনীল চন্দ্ৰ মণ্ডল, মিজানুৰ ৰহমান আৰু আব্দুৰ ছাট্টাৰ। উক্ত শ্বহীদ সকলৰ স্মৃতিত বৃহস্পতিবাৰে বিজনীৰ দেউকুৰাপাৰৰ জনতা লাইব্ৰেৰীৰ চৌহদত থকা আমছুৰ শ্বহীদ বেদী প্ৰাংগণত ৪২ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয় । আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ কৰে ৰেজাউল কৰিম সৰকাৰ আৰু বিশিষ্ট সমাজকৰ্মী সুবীৰ কুমাৰ দাসে । পাছত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । সভাত আমছুৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰী, আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, কেন্দ্ৰীয় শিক্ষা সম্পাদক আবুল কালাম আজাদ,  বিশিষ্ট সমাজ কৰ্মী সুবীৰ কুমাৰ দাস, সদৌ বিটিআৰ বাঙালী যুৱ -ছাত্ৰ ফেডাৰেশ্বনৰ সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ, অসম তৃণমূল কংগ্ৰেছৰ চিৰাং জিলা সমিতিৰ আহ্বায়ক  অনিৰ্বান সেন, বিজনী জিলা আমছুৰ সভাপতি ৰছুল খান, সম্পাদক জাহেদ আলীসহ   আমছুৰ নেতৃবৃন্দ উপস্থিত থাকে । শ্বহীদ দিৱসৰ  সৈতে সংগতি ৰাখি কেইগৰাকীমান দুখীয়া লোকৰ মাজত বিজনী জিলা আমছুৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।


ধুবুৰী আদালতত উত্তপ্ত পৰিৱেশ – আদালত চৌহদত আৰক্ষী বিষয়াই অধিবক্তা এগৰাকীক অস্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ

ধুবুৰী, ২৬ মে’

আজি বিয়লিৰ ভাগত ধুবুৰী আদালত চৌহদত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। কেতিয়া নঘটা, নাভূত–নাশ্ৰুত ঘটনাৰ সূত্ৰপাত ঘটাই অকষ্মাতে আদালতৰ বাৰান্দাত এগৰাকী আৰক্ষী বিষয়াৰে  আদালতৰ একাংশ অধিবক্তাৰে দূৰ্বাদল কাজিয়াৰ আৰম্ভ হোৱা দেখা যায় । ধুবুৰী অধিবক্তা সন্থাৰ সম্পাদক আব্দুল চামাদে কৰা অভিযোগ অনুসৰি আজি ধুবুৰীৰ কলেজ নগৰ আৰক্ষীয়ে গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৫গৰাকী ব্যাক্তিকে ধৰি এগৰাকী অধিৱক্তাক আদালতলৈ অনা হৈছিল। পিছত উক্ত গোচৰটোৰ আই অ’ৰূপে থকা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি নাথে আদালতলৈ অনা সেই অধিবক্তাগৰাকীক ডাবি–ধমকি দিয়া পায় ধুবুৰী আদালতৰ  অইন এগৰাকী জ্যেষ্ঠ অধিবক্তা জমশেৰ তালুকদাৰে। বিৱৰণি অনুসৰি,  সেই প্ৰত্যক্ষ কৰি   চৰকাৰী খাকী পোচাক পৰিধান নকৰা অৱস্থাত থকা সেই আৰক্ষী বিষয়াগৰাকীক সংযত হ’বলৈ আহ্বান জনায় অধিবক্তা তালুকদাৰে। অভিযোগ অনুসৰি, ল’গে ল’গে জাঙুৰ খাই ধুবুৰীৰ কলেজ নগৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে পিস্তল উলিয়াই আদালতৰ বাৰান্দাতে অধিবক্তা জমশেৰ তালুকদাৰক ভাৱূকি প্ৰদান কৰে। এই ঘটনাক লৈ আদালতত  উপস্থিত থকা  অধিবক্তাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পিছত আদালতলৈ ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ উপস্থিত হয় আৰু  পৰিস্থিতিৰ শাম কাটে। ইপিনে আজিৰ এই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰী অধিবক্তা সন্থাই আৰু সন্থাৰ সম্পাদক আব্দুল চামাদে অনতি পলমে আৰক্ষী  বিষয়া নাথক নিলম্বন কৰাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি ধুবুৰীৰ আৰক্ষী অধীক্ষকগৰাকীৰ ওচৰত দাৱী জনাইছে।  শেহতীয়া ভাৱে, গৰুৰ চোৰাং সৰবৰাহকাৰীৰূপে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অধিবক্তা জনৈক ছামিয়ুল হ’ক আনছাৰীক  ধুবুৰী আদালতে জামিন প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী


*বৰপেটাৰ ৩ থলুৱা আটছবাজী উদ্যোগীলৈ প্ৰশাসনৰ জাননী*    //////।                 *নিৰ্দিষ্ট ঠাইৰ পৰিবৰ্তে নীতি বৰ্হিভূত ভাবে ঘৰতে সাজিছে ফটকা, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি*                                


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৭ মে': নীতি বৰ্হিভূত জনবহুল অঞ্চলত আটছবাজী উৎপাদন কৰি থকা বৰপেটাৰ তিনিটা উদ্যোগলৈ জিলা উদ্যোগ বিভাগৰ পৰা জাননী জাৰী কৰা হৈছে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ নিৰ্দেশ ক্ৰমে বৰপেটাৰ মনি চোনা আটছবাজী, লখিমী আটছবাজী আৰু মনোৰঞ্জন আটছবাজী উদ্যোগলৈ সকীয়নি মূলক জাননী জাৰী কৰা হৈছে। উল্লেখযোগ্য যে, বৰপেটা চহৰৰ দাঁতি কাষৰীয়া জনবসতিহীন গণককুছীত অসম চৰকাৰে থলুৱা আটছবাজী উদ্যোগী সকলৰ বাবে আধুনিক সা-সুবিধাযুক্ত উদ্যোগিক পাম নিৰ্মাণ কৰি উৎপাদনৰ সুবিধা কৰি দিছিল যদিও উক্ত প্ৰতিষ্ঠান কেইটাই তাত উৎপাদনৰ কাম নকৰি নীতি বৰ্হিভূত ভাবে নিজৰ থকা ঘৰতে ফটকা নিৰ্মাণৰ কাম কৰি আহিছে। ইয়াৰ ফলত জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি শংকাৰ সৃষ্টি হোৱাৰ উপৰি বায়ুমণ্ডল প্ৰদূষিত হৈ জনস্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। সেয়ে যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ সভাত এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰি জনতাৰ সুৰক্ষাৰ স্বাৰ্থত এনে কাৰ্য অবিলম্বে বন্ধ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সেই অনুসৰি জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহা প্ৰৱন্ধকে মাৰ্চ মাহত তিনিওটা ক্ষুদ্ৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ গৰাকী যথাক্ৰমে মৰমী পাঠক, অচিন্ত পাঠক আৰু নলিনী পাঠকলৈ জাননী প্ৰেৰণ কৰে। তৎস্বত্তেও তেওঁলোকে কোনো সঁহাৰি নিদিয়াত যোৱা ১৮ মে'ত জিলা দণ্ডাধীশ তেজ প্ৰসাদ ভূচালে এক নিৰ্দেশ জাৰি কৰি জনবহুল অঞ্চলত এনে বিপজ্জনক বিস্ফোৰক সামগ্ৰীৰ প্ৰস্ততি সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰে। এই সম্পৰ্কতে যোৱা ২৬ মে'ত প্ৰতিষ্ঠান কেইটালৈ উদ্যোগ বিভাগৰ পৰা পুণৰ জাননী জাৰী কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, পূৰ্বেও এনেদৰে নিজৰ ঘৰতে আটছবাজী প্ৰস্তুত কৰাৰ ফলত অঘটন সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থতে এই ব্যৱস্থা গ্ৰহণ কৰিছে। অচিৰেই এনে কাৰ্য বন্ধ নহলে প্ৰশাসনে তেনে প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে আইনগত ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সকীয়াই দিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা