news

# অনাতাঁৰ শিল্পী কনিকা কৃষ্ণ বুজৰ বৰুৱালৈ অসম আদিত্য বঁটা # 

দৈনিক আমাৰ প্ৰণাম, ৰঙিয়া ২৯ মে' :- অনাতাঁৰ শিল্পী কনিকা কৃষ্ণ বুজৰবৰুৱাই এই বাৰ ২০২২ বৰ্ষৰ অসম আদিত্য সাংস্কৃতিক বাঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ৰঙিয়াৰ সমাজ জীৱনৰ লগত জৰিত হৈ সদায় সাংকৃতিক ক্ষেত্ৰখন কেনেদৰে আগুৱাই নিব পাৰি সেই চিন্তা কৰি অহা কনিকা কৃষ্ণ বুজৰ বৰুৱাই এনেদৰে "কালচাৰেল অসম"ৰ তৰফৰ পৰা বঁটা লাভ কৰাত ৰঙিয়াৰ সাংস্কৃতিক ক্ষেত্ৰখনত জৰিত ব্যক্তি সকলে আনন্দিত হৈ পৰা দেখা গৈছে । বিশেষকৈ কামৰূপীয়া লোকগীতৰ প্ৰতি কেনেদৰে নতুনকৈ উঠি অহা যুৱ চামক আকৃষ্ট কৰিব পাৰি তেনেধৰণৰ চেষ্টা অব্যহত ৰাখিছে কনিকা কৃষ্ণ বুজৰ বৰুৱাই । ৰঙিয়াৰ লগতে মহকুমাটোৰ বিভিন্ন প্ৰান্তত সংগীত শিল্পী গৰাকীয়ে লোকগীতৰ কৰ্মশালা অনুষ্ঠিত কৰি নৱ প্ৰজন্মৰ শিল্পী সকলৰ আপোন হৈ পৰা দেখা গৈছে । ইফালে ৰঙিয়াৰ ভাগ্যপ্ৰীয়া মহিলা নামতি দল আৰু ভাগ্যপ্ৰীয়া জেংবিহুৰ দলৰ জৰিয়তে ৰঙিয়া মহকুমাৰ লগতে কামৰূপ জিলাৰ বিভিন্ন ঠাইত নাম আৰু জেংবিহু পৰিবেশন কৰি কনিকা কৃষ্ণ বৰুৱাই সকলোৰে সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে । 

ৰঙিয়াৰ পৰা নছিউৰ ৰহমান । দৈনিক আমাৰ প্ৰণাম ।


# সনকুছি কল'নীৰ কো-অপাৰেটিভ ছ'চাইটিৰ ভূমিত বেদখলঃ বেদখল উচ্ছেদৰ দাবী #

 
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ মেঃ বৰপেটা চহৰৰ সমীপৰ সনকুছি কল'নীত ১৯৮১ চনতে স্থাপিত সনকুছি প'ল্ট্ৰি কো-অপাৰেটিভ ছ'চাইটিৰ নামত আৱন্টিত ভূমিত  বেদখল হোৱাত সেই বেদখল উচ্ছেদ কৰিবলৈ দাবী জনাইছে  ৷ ইপিনে ছ'চাইটিৰ ভূমিত মাদ্ৰাছা নিৰ্মাণৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰাৰ পিছত  বৰপেটা আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে ৷ খিলঞ্জীয়া মুছলমান লোকে স্থাপন কৰা ছ'চাইটিখনৰ ২৮ বিঘা ভূমিত বিগত প্ৰায় ৫ বছৰ ধৰি একাংশ সন্দেহজনক লোকে ঘৰ দুৱাৰ সাজি বেদখল কৰাৰ লগতে ছ'চাইটিখনৰ পুখুৰী আদিও দখল কৰি লৈছে ৷
আনকি ছ'চাইটিৰ সদস্যসকলে মাছ মাৰিবলৈ গলে বা অইন কামত গলেই বেদখলকাৰীসকলে অস্ত্ৰ শস্ত্ৰ লৈ আক্ৰমণ কৰাৰ লগতে বেদখলকাৰী পৰিয়ালসমুহৰ একাংশ যুৱতী মহিলাই লগ হৈ পৰিকল্পিত ভাবেই  নিজৰ কানি কাপোৰ ফালি ধৰ্ষণৰ মিছা অভিযোগেৰে ছ'চাইটিখনৰ সদস্যসকলক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন হৈছে  ৷ শেহতীয়াভাৱে ছ'চাইটিৰ ভূমিত মাদ্ৰাছা নিৰ্মাণৰ কৰিবলৈ লোৱাত  আশ্চৰ্য প্ৰকাশ কৰিছে সদস্য সকলে ৷বৰপেটাৰ খিলঞ্জীয়া মুছলমান লোকৰ  ছ'চাইটিখনৰ ভূমিত চলা বেদখল উচ্ছেদৰ বাবে ব্যৱস্থা লবলৈ সমিতিৰ সদস্যসকলে ৰাজ্য চৰকাৰক দাবী জনাইছে ৷


# মেঘালয়ৰ নংপুৰ চাংবাংলাত তেলৰ টেংকাৰে মহতিয়াই নিলে বহৰিৰ যুৱককঃ মেঘালয় আৰক্ষীত কৰ্মৰত আছিল মৃত জগন্নাথ দাস #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৮ মেঃ প্ৰতিবেশী ৰাজ্য মেঘালয়ত আজি সংঘটিত এটা পথ দূৰ্ঘটনাত বহৰিৰ এগৰাকী যুৱকে কৰুণভাৱে মৃত্যুক সাৱটি লয় ৷ মেঘালয় আৰক্ষীত কৰ্মৰত যুৱকজনক এখন টেংকাৰে মহতিয়াই নিয়াৰ ফলত যুৱকজনৰ থিতাতে মৃত্যু হয় ৷ দূৰ্ঘটনাটোত মৃত যুৱকজন বহৰি কুমাৰপাৰাৰ বিষ্ণুৰাম দাসৰ পুত্ৰ জগন্নাথ দাস (৪০) বুলি জানিব পৰা গৈছে ৷ আজি যুৱকজনে নলবাৰীৰ শহুৰেকৰ ঘৰৰ পৰা মেঘালয়ৰ নিজ কৰ্মস্থলীলৈ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত এ এছ ২৫ ই চি ৭৮২৭ নম্বৰৰ তেলৰ টেংকাৰখনে পিচফালৰ পৰা যুৱকজনক মহতিয়াই নিয়ে ৷ টেংকাৰৰ চকা যুৱকজনৰ দেহৰ ওপৰেৰে পাৰ হৈ যোৱাৰ ফলত তেওৰ থিতাতে মৃত্যু হয় ৷ ১৯৮২ চনৰ ১ মাৰ্চত জন্মগ্ৰহন কৰা জগন্নাথ দাসে ২০০২ চনত মেঘালয় আৰক্ষীত যোগদান কৰি লেঞ্চনায়ক হিচাপে কৰ্মৰত আছিল ৷ জানিবপৰামতে ৩ মাহৰ অন্তঃসত্বা পত্নীৰ খবৰ লহলৈ তেও নলবাৰীৰ শহুৰৰ ঘৰলৈ আহিছিল ৷ পত্নী অন্তঃসত্বা হোৱাৰ বাবে পিতৃৰ ঘৰত থকা পত্নীৰ খবৰ লৈ আজি কৰ্মস্থলীলৈ ৰাওণা হোৱাৰ সময়তে এনেদৰে দূৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰাৰ ঘটনাক লৈ বহৰিত গভীৰ শোকৰ  ছাঁ পৰিছে ৷ আজি শ্বিলঙত তেওৰ মৰোণোত্তৰ পৰীক্ষা হোৱাৰ পিচত আৰক্ষী মুখ্যালয়লৈ নি মৃতকৰ প্ৰতি চালামী জনায় মেঘালয় আৰক্ষীয়ে ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰেই যুৱকজনৰ পিতৃ মেঘালয়লৈ গৈছে ৷ আজি নিশাৰ ভাগলৈ যুৱকজনৰ শৱদেহ নিজ ঘৰ আহি পোৱাৰ কথা ৷
(ফটো আছে)

# বিনা দোষত কণ-কণ ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাতঃ  শৈক্ষিক পৰিৱেশ বিনষ্টঃ মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষৰ টোঘলকী কাণ্ডত অতীষ্ঠ অভিভাৱক ৰাইজ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,, ২৮মেঃ বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ  তথা ৪৫ নং  বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া বৰদলনিত অৱস্থিত মন্দিয়া আদৰ্শ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সম্প্ৰতি বিনষ্ট হোৱা বুলি বিদ্যালয়খনত অধ্যয়নৰ'ত ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱক ৰাইজে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে,  বিদ্যালয়খনত শাখা শ্ৰেণীসহ মুঠ ১৯টা শ্ৰেণীত পাঠদান কৰিব লাগে যদিও শিক্ষক- শিক্ষয়িত্ৰীৰ সংখ্যা বৰ্তমান অধ্যক্ষসহ মাত্ৰ ৯জন বুলি জানিব পৰা গৈছে। যাৰফলত সিংহভাগ শ্ৰেণীত পাঠদান নহয়। পিছে প্ৰতিদিনে  আবেলি ২\৩ বজালৈকে স্কুল চৌহদত আৱদ্ধ কৰি ৰখা ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ এটা নাইবা দুটা পিৰিয়ড পাঠদান কৰিয়েই দায়িত্ব সামৰে। বিদ্যালয়খনত প্ৰায় প্ৰতিটো শ্ৰেণীতেই দীৰ্ঘদিনৰ পৰা অংক বিষয়ৰ পাঠদান নহয় বুলি ছাত্ৰ ছাত্ৰী সকলে অভিযোগ কৰিছে। স্মৰ্তব্য যে, পাঠদান নোহোৱাত  শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত  উৰহৰ খং ভগা ঢাৰিত  জাৰাৰ দৰে অধ্যক্ষ জনে ফুলকুমলীয়া কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক উধাই-মুধাই বেতেৰে কোবোৱা পৰিলক্ষিত হৈছে। ইপিনে প্ৰথম অৱস্থাত অভিভাৱক সকলে ছাত্ৰ ছাত্ৰীয়ে দুষ্টামি কৰাৰ বাবে কোবাব পাৰে বুলি গুৰুত্ব দিয়া নাছিল। কিন্ত অধ্যক্ষজনে প্ৰতিদিনে শ্ৰেণীত পাঠদান নোহোৱা অৱস্থাত এনেকৈ বেতেৰে কোবোৱা কাৰ্যত সম্প্ৰতি  ক্ষোভিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক ৰাইজ। বিদ্যালয়খনত টোঘলকী কাণ্ড  অব্যাহত ৰখা অধ্যক্ষ হাফিজুৰ ৰহমান খানে প্ৰাৰ্থনাৰ সময়ত হাত দুখন সম্পূৰ্ণ পোনকৈ দাঙিব নোৱাৰাৰ বাবেই, এজন কণমানীক শিকাই দিয়াৰ পৰিবৰ্তে বেতেৰে নিৰ্দয় ভাবে কোবাই দাগ বহুৱা কাৰ্যত প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰীৰ অভিভাৱক ,স্থানীয় সচেতন ৰাইজ হতবাক হৈ পৰিছে। এইক্ষেত্ৰত কণমানি ছাত্ৰী জনীৰ অভিভাৱকে জানিবলৈ দিয়া মতে ছাত্ৰীজনী ঘৰতেই  ফেঁকুৰি- ফেঁকুৰি কান্দি আছে আৰু ভয়তেই বিদ্যালয়লৈ নাযায় বুলি মাক-দেউতাকক কৈ আছে। জানিব পৰা মতে অধ্যক্ষজনে দীৰ্ঘদিন অভিভাৱকৰ সভা আহ্বান নকৰা, মধ্যাহ্ন ভোজনৰ আহাৰ  মূখত দিব নোৱাৰি বহুতো ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ আহাৰ নোখোৱা, ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক অধ্যক্ষ জনে সময় নিদিয়া আদি বিষয়বোৰ গুনোৎসবৰ দিনা উপস্হিত থকা মূল্যায়ণ বিষয়াক অৱগত কৰাৰ পিছৰে পৰাই অধ্যক্ষ জনে ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্বিচাৰে-শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে অভিভাৱক ৰাইজে। অকল সেয়াই  নহয় বিদ্যালয়খনত নামভৰ্তিকলৈও অধ্যক্ষ জনে স্বজন-তোষণ নীতি লোৱা বুলি নাম প্ৰকাশত অনিচ্ছুক একাংশ অভিভাৱক ৰাইজে মন্তব্য কৰিছে। অতিশীঘ্ৰে অধ্যক্ষ জনৰ টোঘলকী কাণ্ড বন্ধ কৰাৰ বাবে পৰিচালনা সমিতিৰ সভাপতি তথা বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোনবৰ চুতীয়াক দাবী জনোৱাৰ লগতে শিক্ষকৰ অভাৱ পূৰণ কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উভতাই  আনিবলৈ শিক্ষা বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় সচেতন মহলৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক ৰাইজে।  (ফটো অাছে)

বিজনীৰ পানবাৰী বৌপাৰাত ভয়াবহ অগ্নিকাণ্ড 

দৈনিক আমাৰ প্ৰণাম ,২৮ মে , চিৰাং 

চিৰাঙৰ বিজনী পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৌপাৰাত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । ৰমজান আলি এটা টিনপাতৰ ঘৰত  অগ্নিকাণ্ড সংগঠিত হয়।  অগ্নিকাণ্ডৰ ফলত  টিনপাতৰ ঘৰ সহ পহু ধন, ধান, চাউল, কাগজ পত্ৰ জুইত জাহ যায়।
অগ্নিকাণ্ডৰ ফলত ৫ লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ড বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰে সূত্ৰপাত হোৱাৰ সন্দেহ।স্থানীয় ৰাইজে আৰু 
ঘটনাস্থলীত পানবাৰী আৰক্ষীয়ে উপস্থিত হৈ অগ্নি  নিৰাপন কৰিবলৈ সক্ষম হয়। ঘটনাস্থিলীত পানবাৰী আৰক্ষী চক্ৰ বিষয়া প্ৰবিত্ৰ খনিকৰ উপস্থিত হয় ।

# বাঘবৰৰ কিছমত মইনবড়ীত  পানীত পৰি কিশোৰৰ মৃত্যুু #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮মেঃ বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিছমত মইনবড়ীত আজি পুৱা পানীত পৰি এটি কিশোৰৰ মৃত্যু হোৱা ঘটনাই অঞ্চল টোত শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে কিছমত মইনবড়ীৰ ফজৰ আলীৰ   এঘাৰ বছৰীয়া পুত্ৰ চহিম উদ্দিনে খেলি থকা অৱস্হাত মানাহ নদীৰ সুতি এটিত কেনেবাকৈ পৰি যায় ৷ পিছত ৰাইজে মানাহৰ সুঁতিটোত  কিশোৰ গৰাকীক উদ্ধাৰৰ বাবে অভিযান চলোৱাত কিশোৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন অালী অাহমেদ  চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ  প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷

কোকৰাঝাৰ জিলাৰ ঢোলমাৰা গাওঁত সংঘটিত কৰা নাবালিকা ধৰ্ষণ সতে জড়িত তিনিও গৰাকী ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী - আক্ৰাছুৰ প্ৰাক্তন নেতা বিশ্বজিৎ ৰায় 





দৈনিক আমাৰ প্ৰণাম ,২৮ মে , চিৰাং 
----------------------------

কোকৰাঝাৰ জিলাৰ ঢোলমাৰা গাওঁত সংঘটিত কৰা নাবালিকা ধৰ্ষণ সতে জড়িত তিনিও গৰাকী ধৰ্ষণকাৰীক দৃষ্টান্তমূলক কঠোৰ শাস্তি বিহিবলৈ দাবী কৰিছে -
আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে ৷ কৰায়ত্ত কৰা এগৰাকী ধৰ্ষণকাৰীয়ে আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ খোজাৰ পিচতো এনকাউণ্টাৰ কৰাৰ নামত কিয় ভৰিত গুলিয়ালে । বুকুত বা মুৰত গুলিয়াই কিয় হত্যা নকৰিলে ৷ এয়া ধৰ্ষণকাৰীৰ প্ৰতি আৰক্ষীৰ পুতৌ নেকি ? বিশ্বজিৎ ৰায়ে ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰি আহত কৰাৰ সলনি লিংগ আৰু হাতৰ আঙুলি কাতি শাস্তি প্ৰদানৰ পোষকতা কৰে ৷
সেইদৰে দিনদুপৰতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকী জ্বলাই দিয়া কাৰ্যক তীব্ৰ নিন্দা কৰাৰ লগতে দোষী সকলোৰ বিৰুদ্ধে কঠোৰ শাস্তি দিবলৈ দাবী জনায় বিশ্বজিৎ ৰায়ে ।



জনসংযোগ, কামৰূপ প্ৰেছ বাৰ্তঃ

*বিশ্ব স্বাস্থ্য সন্মত ঋতুস্ৰাৱ দিৱস উপলক্ষে কামৰূপ জিলা প্ৰশাসনে আয়োজন কৰিলে বিশেষ অনুষ্ঠানৰ*

আমিনগাওঁ, ২৮ মে’-  বিশ্ব স্বাস্থ্য সন্মত মাহেকীয়া ঋতুস্ৰাৱ দিৱস উপলক্ষে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁওস্থিত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান (Guwahati Biotech Park)ৰ প্ৰেক্ষাগৃহত আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখ্য যে প্ৰতি বছৰে মে’ মাহৰ ২৮ তাৰিখে এই দিৱসৰ আয়োজন কৰা হয়। এই দিৱসৰ মূল লক্ষ্য হ’ল ঋতুস্ৰাৱ সম্বন্ধীয় সকলো অন্ধবিশ্বাস দূৰ কৰি মাহেকীয়াৰ সময়ত  স্বাস্থ্যসন্মত বিধি-বিধান মানি চলাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰা।

কামৰূপ জিল প্ৰশাসনে এই দিশত এক ইতিবাচক বাতাবৰণ সৃষ্টি কৰাৰ বাবে বিগত এবছৰ ধৰি প্ৰতি মাহৰ ২৮ তাৰিখে সমাজৰ বিভিন্ন স্তৰত এই বিষয়ে নানা ধৰণৰ সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

আজি এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাইড্ ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই কামৰূপ জিলা প্ৰশাসনে ঋতুস্ৰাৱ সম্বন্ধীয় ভ্ৰান্ত ধাৰণা তথা অন্ধ বিশ্বাস ইত্যাদি দূৰ কৰি স্বাস্থ্যসন্মত তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে মাহেকীয়া হোৱাৰ সময়খিনি পাৰ  কৰাৰ দিশত সজাগতা মূলক কাৰ্যসূচী গ্ৰহণৰ দিশত গ্ৰহণ কৰি অহা বিশেষ ভূমিকাৰ শলাগ লয়।  তেওঁ লগতে কয় যে পুৰুষ আৰু প্ৰকৃতি হল ভগৱানৰ সৃষ্টি। ভগৱানৰ এই সৃষ্টিত নাৰীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। সেয়েহে প্ৰকৃতি প্ৰদত্ত ঋতুস্ৰাৱৰ সময়খিনিত আমি ভ্ৰান্ত ধাৰণাৰ ওপৰত গুৰুত্ব নিদি বিজ্ঞানসন্মত তথা স্বাস্থ্যসন্মত দিশবোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰে। 

অনুষ্ঠানত বিশিষ্টা অভিনেত্ৰী নিশিতা গোস্বামী, আৰ জে পল্লৱী, ৰিত্তিকা চেত্ৰী, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনেও মাহেকীয়াৰ সময়ত গ্ৰহণ কৰিব লগীয়া স্বাস্ব্যসন্মত বিধি-বিধানৰ বিভিন্ন দিশ সামৰি বক্তব্য প্ৰদান কৰে।

অনুষ্ঠান উপলক্ষে কামৰূপ জিলা প্ৰশাসনে বিগত এবছৰ ধৰি গ্ৰহণ কৰি অহা ঋতুস্ৰাৱ সম্বন্ধীয় বিভিন্ন সজগতামূলক কাৰ্যসূচীৰ অৱলোকনেৰে প্ৰস্তুত কৰা এক ভিডিঅ’ প্ৰদৰ্শন কৰাৰ উপৰি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

অনুষ্ঠানৰ লগত সংগতি ৰাখি তুলাৰাম বাফনা চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত বৰুৱা,  ৱাচ ইন ইনষ্টিটিউচনৰ ৰাজ্যিক কনচালটেন্ট বৰ্ণালী ঘোষ, এন আই পি চি চি ডিৰ সহকাৰী সঞ্চালক ঋতু জিউ গোস্বামী আৰু প্ৰকল্প ‘’বালা’’ৰ শুভজিৎ বাগচিক কামৰূপ জিলাত স্বাস্থ্যসন্মত ঋতুস্ৰাৱ সম্বন্ধীয় অনলাইন প্ৰশিক্ষণ প্ৰদানৰ দিশত লোৱা বিশেষ ভূমিকাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়।

অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা প্ৰশাসনৰ বিষয়া, ছাত্ৰ-ছাত্ৰীকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

বি.বি/২৮-০৫-২০২২


# লখিমপুৰত ভাৰতীয় শিক্ষণ মণ্ডলৰ গোট গঠন #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ মেঃ বিগত ৫০ বছৰতকৈ অধিককাল শিক্ষাক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় শিক্ষণ মণ্ডলৰ এটি গোট যোৱা ২৬ মেত লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ জৰিয়তে গঠিত হয়৷ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উক্ত বৈঠকত পৌৰোহিত্য কৰে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই আৰু ভাৰতীয় শিক্ষণ মণ্ডলৰ ফালৰ পৰা সভাত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ তথা বিশ্ববিদ্যালয় শিক্ষণ মণ্ডল গোটৰ সভাপতি ড° হৰিপ্ৰসাদ শৰ্মাৰ লগতে ভাৰতীয় শিক্ষণ মণ্ডল ,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰয়৷ ভাৰতীয় শিক্ষণ মণ্ডলৰ লক্ষ্য তথা উদ্দেশ্য সম্পৰ্কে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰীকৰণত লোৱা শিক্ষণ মণ্ডলৰ ইতিবাচক ভূমিকা সম্পৰ্কে অধ্যাপক শৰ্মাই বিতংভাৱে আলোকপাত কৰে৷ আনহাতে ড° নীলমোহন ৰয়ে ভাৰতীয় শিক্ষণ মণ্ডলৰ গৌৰৱময় ইতিহাস ,সংগঠনটোৰ সাতটা গতিবিধি তথা পাঁচটা কাৰ্যবিধিৰ জৰিয়তে সম্পন্ন কৰি অহা শিক্ষণ মণ্ডলৰ কামকাজৰ এটি নাতিদীৰ্ঘ খতিয়ান দাঙি ধৰে৷ শেষত সভাই লখিমপুৰত শিক্ষণ মণ্ডলৰ এটি গোট গঠনৰ পোষকতা কৰে৷ অাৰু এই সভাতে ভাৰতীয় শিক্ষণ মণ্ডলৰ ফালৰ পৰা অধ্যক্ষ ড° লোহিত হাজৰিকা , ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই আৰু এল টি কে কলেজৰ ৰসায়ন বিঞ্জান বিভাগৰ মুৰব্বী অধ্যাপক ড° দেৱজিৎ দত্তক শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অৰিহণাৰ বাবে শিক্ষণ মণ্ডলৰদ্বাৰা প্ৰকাশিত এলানি গ্ৰন্থৰ টোপোলাৰ লগতে এখনিকৈ মানপত্ৰ প্ৰদান কৰা হয়৷ সভাত বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° মহীধৰ পূজাৰী , উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰী সমন্বিতে ভালেমান শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা বিদ্বৎমণ্ডলী উপস্থিত থাকে৷ সভাত অধ্যক্ষ ড° লোহিত হাজৰিকাক সভাপতি আৰু ড° দেৱজিৎ দত্তক সম্পাদকৰূপে লৈ ভাৰতীয় শিক্ষণ মণ্ডলৰ 'লখিমপুৰ গোট' গঠন কৰা হয়৷ অসমীয়া বিভাগৰ অধ্যাপিকা ড° বিভা দত্তই আঁতধৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰীয়ে ৷ অন্তিমত শান্তিমন্ত্ৰৰে সভাখনৰ সমাপ্তি বুলি  অধ্যক্ষ লোহিত হাজৰিকাই ঘোষণা কৰা বুলি জানিবলৈ দিয়ে ভাৰতীয় শিক্ষণ মণ্ডল ,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰয়ে৷ (ফটো অাছে)


# জনিয়াৰ কিছমত মইনবড়ীত  পানীত পৰি কিশোৰৰ মৃত্যুু #

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা,২৮মেঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টি তথা  কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিছমত মইনবড়ীত আজি পুৱা পানীত পৰি এটি কিশোৰৰ মৃত্যু হোৱা ঘটনাই অঞ্চল টোত শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে কিছমত মইনবড়ীৰ ফজৰ আলীৰ   এঘাৰ বছৰীয়া পুত্ৰ চহিম উদ্দিনে খেলি থকা অৱস্হাত মানাহ নদীৰ সুতি এটিত কেনেবাকৈ পৰি যায় ৷ পিছত ৰাইজে মানাহৰ সুঁতিটোত  কিশোৰ গৰাকীক উদ্ধাৰৰ বাবে অভিযান চলোৱাত কিশোৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন অালী অাহমেদ  চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ  প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷


# বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত পালনামৰ আয়োজন #

 প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৮মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক,একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বৃহৎ অসমীয়া জাতি গঠনত গুৰুজনাই দেখুওৱা আদৰ্শকে অনুধাৱন কৰি 'এক দেৱ এক সেৱ এক বিনে নাহি কেৱ'-কৃষ্ণ সংস্কৃতিৰে জগৎগুৰু জনাই ধুৱাহাট বেলগুৰিত পতা প্ৰথম পালনামৰ আৰ্হিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামনি অসমৰ সুন্দৰী থানৰ যক্ষ খেদিবলৈ সাত দিন সাত ৰাতি থাপিছিল প্ৰথমবাৰৰ পালনাম। পঞ্চ তীৰ্থ পৰিনত মহাপুৰুষ জনাৰ স্থাপিত সুন্দৰীদিয়া সত্ৰ, যত গুৰুজনাই ১৪বছৰ আৰু ৬মাহ বাস কৰা আদিভিঠি ,যক্ষ খেদা ভিঠি ,জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সহধৰ্মিনী কালিন্দী আইয়ে পাটবাউসীৰ সত্ৰৰ পৰা সুন্দৰীলৈ আহি বাসকৰা বাসস্থান। কালিন্দী আইয়ে দুৰ্লভ মনুস্যজনমৰ শেষ নিশ্বাস এই সত্যত হৰিগুণ শ্ৰৱণ কৰি কীৰ্ত্তন কৰি বৈকুণ্ঠলৈ গতি কৰিছিল। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই একশৰণ হৰিনাম ধৰ্মৰ গূঢ়তত্ব সাত দিন সাত ৰাতি আতাপুৰুষ সকলক লৈ কৰা আলোচনাৰ অন্তত কলখাই বাকলি পেলোৱা ঘাটত গুৰুজনাই বৰদোৱা থানত আকাশী গংগা নমাই অনাৰ দৰেই কলয়া গংগা নমাই অনা পবিত্ৰ কলঘাট।নামঘোষা, বৰগীত, চোৰধৰা, পিম্পৰা গুছোৱা, অৰ্জুন ভঞ্জন, ভোজন বেহাৰ, ভক্তি ৰত্নাৱলী আদিকে ধৰি কূলুপীয়া ঘোষাৰে গুৰুজনাৰ ৰচিত কীৰ্ত্তনঘোষাৰ নাম কীৰ্ত্তন কৰি কৃষ্ণ নামত আতাপুৰুষ সকলক শৰণ বস্তু দিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কৰ্মভূমি সুন্দৰীদিয়া সত্ৰত পূৰ্বতে গুৰুজনাই দি থৈ যোৱা নাম ডাকনিৰে পালনাম পতাৰ আৰ্হিৰেই এইবেলিও চলিত জ্যৈষ্ঠ মাহৰ দ্বিতীয় পষেকত অহা ২৬,২৭ আৰু ২৮ তাৰিখ ৫৭৩ শংকৰাব্দ(১০,১১ আৰু ১২জুন ২০২২ খ্ৰীষ্টাব্দ) শুক্ৰবাৰ,শনিবাৰ আৰু ৰবিবাৰে তিনিদিনীয়াকৈ পালনাম আয়োজন কৰা হৈছে।২৬ জেঠ শুক্ৰবাৰে সত্ৰৰ ৰাতিপুৱা অনুস্থিতব্য নিত্য প্ৰসংগৰ পিছত সময় ১০ বজাত পালনামৰ শুভাৰম্ভ কৰিব সত্ৰৰ বুঢ়াভকত প্ৰভাত আতৈয়ে। ওজা পাঠক হিচাপে মুখ্যতঃ সত্ৰৰ বুঢ়াভকত, ডেকাসত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, হেমেন বৰুৱা, দেৱ শইকীয়াৰ উপৰিও ওজাপাঠক মুনিদেৱ অধিকাৰী আৰু সুন্দৰীদিয়া সত্ৰই যোৱা ৫৩৪ সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোৎসৱত প্ৰদান কৰা সুন্দৰীদিয়া সত্ৰৰ মহাদেৱ বঁটা প্ৰাপক, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু সুন্দৰীৰ সুন্দৰীৰ সুসন্তান বশিষ্ঠ শৰ্মাক আমন্ত্ৰণ জনোৱা হব।সুন্দৰীদিয়া সত্ৰৰ বৈঠকী সমূহে দিয়া অনুমোদন ক্ৰমে মহাপুৰুষ ধৰ্মত শৰণ লোৱা পাঠক সকল, সুন্দৰীদিয়া সত্ৰৰ হাটীসমূহৰ ভকত বৃন্দ, বঢ়াৰ পোনাম দল, গুৰু কৃপা নাম দল, বুঢ়া আতা নামদলৰ সদস্য ভকত বৃন্দই নিৰ্ধাৰিত সময়সূচী অনুযায়ী পালনামত অংশগ্ৰহণ কৰিব। সুন্দৰীদিয়া সত্ৰৰ শাখা সত্ৰসমূহক সত্ৰ পৰিচালনা সমিতি আৰু পালনাম পৰিচালনা সমিতিয়ে সুন্দৰীদিয়া সত্ৰত অনুস্থিতব্য পালনামলৈ সহযোগিতা আৰু উপস্থিতি কামনাৰে নিমন্ত্ৰনৰ বতৰা আগবঢ়াইছে।একশৰণ হৰিনাম ধৰ্মত ব্ৰতী ভক্তি প্ৰাণ ভকত সজ্জন ,বাপ বান্ধৱ, আই মাতৃ সকল তথা সদাশয় ৰাইজলৈ পালনামত আন্তৰিক উপস্থিতি কামনা কৰা হৈছে। অহা ২৮ জেঠ ৰবিবাৰে সত্ৰৰ আবেলিৰ প্ৰসংগৰ পিছত সময় আবেলি ৩বজাত পালনামৰ তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণিত প্ৰসাদ বিতৰণ কৰা হব। সুন্দৰীদিয়া সত্ৰৰ পালনাম ভাগিত দূৰণীবতিয়া ভক্তসকলৰ সুবিধাৰ্থে সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিৰ দূৰভাষ নম্বৰ  ৬০০০৪-৫৫৮৮৬ উল্লেখ কৰাৰ লগতে পালনামলৈ আগবঢ়াব বিচৰা প্ৰনামী সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিৰ ইউনিয়ন বেংক অফ ইণ্ডিয়া,সুন্দৰীদিয়া শাখাত থকা সঞ্চয়ী হিচাপ নং 4672020100447543 আৰু IFSC-UBIN0546721ত আগবঢ়াব পাৰিব। প্ৰকাশ যে বিগত দুটা বছৰ কৰোনা কালিন ব্যাঘাতত অনুষ্ঠিত কৰিব নোৱাৰা সুন্দৰীদিয়া সত্ৰৰ তিনিদিনীয়াকৈ পূৰ্বৰ পৰা পাতি অহা পালনাম ভাগি এইবেলিও সত্ৰৰ ধৰ্মীয় আৰু সত্ৰীয়া ৰীতি নীতিৰে অনুষ্ঠিত কৰাৰ বাবে যোৱা ৭ জেঠত সত্ৰৰ পকী চোতালত বহা বৈঠকীসমূহৰ সভাই সত্ৰৰ ডেকাসত্ৰীয়া নিৰ্মল অধিকাৰীক সভাপতি, তৰণীসেন শইকীয়াক সম্পাদক, ডিম্বেশ্বৰ দাসক সহকাৰী সম্পাদক হিচিপে লৈ এখন একৈশ জনীয়া কমিটি আৰু সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি নৃপেন্দ্ৰনাথ গায়ন , সম্পাদক ভূধৰ দাসকে ধৰি সত্ৰপৰিচালনা সমিতিৰ সোতৰজনীয়া কমিটি, প্ৰাক্তন বিষয় ববীয়াক লৈ বিভিন্ন উপ সমিতি গঠন কৰি সুন্দৰীদিয়া সত্ৰৰ বৈঠকীসমূহৰ সভাই পালন পৰিচালনাৰ গুৰুদায়িত্ব ন্যস্ত কৰে আৰু সকলো ভক্তি প্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰে। পালনাম পৰিচালনা সমিতিয়ে কৃষ্ণ নাম শ্ৰৱণ কীৰ্ত্তনৰ এই তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰ আগে আগে সত্ৰৰ চৌহদ আৰু সত্ৰলৈ অহা মুখ্য পথ সমূহ চাফ চিকুণ কৰাৰ বাবে ৰাজহুৱা চাফাই কাৰ্যসূচী গ্ৰহণ কৰি পৰিবেশ নিকাকৰণ কাৰ্যসূচী অহা ২০ জেঠ ৰবিবাৰে ৰাতিপুৱা গ্ৰহণ কৰা হৈছে সম্পাদক তৰণীসেন শইকীয়াই জনাইছে।


# জনিয়াৰ ছুনপুৰা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাঃ চৰকাৰলৈ দৃষ্টি নিক্ষেপৰ দাবী ৰাইজৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ মেঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টি তথা মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ছুনপুৰা বাজাৰ প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি ৰাজ্য  চৰকাৰৰ শিক্ষা বিভাগৰ পয়ালগা ছবি উদঙাই দিছে ৷ পিছে কুকুৰাৰ গৰাল সদৃশ এচলীয়া চালিৰ তলত কৰিবলগীয়া হৈছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান ৷ উল্লেখ্য যে,বিগত ২০২০-২১ বৰ্ষত বিদ্যালয়খনে অতিৰিক্ত শ্ৰেণী কোঠা বনোৱাৰ বাবদ পাঁচ লাখ টকা আবন্টন লাভ কৰে  যদিও তাৰে এটা কিস্তিৰ ১ লাখ ৭৫ হেজাৰ টকা আজিও নোপোৱাৰ কাৰণে নিৰ্মাণৰ কাম আধৰুৱা হৈ থকা বুলি জানিবলৈ দিয়ে বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিপু ওঁজাই ৷ যাৰ ফলত ৰ'দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজতেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে অবুজ ছাত্ৰ-ছাত্ৰীয়ে ৷ সেয়ে এইক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনৰ দৃষ্টি নিক্ষেপৰ দাবী জনাইছে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। (ফটো অাছ)

# জনিয়াৰ ছুনপুৰা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাঃ চৰকাৰলৈ দৃষ্টি নিক্ষেপৰ দাবী ৰাইজৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ মেঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টি তথা মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ছুনপুৰা বাজাৰ প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি ৰাজ্য  চৰকাৰৰ শিক্ষা বিভাগৰ পয়ালগা ছবি উদঙাই দিছে ৷ পিছে কুকুৰাৰ গৰাল সদৃশ এচলীয়া চালিৰ তলত কৰিবলগীয়া হৈছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান ৷ উল্লেখ্য যে,বিগত ২০২০-২১ বৰ্ষত বিদ্যালয়খনে অতিৰিক্ত শ্ৰেণী কোঠা বনোৱাৰ বাবদ পাঁচ লাখ টকা আবন্টন লাভ কৰে  যদিও তাৰে এটা কিস্তিৰ ১ লাখ ৭৫ হেজাৰ টকা আজিও নোপোৱাৰ কাৰণে নিৰ্মাণৰ কাম আধৰুৱা হৈ থকা বুলি জানিবলৈ দিয়ে বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিপু ওঁজাই ৷ যাৰ ফলত ৰ'দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজতেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে অবুজ ছাত্ৰ-ছাত্ৰীয়ে ৷ সেয়ে এইক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনৰ দৃষ্টি নিক্ষেপৰ দাবী জনাইছে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। (ফটো অাছ)


দৰিদ্ৰতা নহয় প্ৰতিভাৰ হেঙাৰ --- এই কথা প্ৰমাণ কৰিলে তামুলপুৰৰ বিজয় দাসে।


নয়নজ্যোতি দাস, তামুলপুৰ, 28 মে'

দৰিদ্ৰতাই কেতিয়াও প্ৰতিভাৰ  লুকাই ৰাখিব নোৱাৰে। তাৰেই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতক  বিজ্ঞান শাখাৰ চতুৰ্থ ষাণ্মাসিকত অধ্যয়নৰত এজন যুৱকে। অসমীয়াৰ স্বাভিমান গামোচাত যুৱকজনৰ হাতত প্ৰাণ পাই উঠিছে অসমৰ জাতীয় সংগীতৰ লগতে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা,  দীপালী বৰঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা,  মামণি ৰয়ছম গোস্বামী, হিৰেন ভট্টাচাৰ্য,  জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভাৰ তথা অসমৰ কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেং ঘৰ, কামাখ্যা মন্দিৰ। এই প্ৰতিভাৱান যুৱক জন হৈছে তামুলপুৰ জিলাৰ বৰখোপা গাঁৱৰ শুক্ৰ দাস শৰণীয়া আৰু জোনালী দাসৰ পুত্ৰ বিজয় দাস(20)। বিজয় সৰুৰে পৰাই অত্যন্ত মেধা সম্পন্ন এজন প্ৰতিভাৱান যুৱক। অধ্যয়নৰ সমান্তৰালভাৱে  সংগীত, কবিতা, প্ৰবন্ধ, নৃত্য কলাৰ সতে জড়িত এগৰাকী প্ৰতিভাবান যুৱক। যুৱক জনৰ আচলতে অসমীয়া জাতীয় সত্বাৰ প্ৰতি এক বিশেষ সচেতনতা থকাও পৰিলক্ষিত হয়। পিতৃ শুক্ৰ দাস শৰণীয়া এগৰাকী ৰিক্সা চালক, মাতৃ এগৰাকী সু গৃহিণী । পিতৃ-মাতৃ ৰ  কষ্ট দেখি বিজয়ে নিজেই দিনে নিশাই গামোচা বৈ সেইবোৰ বিক্ৰী কৰি নিজৰ পঢ়াৰ খৰচ উলিয়ায়। সৰুতে মাতৃয়ে তাত শালত বহি কাপোৰত ফুল বছা দেখি নিজেও তাত শালত বহাৰ ইচ্ছা প্ৰকাশ কৰা বিজয়ে  মাতৃৰ অনুপ্ৰেৰণা আৰু অসমীয়া জাতি, কৃষ্টি সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা ভালপোৱাৰ বাবেই এনেদৰে অসমীয়াৰ স্বাভিমান গামোচাত স্বনামধন্য ব্যক্তি সকলৰ লগতে অসমৰ কীৰ্তি চিহ্ন সমূহ উপস্থাপন কৰা কথা ব্যক্ত কৰে ।###


Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা