হাউলী জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তীৰ পূৰ্ণাংগ সমিতি গঠন #
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২২ মেঃ বৰপেটা জিলাৰ হাউলীৰ আগশাৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান হাউলী জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে আজি কলেজত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । ৰূপালী জয়ন্তী উদযাপনৰ সমিতিৰ কাৰ্যকৰী সভাপতি নৃপেন পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ হয় । তদুপৰি ৰূপালী জয়ন্তী সূচাৰু ৰূপে উদযাপন কৰাৰ বাবে বিত্ত, স্মৃতিগ্ৰন্থ, ব্যৱস্হাপনা, খাদ্য, সাংস্কৃতিক, প্ৰচাৰ, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ-সমিতি, আলোচনা চক্ৰ, চিকিৎসা আৰু স্বাস্থ্য, অভ্যৰ্থনা আৰু সম্বৰ্ধনা, স্বেচ্ছাসেৱক, ক্ৰীড়া, প্ৰাক্তন ছাত্ৰ সন্থা, উপহাৰ কুপন খেল পৰিচালনা, সাংস্কৃতিক শোভাযাত্ৰা, বিদ্যুৎ আৰু জল আৰু কৰ্ণধাৰ সমিতিয়ে ধৰি মুঠ ১৭খন উপ-সমিতি গঠন কৰা হয় । সভাত উপ - সমিতি সমূহৰ সভাপতি - সম্পাদক নিৰ্বাচিত কৰি উক্ত সমিতি সমূহৰ সদস্য ভুক্ত কৰি লোৱাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰিও আজিৰ কাৰ্যনিৰ্বাহক সভাত চলিত বৰ্ষৰ ৯, ১০ আৰু ১১ ডিচেম্বৰত ৰূপালী জয়ন্তী উদযাপন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে, ৰূপালী জয়ন্তী উদযাপনৰ বাবে ইতিমধ্যে কুমাৰ দীপক দাসক সভাপতি, নৃপেন পূজাৰীক কাৰ্যকৰী সভাপতি আৰু হাউলী জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল চন্দ্ৰ কলিতা আৰু উপেন দাসক সম্পাদক হিচাপেলৈ ১০২ জনীয়া এখন মূল সমিতি গঠন কৰা হৈছে । প্ৰকাশ্য যে, হাউলী জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে হাউলী বাসী ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতা বিচাৰিছে উদযাপন সমিতিয়ে । (ফটো অাছে)
Comments
Post a Comment