'মই কংগ্ৰেছ দল ত্যাগ কৰা নাই! ৰাইজে মোক ভালপাই কাৰণে অন্য দললৈ যাম বুলি ওলাই থাকে'- অৱশেষত স্থিতি স্পষ্ট কৰিলে ৰকিবুল হুছেইনে

কংগ্ৰেছ দলৰ সকলো পদবীৰ পৰা পদত্যাগ কৰিলে নেকি প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে?  এই খবৰকলৈ বৃহস্পতিবাৰে তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি। প্ৰাক্তন মন্ত্ৰীজনৰ পৰা প্ৰতিক্ৰিয়া বিচৰাত তেওঁ হজৰ পৰা আহি দিল্লীত উপস্থিত হৈ সকলো কথা খুলি কব বুলি জনাইছিল। আৰু দিল্লীত উপস্থিত হোৱাৰ পিছত শুকুৰবাৰে বিষয়টোৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

ৰকিবুল হুছেইনে কয় যে, 'মই পদত্যাগ কৰা নাই। ৱাজেদ আলি চৌধুৰীয়ে কিয় কৈছে তেওঁ জানে। কালিৰ পৰা দলৰ হৈ আৰু অধিক সক্ৰিয় হৈ কাম কৰিম। ৰাইজে মোক ভাল পাই বাবে মই অন্য দললৈ যাম বুলি ওলাই থাকে।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা