নবেম্বৰ মাহত বৰপেটাত অনুষ্ঠিত হ'ব নখান্দা নাট মহোৎসৱ

**#


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা ২২ মে ঃ চলিত বৰ্ষৰ অহা নবেম্বৰ মাহত দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হ'ব নখান্দা নাট মহোৎসৱ ৷ ২১ মে'ৰ সন্ধিয়া বৰপেটাৰ তৰুণ ৰাম ফুকন স্মৃতি ভৱনত  গঠন হয় নখান্দা নাট মহোৎসৱ পৰিচালনা সমিতিখন ৷ নাট মহোৎসৱত বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা চিন্ময় দাস, লিয়াকৎ আলীৰ উপৰিও উদীয়মান নাট পৰিচালক আৰু অভিনেতা জয়ন্ত দাসে একোখনকৈ নাট মঞ্চস্থ কৰিব ৷ নাট মহোৎসৱৰ লগত সংগতি ৰাখি অবিভক্ত বৰপেটা জিলা ভিক্তিত একক অভিনয় প্ৰতিযোগিতাও অনুষ্ঠিত হব ৷ 
 নবেম্বৰ মাহৰ ২৬ আৰু ২৭ তাৰিখে নখান্দা নাট মহোৎসৱ অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে  ৷ নখান্দা নাট মহোৎসৱ উদযাপনৰ বাবে শুভজ্যোতি দাসক সভাপতি,  সঞ্জীৱ দাসক সম্পাদক, খনীন্দ্ৰ নাথ দাস আৰু হিমাংশু দাসক সহকাৰী সম্পাদকৰ উপৰি স্মৰণিকাৰ বাবে প্ৰিয়ৰঞ্জন দাসক  সভাপতি আৰু মৃণাল পি জ্যোতিক সম্পাদক  হিচাপে লৈ নখান্দা নাট মহোৎসৱ উদযাপন সমিতিখন গঠন কৰা হৈছে ৷ সমিতিখনত উপদেষ্টা হিচাপে আছে ডাঃ কমল কৃষ্ণ দাস, কুশল কুমাৰ বায়ন আৰু 
 ডঃ বিৰিঞ্চি কুমাৰ দাস উপদেষ্টা হিচাপে আছে বুলি প্ৰচাৰ সম্পাদকদ্বয় মহানন্দ পাঠক অাৰু  নৱদ্বীপ দাসে জানিবলৈ দিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা