ধুবুৰী পৌৰসভাৰ ১৩ নং ওৱাৰ্ড আয়ুক্তৰ অনুসূচিত জনজাতিৰ প্ৰমাণ পত্ৰকলৈ ৰহস্য-


তথ্য জনাৰ আইনত উন্মোচিত প্ৰমাণ পত্ৰৰ নাই কোনো ৰেকৰ্ড প্ৰশাসনৰ ওচৰত 

ধুবুৰী, ২৫ মে'


তথ্য জনাৰ আইনৰ অধীনত কৰা এক আৱেদনৰ ভিত্তিত প্ৰশাসনে প্ৰদান কৰা এক তথ্যই ধুবুৰী পৌৰসভা ৱাৰ্ড আয়ুক্ত এগৰাকীলৈ  বিপদ কঢ়িয়াই অনাৰ এক সম্ভাৱনাৰ উদয় হৈছে। উল্লেখ্য যে, সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত ধুবুৰীৰ ১৩ নং ৱাৰ্ডটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল। সেই অনুসৰি বিজেপিয়ে ৱাৰ্ডটোৰ পৰা জনৈক দোলা বিশ্বাসক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল আৰু দিঠকত গৈ বিজেপি প্ৰাৰ্থীগৰাকায়ী তেখেতৰ নিকটতম প্ৰাৰ্থী অগপৰ জনৈক সোমা ৰয়ক পৰাজিত কৰি ১৩  নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ৰূপে নিৰ্বাচিত হৈছিল। কিন্ত ৱাৰ্ডটোৰ পৰাভূত অগপ প্ৰাৰ্থী সোমা ৰয়ে বিজয়ী দোলা বিশ্বাসৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰক লৈ সন্দেহ উত্থাপিত কৰিছিল। পিছলৈ গৈ পৰাভূত অগপ প্ৰাৰ্থীগৰাকীৰ স্বামী পান্থ কুমাৰ পালে তথ্য জনাৰ আইনৰ অধীনত ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত দোলা বিশ্বাসৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সন্দৰ্ভীয়  তথ্য বিচাৰি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত ৩০-০৩-২০২২ তাৰিখে এখন আৱেদন কৰিছিল।  উক্ত আৱেদনৰ ভিত্তিত যোৱা ২৪ মে’ৰ দিনা প্ৰশাসনে তেখেতক প্ৰদান কৰা পত্ৰত  ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয় অথৱা চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ১৩নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত দোলা বিশ্বাসৰ কোনো ধৰণৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ ৰেকৰ্ড  নাই বুলি স্পষ্ট ভাৱে উল্লেখ থকা বুলি জনাইছে পালে। এই ঘটনাই ‘ধুবুৰীৰ ১৩নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰৰ সৈতে দিয়া অনুসূচিত জাতিৰ প্ৰমাণপত্ৰখন জালিয়াতিৰে সংগ্ৰহ কৰিছিল নেকি বুলি এক প্ৰশ্ন উত্থাপিত হৈছে। আনহাতে ধুবুৰীস্থ অসম গণ পৰিষদৰ কাৰ্য্যালয়ত আয়োজিত এক সংবাদমেলত  সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত ধুবুৰীৰ ৩, ১৩ আৰু ১৫ নং ৱাৰ্ডৰ পৰা অৱতীৰ্ণ হোৱা  প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ জিলা প্ৰশাসনে সঠিক ভাৱে পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপিত কৰে অগপৰ ধুবুৰী বিধান পৰিষদৰ সভাপতি দিলীপ কুমাৰ সৰকাৰে। ল’গতে ভূৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো স্পষ্ট হৈ পৰাৰ পিছত ধুবুৰী পৌৰসভাৰ ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত দোলা বিশ্বাসৰ বিৰূদ্ধে জিলা প্ৰশাসনে আইনগত ব্যৱস্থা লোৱাৰ আহ্বানো জনায় অগপৰ ধুবুৰী বিধান পৰিষদৰ সভাপতি গৰাকীয়ে ।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা