বিজনীত TMC ৰ জিলা সমিতিৰ সংবাদ মেল

 ।

দৈনিক আমাৰ প্ৰণাম ,২৫ মে , চিৰাং 
----------------


চিৰাঙৰ বিজনীত বুধবাৰে অসম তৃণমূল কংগ্ৰেছৰ চিৰাং জিলা সমিতিৰ আহ্বায়ক অনিৰ্বাণ সেনে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন সংবাদ মেল সম্বোধন কৰে । বিজনী প্ৰেছ ক্লাবত আয়োজিত এই সংবাদ মেলত অনিৰ্বাণ সেনে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ক তীব্ৰ সমালোচনা কৰি কয় যে বিধায়ক গৰাকীৰ ১ বছৰ ১৫ দিনীয়া কাৰ্যকালত অজয় কুমাৰ ৰায় সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । তাৰোপৰি, নিৰ্বাচনৰ পূৰ্বে বিজেপি ক্ষমতালৈ আহিলে ডিটেনশ্যন কেম্প বন্ধ কৰিম বুলি দম্ভালি মৰা বিধায়ক অজয় কুমাৰ ৰায় এই ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলিও অনিৰ্বাণ সেনে সংবাদ মেলখনত ব্যক্ত কৰে। আনহাতে,  তৃণমূল কংগ্ৰেছক সমালোচনা কৰা বিধায়ক অজয় কুমাৰ ৰায়ক উভতি ধৰি অনিৰ্বাণ সেনে কয় যে এটা সময়ত অজয় কুমাৰ ৰায় বিভিন্ন দলৰ সক্ৰিয় সদস্য আছিল   । আনহাতে,  বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁও সমূহত অব্যাহত থকা হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে অনিৰ্বাণ সেনে  । ইফালে,  ৰাজ্যিক বিজেপিৰ মৎস্য কোষৰ সদস্য বিশ্বজিৎ সৰকাৰে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতো যোগদান নকৰা বুলি এখন সংবাদ মেলৰ জৰিয়তে মন্তব্য কৰা সন্দৰ্ভত উভতি ধৰি অনিৰ্বাণ সেনে তথ্য সহকাৰে বিশ্বজিৎ সৰকাৰে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰা বুলি সংবাদ মেলত সদৰি কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা