দেওচুঙাত বনৰীয়া হাতীৰ তাণ্ডৱ, বাসগৃহ লণ্ড-ভণ্ড




গোৰেশ্বৰ,২৪ মেঃ

তামুলপুৰ জিলাৰ উত্তৰ প্ৰান্তৰ ভাৰত-ভূটান সীমান্তবৰ্তী গাঁও সমূহত বনৰীয়া হাতীৰ সন্ত্ৰাস অৱ্যাহত আছে ৷ প্ৰতিটো নিশাই অঞ্চলটোৰ দৰিদ্ৰ জন সাধাৰণে উজাগৰি নিশা কটাব লগীয়া হৈছে ৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰ আৰু অঞ্চলটোৰ বৰনদী অভয়াৰণ্যৰ পৰা ওলাই অহা প্ৰকণ্ড,প্ৰকণ্ড বনৰীয়া হাতীৰ জাকে গ্ৰাম্য অঞ্চলটোৰ কৃষক ৰাইজৰ ভৰালৰ ধান, মালভোগ কলৰ বাগান, মূল্যবান গছ গছনি খাই, ভাঙি তহিলং কৰাৰ উপৰিও ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা ( ২৩ মে ) অঞ্চলটোৰ দেওচুঙা গাঁৱত নিশা প্ৰায় ১১ বজাত বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা দুটা দতাল হাতীয়ে অঞ্চলটোৰ দেওচুঙা গাঁৱৰ বিনয় বৰ্মন আৰু বীৰ বাহাদুৰ ৰায়ৰ পৰিয়ালৰ কেইবাটাও বাসগৃহ, আচবাব আদি ভাঙি ক্ষতিসাধন কৰে লগতে ভড়ালৰ ধান-চাউলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী খাই বিনষ্ট কৰে । উল্লেখযোগ্যযে বন্য হস্তীয়ে ক্ষতিগ্ৰস্ত কৰা বিনয় বৰ্মনৰ ল'ৰাৰ অহা ২৬ মে'ত শুভ বিবাহৰ দিন ৷ ফল স্বৰূপে পৰিয়ালটোৱে নিমন্ত্ৰীত অতিথি সকলক আপ্যায়ণৰ বাবে বজাৰ কৰি ঘৰখনতে মজুত কৰি ৰখা সকলো খাদ্য, সামগ্ৰী চাউল,দাইল,আলু তথা অন্যান্য সামগ্ৰী সমূহ হাতীয়ে খাই বিনস্ত কৰে ৷ সম্প্ৰতি চিন্তান্বিত হৈ পৰা লোকজনে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জন প্ৰতিনিধি ৰণেন্দ্ৰ নাৰ্জাৰীক কিছু আৰ্থিক সাহায্যৰ বাবে অনুৰোধ জনাইছে ৷ ইপিনে, বৃহত্তৰ অঞ্চলটোত নিশা হলেই বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই আহিছে ৷ ফলত অঞ্চলটোৰ জনসাধাৰণে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ প্ৰতি নিশাই অঞ্চলটোৰ ৰাইজে ফটকা ফুটাই,ঢোল,তাল,টিন আদি বজাই,জুই ধৰি নিশা হাতী খেদিবলৈ চেষ্টা কৰে যদিও অঞ্চলটোৰ ৰাইজ ব্যৰ্থ হৈ পিছুৱাই আহিব লগীয়া পৰিবেশৰ সৃষ্টি হয় ৷ উল্লেখযোগ্যযে গাঁওবাসীয়ে হাতী অহাৰ সময়ত বন বিভাগৰ লোকক খবৰ দিয়ে যদিও নিশাৰ ভাগত বিভাগৰ লোক উপস্থিত নোহোৱাৰো অভিযোগ উঠিছে ৷ ফল স্বৰূপে জীয়া যম স্বৰূপ বন্য হস্তীৰ ভয়ত সন্ত্ৰাসিত অঞ্চলটোৰ জনসাধাৰণৰ জীৱন তথা সা-সম্পত্তিৰ প্ৰতি ভাবুকি স্বৰূপ বনৰীয়া হাতীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ তথা বন বিভাগৰ ওচৰত দাবী জনাইছে ৷


গোৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা