Yasin Malik Life Imprisonment: য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড দিল্লীৰ আদালতৰ

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিক (Yasin Malik)ক বুধবাৰে দিল্লীৰ আদালতে সন্ত্ৰাসবাদীক পুঁজি যোগানৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পূৰ্বে মালিকে তেওঁৰ বিৰুদ্ধে উত্থআপিত সকলো অভিযোগকে ধৰি  অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (Unlawful Activities Prevention Act (UAPA)ৰ অধীনৰ গোচৰত থকা সকলো অভিযোগ স্বীকাৰ কৰিছিল। IPCৰ ধাৰা ১২১ (ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱা) আৰু UAPAৰ ১৭ ধাৰা ( সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰা)ৰ অভিযোগত NIA আদালতে আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ই বিচ্ছিন্নতাবাদী নেতাগৰাকীৰ মৃত্যুদণ্ড (Death Penalty) বিচাৰিছিল।

মালিকক  ১০ লাখতকৈ অধিক জৰিমনা বিহাৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বিভিন্ন ধাৰাত আদালতে পৃথকে বিভিন্ন পৰিমাণৰ জৰিমনা আৰোপ কৰে।

উল্লেখ্য যে য়াছিন মালিকৰ বিৰুদ্ধে বায়ুসেনাৰ বিষয়াক হত্যাৰ আন এক গোচৰ চলি আছে। বৰ্তমান মালিকক তিহাৰ জেইলত ৰখা হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা