সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত পোষ্ট দিয়া সাগৰ দাস নামৰ যুৱকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ।

*
আমাৰ প্ৰণাম সেৱা‌ ওৰাং।
শেহতীয়াকৈ আলফা স্বাধীনলৈ বহু যুৱক-যুৱতী যোগদান কৰাৰ সময়তে আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি ৰঙা ঘৰৰ আলহী হ'ল ওৰাঙৰ এজন যুৱক।
ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলী গাঁৱৰ সাগৰ দাস নামৰ এজন যুৱকক আজি ওৰাং আৰক্ষীয়ে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত পোষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ওৰাং আৰক্ষীয়ে আলফাৰ সমৰ্থক হোৱাৰ সন্দেহত তথা আলফাৰ হৈ সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে সাগৰ দাস নামৰ যুৱকজনক। ওদালগুৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চাইবাৰ অপৰাধ শাখাই বহুদিনৰ পৰাই পৰ্যৱেক্ষণত কৰি ৰাখিছিল আলফাৰ হৈ সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা সাগৰ দাস নামৰ যুৱকজনক। ওৰাং আৰক্ষীয়ে গোচৰ নম্বৰ ৩১/২০২২ নিজাববীয়া কৈ ভাৰতীয় দণ্ডবিধি আইনৰ 120B/221, R/W 39UA(P) act, R/W SEC 67 IT act‌ অধীনত আজি গ্ৰেপ্তাৰ কৰে সাগৰ দাসক। ফেচবুকত সাগৰ দাস আচামীচ বয় নামেৰে বিভিন্ন সময়ত আলফাৰ হৈ পোষ্ট দিছিল যুৱকজনে। ফেচবুকত আলফাক সমৰ্থন কৰি যুৱ প্ৰজন্মক নিষিদ্ধ ঘোষিত সংগঠন আফলাৰ প্ৰতি আকৃষ্ট কৰাৰ অভিযোগত ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাগৰ দাস নামৰ যুৱকজনক। ইয়াৰ উপৰিও আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সামাজিক মাধ্যম (ফেচবুকত) ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি অনা আলফাৰ বহু পোষ্ট বিগত সময়ত শ্বেয়াৰ কৰি আহিছিল যুৱকজনে।‌ ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি অভিযুক্ত সাগৰ দাস ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলি গাঁৱৰ মদন দাসৰ পুত্ৰ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা