news

দক্ষিণ শালমাৰাত হেকাৰৰ কবলত এজন শিক্ষিত নিবনুৱা যুৱক৷ 

নিজৰ মান সন্মান ৰক্ষাৰ বাবে আত্মহত্যাৰ ভাবুকি৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৮ মেঃ- ধুবুৰী জিলাৰ দক্ষিন শালমাৰা সমষ্টিৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত কাতলামাৰী চতূৰ্থ খন্ড গাওঁৰ আনোৱাৰ হুছেইন প্ৰধানীয়ে হেকাৰৰ কবলত পৰি হতাশ হোৱা পৰিলক্ষিত হৈছে৷ ভুক্তভোগী আনোৱাৰ হুছেইন প্ৰধাণীয়ে জানিব দিয়ামতে ধুবুৰীৰৰ এখন মোৱাইলৰ দোকানত কৰ্মচাৰী হিচাপে দীৰ্ঘ দিনৰ পৰা কাম কৰি থকা অৱস্থাত তেওঁৰ মোৱাইল খন বহুতো লোকে ব্যৱহাৰ কৰি আছিল৷ সেই সুযোগত কোনোবা দুষ্ট চক্ৰই তেওঁৰ মোৱাইলত এখন নতুনকৈ ফেচবুক একাউণ্ট খুলি অশ্লীল ফটো ভিডিও পোষ্ট কৰি বিপদত পেলাইছে যুৱক জনক৷ লগতে যুৱকজনে নিজৰ মোৱাইলত বিভিন্ন ধৰনৰ অশ্লীল ভিডিওৰ কান্ডকীৰ্তি দেখি হতাশ হৈ পৰি আত্মহত্যাৰ পথ বাচি লোৱাৰ কথা প্ৰকাশ কৰিছে। কিয়নো ভুক্তভোগী আনোৱাৰ হুছেইন প্ৰধাণীয়ে বৰ্তমান ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰা অৱস্থাত পৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰে৷ ভয়তে নিজৰ মোৱাইল খন ছুইচঅফ কৰি ৰাখিলেও ছুইচ অফ নহয়, নিজে অশ্লীল ভিডিওৰ লগতে ফটো সমুহ ডিলিট কৰিবলৈ চেষ্টা কৰিলেও ডিলিট নহয় বুলি ভুক্তভুগীয়ে জানিবলৈ দিয়ে৷ ভুক্তভুগীয়ে জানিবলৈ দিয়া মতে তেওঁৰ ঘৰৰ মানুহে এই অশ্লীল ভিডিওৰ কথা জানিব পাৰি বহুতো মাৰপিট কৰাৰ লগতে বাহিৰত ওলালে বাহিৰা মানুহে তেওঁক ধমকী দিয়াৰ লগতে মাৰপিটৰ হুমকি দিয়ে বুলি জানিবলৈ দিয়ে৷ সেয়ে যুৱকজনে এনে কাণ্ড দেখি আচম্বিত হৈ পৰিছে  আৰু তেওঁ সুস্থ ভাবে জীয়াই থাকিবলৈ জিলা প্ৰসাশনৰ লগতে আৰক্ষী প্ৰশাসনক দুস্কৃতিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।


# মন্দিয়াত আৰ্থিক সংকটৰ জোৰা মাৰিব নোৱাৰি স্বামীয়ে বেশ্যা বৃত্তিত নমালে পত্নীকঃ চাৰিজনক গ্ৰেপ্তাৰ, অঞ্চলজুৰি চাঞ্চল্য।

# বিনিময়ত অনাদায় টকা বিচাৰী তিনি অভিযুক্তৰ বিৰুদ্ধে অাৰক্ষীৰ দ্বাৰস্থ স্বামী।

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ মেঃ সম্প্ৰতি ৰাজ্যত অাৰ্থিক সংকটে ভয়াৱহ ৰূপ লোৱাৰ সময়তে দৰিদ্ৰতাই কোঙা কৰা এটি দুৰ্ভগীয়া পৰিয়ালৰ গাৰ নোম শিয়ৰি উঠা এটি ঘটনা সংঘটিত হৈছে মন্দিয়াত ৷ বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াৰ এটি দৰিদ্ৰ পৰিয়ালত সম্প্ৰতি এক অভাৱনীয় ঘটনা সংঘটিত হৈছে৷ জানিব পৰা মতে আৰ্থিক সংকটৰ জোৰা মাৰিব নোৱাৰাৰ ফলত স্বামীয়ে বেশ্যা বৃত্তিৰ সৈতে পত্নী ৰেজিমা বেগমক জড়িত কৰা এক ঘটণাই বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইপিনে মহিলাগৰাকীৰ স্বামী ছৰিফুল ইছলামে নিশাৰ সংগী হ'বলৈ তিনি যুৱকক পত্নীক পত্নীক গতাই দিয়ে ৷ পিছে স্বামীৰ কথাত মান্তি হৈ  দুদিন ধৰি লঘোনে থকা সাতমহীয়া গৰ্ভৱতী পত্নীয়ে এনিশাৰ বাবে দহ হেজাৰ টকাৰ বিনিময়ত  তিনি যুৱকৰ শয্যাসংগী হয় মহিলাগৰাকী ৷ কিন্তু যুৱক তিনিজনে চুক্তি অনুসৰি দহ হেজাৰ টকা আদায় নিদিয়াৰ পিচত   আৰক্ষীৰ কাষ চাপে মহিলাগৰাকীৰ স্বামীয়ে ৷ অাৰু তিনি যুৱকৰ বিৰুদ্ধে ধৰ্ষণ-অপহৰণৰ অভিযোগ তুলি পত্নীৰ হতুৱাই স্বামীয়ে যোৱা ২২ মে'ত বাঘবৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীৰ তদন্তত ঘটনাৰ আঁৰৰ প্ৰকৃত সকলো তথ্য পোহৰলৈ আহে অাৰু পিছত মন্দিয়া অাৰক্ষী চকীৰ অাৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷ পিছে দৰিদ্ৰতাৰ বাবেই পত্নীক বেশ্যা বৃত্তিৰ সৈতে জড়িত কৰাবলৈ বাধ্য হোৱা বুলি  মহিলাগৰাকীৰ স্বামীয়ে স্বীকাৰ কৰে ৷ সম্প্ৰতি  ঘটনা সংক্ৰান্তত মহিলাগৰাকীৰ স্বামী ছৰিফুল ইছলামসহ মন্দিয়া গাঁওৰ তিনি যুৱক ক্ৰমে চানিদুল ওৰফে ছাদ্দাম আলী,দেৱান পাচান আলী আৰু চুলেমান আলীক গ্ৰেপ্তাৰ কৰি কালি আদালতত হাজিৰ কৰোৱা হয়। যদিও বৰপেটা আৰক্ষীৰ আবেদন মৰ্মে চাৰিওজন অভিযুক্তকে আদালতে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। (ফটো অাছে)


# বৰপেটাৰোড বন বিভাগে জব্দ কৰিলে অবৈধ কাঠফলা মিল #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৭মেঃ সম্প্ৰতি সমাজৰ একাংশ অসাধু লোকে বন বিভাগৰ অজ্ঞাতে অতিকৈ দুৰ্গম,তথা নিৰ্জন এলেকাত অবৈধ কাঠফলা মিল স্থাপন কৰি কাঠৰ এক বৃহৎ বজাৰ চলাই লাখ লাখ টকাৰ ব্যৱসায় অব্যাহত ৰখাৰ কথা সৰ্বজনবিদিত।ঠিক অনুৰূপ ধৰণে নামনি অসমৰ উত্তৰ কামৰূপ সংমণ্ডলৰ বৰপেটা ৰোড বনাঞ্চলিক বিষয়া প্ৰশান্ত গগৈৰ কঠোৰ নিৰ্দেশ মৰ্মে বনবিভাগৰ এটি দলে গোপন সূত্ৰৰ পম খেদি যোৱা কালি আবেলি ভাগত কলগাছীয়াৰ আবুল বজাৰৰ পৰা এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। বৰপেটাৰোড বনাঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈৰ নিৰ্দেশত বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা চলিত বর্ষৰ মে    মাহৰ অন্তলৈকে ৩০টাকৈ এনে অবৈধ কাঠফলা মিল জব্দ কৰিছিল বৰপেটা জিলাৰ সৰভোগ,কলগাছীয়া, পাঠশালা আদিকে ভিন্ন প্ৰান্তৰ পৰা। বৰপেটাৰোড বন বিভাগৰ এনে কৰ্মক সচেতন সমাজে এক মুখে শলাগিছে। (ফটো অাছে)

*দাবীৰ প্ৰতি সহাৰি জনাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্ত:গাঁঠনি উন্নয়ন প্ৰাধিকৰণ কতৃপক্ষই লোৱা সিন্ধান্তক আদৰণি জনোৱাৰ লগতে আহ্বানঃ* *বিধায়ক অখিল গগৈৰ।* 

 *দৈনিক আমাৰ প্ৰণাম সেৱা,শিৱসাগৰ বিশেষ সেৱা,২৭ মেঃ* যোৱা ৭ এপ্ৰিল তাৰিখে জাঁজীৰ পৰা ডিমৌলৈকে নিৰ্মাণৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়া হোৱা আৰু নিৰ্মাণৰ দ্বায়িত্বপ্ৰাপ্ত মেচাৰ্চ জি ডি চি এলে নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট হেমাহি কৰাৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় পথ, পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিবক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে। তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্ত:গাঁঠনি উন্নয়ন প্ৰাধিকৰণৰ সঞ্চালক ( প্ৰযুক্তি) অতুল কুমাৰ দ্বাৰা স্বাক্ষৰিত NHIDCL /ASSAM-Tripura /VIP/2019-20/07/174014/1564  পত্ৰত  ২/০৫/২২ তাৰিখ উল্লেখ কৰি এখনি পত্ৰৰ যোগেদি প্ৰেৰণ কৰি জনোৱাৰ বিষয়ে সামাজিক মাধ্যমত ৰাজহুৱা ভাৱে জানিবলৈ দিছে বিধায়ক অখিল গগৈয়ে।ইতিমধ্যেই বিধায়ক গৰাকীয়ে উল্লেখ কৰি কয় যে তেওঁলোকে  কৰা দাবী অনুসৰি আন্ত:গাঁঠনি উন্নয়ন প্ৰাধিকৰণৰ সঞ্চালক ( প্ৰযুক্তি)ৰ ফালৰ মেছাৰ্চস জি ডি চি এলক আবন্টিত ঠিকা প্ৰত্যাহাৰ কৰি বাকী থকা নিৰ্মাণৰ কাম সমাপ্ত কৰিবলৈ নতুনকৈ নিবিদা আহ্বান জনাইছে বুলি ৰাজহুৱাকৈ সামাজিক মাধ্যমৰ যোগেদি অৱগত কৰিছে।বিধায়ক গৰাকীয়ে ৰাজহুৱাকৈ জানিব দিয়া মতে ৰাইজৰ দলে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবীত প্ৰতিবাদৰ আৰু দাবী জনাই আহিছিল। স্থানীয় বিধায়ক হিছাপে অখিল গগৈয়ে কেইবাবাৰো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো দৃষ্টিগোচৰ কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল বুলি অৱগত কৰিছে।উক্ত দাবীৰ প্ৰতি সঁহাৰি জনাই  কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তক বিধায়ক অখিল গগৈয়ে আদৰণি জনোৱাৰ লগতে শীঘ্ৰেই ঘাইপথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ আৰু অনতিবিলম্বে মেৰামতি কৰিবলৈ আহ্বান জনায়।উক্ত বিষয়ৰ ওপৰত দৃষ্টিগোচৰ কৰি বিধায়ক গৰাকীয়ে  ৰাজহুৱাকৈ সামাজিক মাধ্যমৰ যোগেদি ৰাইজক জানিবলৈ দিয়ে।


আজান ফকিৰৰ  সমন্বয়-সম্প্ৰীতি আৰু জিকিৰ-জাৰী।

ফৰিদ আলী

ভ্ৰাম্যভাষ-৮৬৩৮৫৪৭৮৪৯,

অতীতৰ যুগৰ পৰাই অসম নামৰ মুলুকত বিভিন্ন ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীয় সমিলমিলেৰে বসবাস কৰি ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি অহাৰ লগতে একতাৰ ডোলেৰে বান্ধ খাই আছে। অসমৰ জাতীয় ইতিহাসৰ পাতে পাতে জীপাল হৈ আছে ধৰ্মীয় সহিষ্ণুতা আৰু মানৱতাবোধৰ এক জ্বলন্ত উদাহৰণ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ তুলনাত অসম নামৰ ৰাজ্যখনত ধর্মীয় সম্প্রীতি, সাংস্কৃতিক আৰু ভাষিক আদিৰ সম্পর্কই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক সুকীয়া বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। কিয়নো বিভিন্ন সময়ত অসমত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰা শক্তিক গুৰুত্ব আৰোপ নকৰি তথা অসমীয়া সমাজখনক ধর্মীয় মেৰু বিভাজনৰ ফালে নিয়া সাম্প্রদায়িক শক্তিক ভৰিৰে মোহাৰি প্রত্যেকজন অসমীয়া লোকে ধর্মীয় সহিষ্ণুতা প্ৰদৰ্শন কৰি নিজৰ জাতিটোক আগস্থান দি আহিছে। অসমৰ ইতিহাসত চাওলুং চুকাফা, শংকৰ-আজান, লাচিত বৰফুকন, বাঘ হাজৰিকাকে ধৰি এইসকল মহান জাতীয় বীৰৰ লগতে ধৰ্মপ্ৰচাৰকৰ প্ৰচেষ্টাত আজিলৈকে অসমত সাম্প্রদায়িক শক্তিয়ে গা কৰি উঠিব পৰা নাই। অসমত কোনো কালে গোড়া হিন্দুত্ববাদ আৰু গোড়া ইছলামৰ আগ্ৰাসন নাছিল— কেৱল আছিল সমন্বয়, প্রেম, সম্প্রীতি আৰু মানৱতা। অসমত এচামে ধৰ্মৰ নামত নামত মেৰু বিভাজনৰ যি কুটিল ষড়যন্ত্ৰ ৰচনা কৰি আছে সেই শক্তিসকল সফল হ'ব পৰা নাই একমাত্ৰ শংকৰ-আজান গুৰুদুজনাৰ অমৰ আদৰ্শৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি ধৰণে অসমীয়া জাতিৰ লগতে সাহিত্য সংস্কৃতি টনকিয়াল কৰি একতাৰ ডোলেৰে বান্ধ খুৱাই ধৰ্মপ্ৰচাৰ কৰিছিল, অনুৰূপ ধৰণে সুদূৰ বাগদাদৰ পৰা আহি অসমত শান্তি আৰু সম্প্ৰীতিৰ জৰিয়তে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল আজান ফকীৰে— যিগৰাকীৰ প্ৰকৃত নাম আছিল শ্বাহ মিলন। ইয়াৰ বাহিৰেও তেখেতক আজানপীৰ শ্বাহ মীৰাণ নামেৰেও জনা যায়। ১৬১০ খ্রীষ্টাব্দত ইৰাকৰ এখন ৰাজধানী বাগদাদত জন্ম হৈছিল। অসমত এইজনা মহান পীৰে ইছলাম ধৰ্ম প্ৰচাৰ কৰি ধৰ্মটোক বিস্তাৰ কৰিছিল আৰু অসমীয়া জাতি-সংস্কৃতিৰ অভিন্ন অংগ পৰিছিল। জনশ্রুতি মতে, আজান ফকীৰ চাহাবে পোন প্রথমে আজান নি নামাজ পঢ়িবলৈ শিকাইছিল বাবেই তেওঁৰ নাম আজান ফকীৰ বুলি জনা গৈছিল। অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰোতে বিভিন্ন ঘাত-প্রতিঘাতৰ সন্মুখীনহৈছিল। কিন্তু আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই তাতে ধৰ্মপ্ৰচাৰ আৰু চৰ্চা কৰাৰ সুযোগ প্রদান কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতসমূহ যিদৰে ভাগৱতৰ আদৰ্শৰ ভিত্তিৰ ওপৰত ৰচিত হৈছিল অনুৰূপধৰণে জিকিৰ-জাৰীসমূহো ৰচিত হৈছিল কোৰাণৰ নীতি-আদৰ্শসমূহক লৈ। অসমীয়া জাতীয় সংস্কৃতিত জিকিৰ-জাৰী গীতসমূহে হিন্দু-মুছলমানৰ এনাজৰীডাল অধিক কটকটীয়া কৰি তুলিছিল। এই জিকিৰ জাৰীসমূহত ব্যৱহৃত হোৱা ভাৱ-ভাষা, ছন্দৰ সৰলতা আৰু প্ৰতিজন লোকৰ হৃদয় চুই গৈছিল। অসমীয়া সংস্কৃতিৰ পথাৰত এই জিকিৰ- জাৰীসমূহ জাকতজিলিকা হোৱাৰ লগতে সাহিত্যৰ দিশসমূহ সুদৃঢ় কৰি তুলিছিল। এই জিকিৰ জাৰীসমূহে অসমীয়া সমাজত সম্প্ৰীতিৰ ৰেখাডাল উজলাই তোলাৰ লগতে আংগিকৰ ক্ষেত্ৰতো অসমীয়াৰ স্বকীয়তা বজাই ৰখাত সফলতা অর্জন কৰিছে। অসমীয়া বৰগীত, লোকগীত, বিহুগীত আদিৰ মাজতো এই জিকিৰ জাৰীসমূহৰ সামঞ্জস্য দেখা যায়। শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতসমূহত বৈষ্ণৱ ধৰ্মৰ মূল উপাস্য বিষ্ণু বা কৃষ্ণক স্মৰণ কৰা হয়। ঠিক অনুৰূপধৰণে জিকিৰ-জাৰীসমূহতো আল্লাৰ নাম স্মৰণ কৰা দেখা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত আধ্যাত্মিক গীতসমূহ অসমীয়া সংস্কৃতিৰ পথাৰত উজ্জীৱিত হৈ আছে। এইসকল মহাপুৰুষৰ গীতসমূহ ধৰ্মীয় গোড়ামিৰ পৰা সম্পূর্ণ মুক্ত আছিল। সুদূৰ বাগদাদৰ পৰা অসমলৈ আহি আজান ফকীৰে জনজীৱনৰ লগত খাপ খাই পৰিছিল। তেওঁৰ ৰচিত জিকিৰ গীতসমূহত সম্পূর্ণ মাত-কথা আৰু থলুৱা সুৰ ব্যৱহাৰ হৈ আহিছে। তেওঁ অসমীয়া দেহ বিচাৰৰ গীত, ওজাপালি, হুঁচৰি-পদ, যোজনা বিভিন্ন জনপ্রিয় গীতসমূহ অধ্যয়ন কৰি সুন্দৰকৈ গাব পাৰিছিল। অসমত জিকিৰ পৰিৱেশন পদ্ধতি আৰু নাম-কীৰ্তনৰ মাজত কোনো পার্থক্য দেখা নাযায়। বিশ্বৰ আন আন দেশসমূহত জিকিৰ-জাৰী গীতসমূহ যেনেদৰে প্ৰদৰ্শন কৰিছিল, তাৰ বিপৰীতে অসমত এইজনা পীৰে শান্তি-সম্প্ৰীতিৰে গীত পৰিৱেশন কৰি অন্য এক আদৰ্শ দেখুৱাইছিল। আজান ফকীৰে মুঠ আঠ কুৰি জিকিৰ ৰচনা কৰিছিল। থলুৱা উপমাসমৃদ্ধ এই গীতসমূহ সাহিত্য আৰু ৰসিকতাও দেখা পোৱা যায়। অংগী ভংগীৰ ক্ষেত্ৰতো জিকিৰ জাৰীসমূহত হৃদয়ংগম কৰিব পৰা ভাষা অন্তর্নিহিত হৈ আছে। জটিল বিষয় এটাও সহজে ৰসাল কৰি পাঠক-শ্রোতাৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে ভাষাৰ ক্ষেত্ৰতো জিকিৰ জাৰীসমূহত দৰিয়া, গোলাম, মালী, কবৰ ইত্যাদি শব্দসমূহে অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰি তোলাৰ ক্ষেত্ৰত অনুপম অৱদান আগবঢ়োৱা দেখা পোৱা যায়। তীব্র ধর্মীয় গোড়ামীৰ পৰা ধৰ্মক মুক্ত কৰি উদাৰ নীতি তথা ধৰ্মীয় সহিষ্ণুতাৰে আজান ফকীৰৰ জিকিৰ জাৰীসমূহত শান্তি-সম্প্ৰীতিৰ বাণী প্ৰকাশ পাই আহিছে। জাতি-ধর্ম-ভাষা নির্বিশেষে একতাৰ ডোলেৰে বান্ধ খাই থকা অসমত ধর্মীয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত জিকিৰসমূহৰ গুৰুত্ব অতুলনীয়।

ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত  গছপুলি ৰোপনৰ লক্ষ্য বন বিভাগৰ   ৷


নয়নজ্যোতি দাস, তামুলপুৰঃ ২৭ মেঃ 

বিশ্বপৰিবেশ দিৱসৰ প্ৰাকমূহুৰ্ততে তামুলপুৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যলয়ৰ  উদ্যোগত ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত এক গছপুলি ৰোপনৰ কাৰ্যসূচী গ্ৰহন কৰিছে। প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত আৰু স্কুলীয়া ছাত্ৰ -ছাত্ৰীৰ মাজত ঔষধি গছ, থলুৱা  জাতৰ ফল-মূলৰ গছ  চিনাকি কৰি দিয়াৰ মানসেৰে ঔষধিযুক্ত, ফলমূলকে ধৰি  সৌন্দৰ্য্যবৰ্ধন কাৰী বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপনৰ এক অভিনৱ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰে ।  আজি সীমান্তবৰ্তী আঙাৰকাটা নতুনবস্তি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এই গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ কুমাৰীকাটা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া বীৰেন্দ্ৰ নাথ বড়োৱে জনোৱা মতে কুৰিখন বিদ্যালয়ৰ প্ৰতিখনত পয়সত্তৰ জোপা বিভিন্ন জাতৰ ফলমূল সৌন্দৰ্যবৰ্ধনকাৰী আৰু  ঔষধিযুক্ত গছ পুলি ৰোপন কৰা হ’ব ৷ উক্ত কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰধান শিক্ষক শুকলাল চৰকাৰ প্ৰমুখ্যে কুমাৰীকাটা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া বীৰেন্দ্ৰ নাথ বড়ো আন বিষয়া কৰ্মচাৰী ক্ৰমে ভদ্ৰেশ্বৰ বড়ো,  প্ৰফুল্ল ৰাজবংশী আৰু ৰবি বড়ো  উপস্থিত আছিল ৷ বিদ্যালয়ৰ চৌহদত বনবিভাগে গছপুলি ৰোপন কৰিবলৈ লোৱা কাৰ্যসূচীক স্থানীয় প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে প্ৰশংসা কৰে।

*আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি শিৱসাগৰ বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা*


 *দৈনিক আমাৰ প্ৰণাম সেৱা,শিৱসাগৰ,বিশেষ সেৱা,২৮ মেঃ* শিৱসাগৰ জিলা হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি ভাৰতীয় জনতা পাৰ্টিৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় । উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোহাঁই, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা প্ৰভাৰী ৰূপম গোস্বামী, সহ-প্ৰভাৰী সুভাষ দত্ত আৰু থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থাকে। উক্ত সভাত জিলাৰ বিষয়ববীয়া তথা মণ্ডল সমূহৰ প্ৰভাৰী, জিলা পৰিষদৰ তত্বাৱধায়ক, পঞ্চায়ত তত্বাৱধায়ক,সহ-তত্বাৱধায়ক, শিৱসাগৰ জিলাৰ চাৰিখন পৌৰসভাৰ সভাপতি সকল উপস্থিত থাকে৷ উল্লেখ্য যে, উক্ত সাংগঠনিক সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোহাঁয়ে সভাপতিত্ব কৰা সভা খনিত পুৱাৰ ভাগত  দলীয় পতাকা উত্তোলন কৰে শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ময়ুৰ বৰগোহাঁয়ে৷ বন্তি প্ৰজ্বলন আৰু মাতৃ বন্দনা কৰে শিৱসাগৰ জিলাৰ প্ৰভাৰী ৰূপম গোস্বামী আৰু সহঃপ্ৰভাৰী সুভাষ দত্তই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিজেপিৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক প্ৰনৱ চেতিয়াই। সভাত আগন্তুক পঞ্চায়ত আৰু লোক সভাৰ নিৰ্বাচনৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ মন্তব্য ৰাখে সাংসদ তপন কুমাৰ গগৈয়ে। লগতে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচনৰ বাবে দলটোৰ কৰ্মী সকলক টঙালি বান্ধিবলৈ তেজস্বী ভাষণ প্ৰদান কৰে । সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সমীৰ গগৈ, মানস সন্দিকৈ। শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভাখনৰ সামৰণি পৰে।

Slug, বঙাইগাঁৱত  চাউল জব্দ 

বঙাইগাঁওৰ প্ৰতিবেদক ২৮মেঃ-   ২০ মেত বঙাইগাঁৱৰ জিলাৰ  দনকিনামাৰীত গাওঁৰক্ষী বাহিনীৰ দ্বাৰা বৃহৎ পৰিমাণৰ চৰকাৰী বিনামূলীয়া চাউল জব্দ কৰে।গাঁওখনৰ সমবায়ৰ  এজেণ্ট ৰমজান আলীয়ে চাউল সমূহ ক'লা বজাৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰোঁতেই গাড়ীসহ জব্দ কৰে গাঁওৰক্ষী বাহিনীয়ে। হিতাধিকাৰীক প্ৰাপ্য চাউলৰ পৰা বঞ্চিত কৰি ৩৭ বস্তা চৰকাৰী চাউল AS 19AC 1289 নম্বৰৰ ব'লেৰো পিক আপ ভান গাড়ীখনেৰে বগা চাউল  ক'লা ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল এজেণ্ট ৰমজান আলীয়ে।ঘটনা সন্দৰ্ভত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে চাউলসহ গাড়ীখন জব্দ কৰি বঙাইগাঁৱ আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ গাড়ীসহ চাউলসমূহ জব্দ কৰি তদন্ত আৰম্ভ কৰে যদিও সমবায় এজেণ্ট ৰমজান আলী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।এই সংক্ৰান্তত গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা দনকিনামাৰী গাঁৱৰ সুলভ মূল্যৰ এজেণ্ট ৰমজান আলীয়ে দীৰ্ঘদিন ধৰি  চৰকাৰী সুলভ মূল্যৰ চাউল, আটা,  কেৰাচিন আদি আত্মসাদ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি বঙাইগাঁৱৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াক ৰমজান আলীক বদলি কৰি অইন এজনক এজেণ্ট নিয়োগ কৰিবলৈ লিখিত আবেদন জনায়।


প্ৰেৰকঃ  কুৰবান আলী আহমেদৰ, বঙাইগাওঁ

# বৰপেটা জিলা কংগ্ৰেছৰ সেৱা দলৰ  ইয়ং ব্ৰিগেডৰ সভাপতি সহ ১৩ গৰাকীৰ  কংগ্ৰেছ ত্যাগ #

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা ২৮ মেঃ সম্প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত খহনীয়া অব্যাহত আছে ৷ জানিব পৰা মতে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অাব্দুৰ ৰহিম খান আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী অাঞ্জুৱাৰা অাহমেদে কংগ্ৰেছ ত্যাগৰ কৰাৰ পিছত এইবাৰ  কংগ্ৰেছ ত্যাগ কৰিলে বৰপেটা জিলা কংগ্ৰেছৰ সেৱা দলৰ  ইয়ং ব্ৰিগেডৰ সভাপতি  ছাজিদ ইছলামে ৷  অাজি বৰপেটাৰ অাণ্ডাভাঙাস্থিত ছাজিদ ইছলামৰ নিজ গৃহত এক সংবাদমেল সম্বোধন কৰি সেৱা দলৰ  ইয়ং ব্ৰিগেডৰ সভাপতিৰ লগতে কংগ্ৰেছৰ সাধাৰণ সদস্য পদো ত্যাগ কৰিলে বুলি সদৰী কৰে ছাজিদে। তেওঁ অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ ইয়ং ব্ৰিগেড দীপ বায়নলৈ যোৱা ২৩ মে'ত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলিও মতপোষণ কৰে ৷ উল্লেখ্য যে,বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেক আৰু বৰপেটা বিধানসভা  সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ওপৰত অসন্তুষ্ট হৈয়েই সম্প্ৰতি কংগ্ৰেছ ত্যাগ কৰিলে বুলি বৰপেটা জিলা কংগ্ৰেছৰ সেৱা দলৰ  ইয়ং ব্ৰিগেডৰ সভাপতি  ছাজিদ ইছলামে ক্ষোভেৰে মন্তব্য কৰাৰ লগতে কংগ্ৰেছত লবী  কেন্দ্ৰীক চলা ৰাজনীতিত সাংসদ-বিধায়ক জৰিত থকা বুলি অভিযোগ কৰে। অাৰু তেওঁলোকে বৰপেটাৰ একো উন্নয়ন কৰিবলৈ সক্ষম নহয়। সেয়ে একো উন্নয়ন কৰিব নোৱাৰ দলত থাকি একো লাভ নহয় বুলি অভিযোগ কৰে।  প্ৰণিধানযোগ্য যে, ছাজিদ ইছলামৰ লগতে আন ১৩জন কৰ্মীয়েও পদত্যাগ  কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে বুলি জানিবলৈ দিয়ে৷ সম্প্ৰতি বৰপেটাত কংগ্ৰেছৰ মাজত খহনীয়া অব্যাত থকা কাৰ্যই দলটোৰ তৃনমুল পৰ্যায়ত খলকনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা