দক্ষিণ শালমাৰাৰ বিৰশিং জৰুৱা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।



আঞ্চলিক পঞ্চায়ত সভাপতিৰ তদন্তৰ দাবী।


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৯ মেঃ- দক্ষিন শালমাৰাৰ বিৰশিং জৰুৱা উন্নয়ন খণ্ড কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাৰ বিৰুদ্ধে ভয়াৱহ অনিয়ম-দুৰ্নীতিৰ  অভিযোগ উত্থাপন কৰিছে বিৰশিং জৰুৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰবিয়াল আওৱাল মোল্লাই। আঞ্চলিক পঞ্চায়ত সভাপতি ৰবিউল আওৱাল মোল্লাই জানিবলৈ দিয়া মতে, আত্মসহায়ক গোট সমূহক সকাহ দিয়াৰ উদ্দেশ্যে এমজিএনৰেগা আঁচনিৰ অধীনত২০২০-২১ বৰ্ষত হৰ্ডিকালচাৰ প্লানটেশ্বন, ডেভেলপমেণ্ট অফ ফেল্লো ওৱেষ্ট লেণ্ড আনডাৰ এগ্ৰো নোত্ৰি গাৰডেন আৰু চুপাৰী বাগান আদিৰ নামত ৭৯ টা আত্মসহায়ক গোটক ১৬,৫০০ টকাৰ পৰা ২৫ হেজাৰ টকালৈকে ধন আৱণ্টন দিয়া হৈছে। বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধিনত থকা বাহিৰ শালমাৰা, জৰুৱা চৰ আৰু বন্দিহানা গাওঁ পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোট সমূহক আৱণ্টন দিয়া হৈছে প্ৰায় ২০ লাখ কৈ টকা। অভিযোগ অনুসৰি ৭৯ টা এনে আত্মসহায়ক গোটৰ ভিতৰত একাংশ গোটক গছ পুলি, আদি যোগান ধৰিছে ঠিকাদাৰৰূপী খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাই। তাৰ পাছৰ পৰাই ৰহস্যজনক ভাবে আত্মসহায়ক গোটসমূহৰ নামত উক্ত আঁচনিৰ বিল প্ৰস্তুত কৰিবলৈ গাণনিক বিষয়াক হেঁচা প্ৰয়োগ কৰিছে বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাই। বিৰসিং জৰুৱা আঞ্চলিক পঞ্চায়ত সভাপতি ৰবিউল আওৱাল মোল্লাৰ অভিযোগ মতে ৭৯ টা আত্মসহায়ক গোটৰ নামত প্ৰায় ২০ লাখ টকা উঠাই আত্মসাত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কাৰ্যালয়টোৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাই। সেয়ে বিৰসিং জৰুৱা উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত সভাপতি ৰবিউল আওৱাল মোল্লাই চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনক উক্ত আঁচনিৰ কাম সমূহ তদন্ত ক্ৰমে ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি দাবী জনায়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা