সদৌ অসম মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনঃ*

*


*স্বৰ্গদেউ সৰ্বানন্দ সিংহ মৃত্যু দিৱস উদ্‌যাপনঃ* 



 *দৈনিক আমাৰ প্ৰণাম সেৱা,শিৱসাগৰ বিশেষ সেৱা,২৬ মেঃ* 
সদৌ অসম মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২০ সংখ্যক  মৃত্যু দিৱসটি কালি বানমুখ উদয়ন যুৱ সমাজৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা ৮-৩০  বজাত পতাকা উত্তোলন কৰে মটক ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি বিশ্ব চাংমায়ে ৷ পুৱা ৯ বজাত স্মৃতি তৰ্পণ আৰু মটক ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মটক ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুল গগৈয়ে ৷ পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে জিলা সমিতিৰ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ ইয়াৰ পিছত শিৱসাগৰ জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, দৰিদ্ৰ সীমাৰেখাৰ কিছু লোকক বস্ত্ৰ বিতৰণ পৰ্ব অনুষ্ঠিত কৰা হয় ৷ সন্ধিয়া ৬ বজাত মুকলি সভা ও সম্বৰ্ধনা অনুষ্ঠান ৷ অভিনেতা তথা পৰিচালক পৰাণ পৰাশৰ গগৈয়ে আঁত ধৰি পৰিচালনা কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈ, সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা, সাধাৰণ সম্পাদক সল্লভ জ্যোতি শইকীয়া, মটক স্বায়ত্ত শাসিত পাৰিষদৰ সদস্য নিৰেন শইকীয়া, জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা, সেউজ চিন্তক অনুপ পাটকাই, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতিৰ সভাপতি বিষ্ণু শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰজনীকান্ত পাংগিং, মুস্তাকুৰ ৰহমান, প্ৰাঞ্জল পূজাৰী, মুজাকিৰ আলি, পানবেচা গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিত কোঁৱৰ, প্ৰাক্তন পৌৰপতি হেম গগৈ আদি কৰি বহু কেইজন গণ্য-মান্য ব্যক্তিয়ে উপস্থিত থাকে ৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীসকলৰ লগতে নিমন্ত্ৰিত শিল্পী বেহাৰবাৰী আউট পোষ্টৰ কে কে আৰু মোহনৰ অনুষ্ঠানে সাংস্কৃতিক প্ৰেমী ৰাইজক আমোদ দিয়ে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা