মটৰ জেনেৰেটৰ শাখাৰ ৱৰ্কমেন অনুজ্ঞাপত্ৰৰ পৰীক্ষা ফলাফল প্রকাশ*

*              গুৱাহাটী, ২৪মে: অসম ৰাজ্যিক বৈদ্যুতিক অনুজ্ঞাপত্ৰ পৰিষদৰ অধ্যক্ষ ৰাজীৱ থাপাৰ সভাপতিত্ব ত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত অনুমোদন জনোৱাৰ পাছতে অলপতে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত মটৰ জেনেৰেটৰ শাখাৰ ৱৰ্কমেন অনুজ্ঞাপত্ৰৰ পৰীক্ষাৰ ফলাফল প্রকাশ কৰা হয়। এই পৰীক্ষাত অৱত্তীৰ্ণ মুঠ ১১৪১গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১১১প্ৰাৰ্থী উত্তীর্ণ হয়। বিশেষ দক্ষতা সম্পন্ন এই উত্তীর্ণ প্রার্থী সকলে স্বনিয়োজনৰ লগতে দক্ষতা অনুযায়ী বিভিন্ন চৰকাৰী অথবা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্ম সংস্থাপনৰ সুযোগ গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে এই ফলাফল গুৱাহাটীৰ মুখ্য বৈদ্যুতিক  পৰিদৰ্শকৰ কাৰ্য্যালযৰ  লগতে জেষ্ঠ্ বৈদ্যুতিক পৰিষদৰ্শকৰ মাণ্ডলিক  কাৰ্যালয় সমূহত তথা ৱেবছাইট :    cei. assam. gov. in তো চাব পাৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা