বক্ৰপথেৰে চাকৰি লোৱাসকলৰ বিপদ সমাগত! ২০১৪ৰ APSC পৰীক্ষাৰ তদন্তৰ দায়িত্ব ল'লে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাই

অসম লোকসেৱা আয়োগৰ বিসংগতিৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন। ২০১৪ চনত অনুষ্ঠিত হোৱা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সৃষ্টি হোৱা বিসংগতি সম্পৰ্কে তদন্ত কৰিব এই আয়োগে।। অসম চৰকাৰৰ কেবিনেটৰ অনুমোদনৰ পিছতেই গঠন কৰা হৈছে এই আয়োগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ বিপ্লব কুমাৰ শৰ্মাকলৈ গঠন কৰা হৈছে এজনীয়া তদন্ত আয়োগ। সোমবাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰে।বিপ্লব কুমাৰ শৰ্মাই  দায়িত্বলৈয়ে কৰিলে বিশেষ মন্তব্য। শৰ্মাই কয় যে, ''আজি দায়িত্ব লৈছোহে। সকলোখিনি চোৱা পিছতহে গম পাম। ২০১৪ বৰ্ষৰ কেলেংকাৰী সন্দৰ্ভত বৰ্তমান অৱগত নহয়। তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱা পিছত গম পাম। ২০১৩ বৰ্ষৰ দৰেই আগবাঢ়িব ২০১৪ৰ তদন্ত প্ৰক্ৰিয়া।''

উল্লেখ্য যে,  ২০১৩ বৰ্ষৰ APSC পৰীক্ষাৰো তদন্ত কৰিছিল বিপ্লব কুমাৰ শৰ্মাই। গ্ৰেপ্তাৰ হোৱা কেইজনৰ বাদে অতিৰিক্ত ৩৪ জনক আয়োগে দোষী সাব্যস্ত কৰিছিল। এই প্ৰতিবেদন চৰকাৰৰ হাতত অৰ্পণ কৰিছিল আয়োগে। কিন্তু এইপৰ্যন্ত ৩৪ জন দোষীৰ বিৰুদ্ধে চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা