পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নিৰ্দেশ জাৰি কৰাৰ এমাহৰ ভিতৰত বিত্তীয় প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ*

*প্ৰেছ বিজ্ঞপ্তি*
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, অসম
দিছপুৰ, গুৱাহাটী-০৬
---------------------------------------------------------------------------------
*পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নিৰ্দেশ জাৰি কৰাৰ এমাহৰ ভিতৰত বিত্তীয় প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ* 

*দিছপুৰ, ৩০ মে’, ২০২২ঃ* ভাৰতৰ নিৰ্বাচন আয়োগে পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক (RUPPs) তেওঁলোকৰ বিত্তীয় প্ৰতিবেদন যেনে ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ অনুদান প্ৰতিবেদন ( Contribution Report), গণনাকৃত বাৰ্ষিক হিচাব প্ৰতিবেদন (Audited Annual Accounts) আৰু নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ এই সম্পৰ্কত আয়োগে যোৱা ২৫ মে’ তাৰিখে এক নিৰ্দেশনা জাৰি কৰিছে৷ দলসমূহে তেওঁলোকৰ বিত্তীয় প্ৰতিবেদন এই  নিৰ্দেশনা জাৰি কৰাৰ দিনাৰ পৰা ৩০ দিনৰ ভিতৰত দাখিল কৰিব লগিব৷ অন্যথা এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷  নিৰ্বাচন আয়োগৰ এই নিৰ্দেশৰ প্ৰতিলিপি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইট http://ceoassam.nic.inত উপলব্ধ কৰা হৈছে৷

এই সংক্ৰান্তত অসমৰ মুখ্য নিবাৰ্চনী বিষয়া নীতিন খাড়েয়ে সোমবাৰে কয় যে ৰাজ্যখনৰ কেইবাটাও পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলে জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ২৯ চি ধাৰাত উল্লেখিত ব্যৱস্থাসমূহ আৰু তেওঁলোকৰ বাবে নিৰ্দ্ধাৰিত অন্যান্য আইনী আৰু নিয়ামক ব্যৱস্থাসমূহ মানি চলাত ব্যৰ্থ হৈছে৷ এই দলসমূহে নিৰ্বাচন আয়োগৰ নিদেৰ্শনা অনুসৰি অনুদান প্ৰতিবেদন আৰু গণনাকৃত বাৰ্ষিক হিচাব প্ৰতিবেদন দাখিল কৰাত ব্যৰ্থ হোৱাৰ লগতে ২০২১ চনত অনুষ্ঠিত অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন, ২০১৯ চনৰ লোকসভা নিৰ্বাচন আৰু ৰাজ্যখনত অনুষ্ঠিত অন্যান্য উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত  ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন দাখিল কৰাত ব্যৰ্থ হৈছে৷ তেওঁ উল্লেখ কৰে যে অসমৰ মুঠ ২৩ টা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ ভিতৰত মাত্ৰ ৩টা দলে ২০১৭-১৮ বৰ্ষৰ অনুদান প্ৰতিবেদন, এটা ৰাজনৈতিক দলে ২০১৯-২০ বৰ্ষৰ গণনাকৃত বাৰ্ষিক হিচাব প্ৰতিবেদন আৰু মাত্ৰ এটা ৰাজনৈতিক দলে লোকসভা নিৰ্বাচন ২০১৯ৰ  নিৰ্বাচনী ব্যয় সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিছে৷  

সেয়েহে অসমৰ সকলো পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ অনুদান প্ৰতিবেদন আৰু গণনাকৃত বাৰ্ষিক হিচাব প্ৰতিবেদনৰ লগতে লোকসভা নিৰ্বাচন, ২০১৯, বিধানসভা নিৰ্বাচন, ২০২১ আৰু উপনিৰ্বাচনসমূহৰ নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্দ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত দাখিল কৰিবলৈ মুখ্য নিবাৰ্চনী বিষয়াগৰাকীয়ে আহ্বান জনাইছে৷ তেওঁ লগতে এই ৰাজনৈতিক দলসমূহৰ বিত্তীয় লেনদেনৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰীকে ধৰি তেওঁলোকৰ বিষয়ববীয়াসকলৰ শেহতীয়া তথ্য,  তেওঁলোকে সলনি কৰা কাৰ্যালয়ৰ ঠিকনা আৰু স্থায়ী একাউণ্ট নম্বৰ (PAN)ৰ বিষয়ে সবিশেষ জনাবলৈও অনুৰোধ জনায়৷

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক  এই প্ৰতিবেদনসমূহ আৰু অন্যান্য বিৱৰণসমূহ নিৰ্দ্ধাৰিত সময়সীমা অৰ্থাৎ অহা ২৪ জুনৰ ভিতৰত ceo_assam@eci.gov.in ত মেইল কৰি নতুবা অসম সচিবালয়ৰ ব্লক-চিৰ চতুৰ্থ মহলাত থকা মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ আহি দাখিল কৰিবলৈ আহ্বান জনায়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা