বাঙালী জনমুক্তি বাহিনীৰ মুৰব্বীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগঃ ভুৱা কেডাৰৰ নাম দি অবৈধভাবে ধন আদায়ৰ অভিযোগঃ






শ্ৰীৰামপুৰ-গোসাইগাঁও ২৪ মে’: অসমত বসবাস কৰা বাঙালী জনগোষ্ঠীৰ অধিকাৰ আদায়ৰ স্বাৰ্থত গঠন হোৱা বাঙালী জনমুক্তি বাহিনী চমুকৈ এন এল এফ বিৰ সেনাধ্যক্ষ আৰু অধ্যক্ষৰ বিৰুদ্ধে অবৈধ ভাবে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে সংগঠনৰ সদস্য সকলে ৷ উল্লেখ্য যে জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম চলাই পৰবৰ্তী সময়ত চৰকাৰৰ আহ্বান মৰ্মে অস্ত্ৰ ত্যাগ কৰি মূলসুতিলৈ ঘুৰি আহে ৷ মূলসুতিলৈ ঘুৰি অহা সদস্য সকলক গাইপতি ডেৰ লাখ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও ৫৭ গৰাকী সদস্য চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হৈ আছে ৷ সংগঠনৰ সেনাধ্যক্ষ কমল পাল আৰু অধ্যক্ষ ৰঞ্জন সৰকাৰে সংগঠনৰ লগত কোনো সম্পৰ্ক নথকা একাংশ নতুন সদস্যক অন্তৰ্ভুক্ত কৰি প্ৰকৃত সদস্য সকলক বঞ্চিত কৰাৰ অভিযোগ কৰিছে বঞ্চিত সদস্য সকলে ৷ গোসাইগাঁও প্ৰেছ ক্লাবত আজি এক সংবাদ মেল যোগে চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত সদস্য সকলে অভিযোগ কৰে যে সেনাধ্যক্ষ কমল পাল আৰু অধ্যক্ষ ৰঞ্জন সৰকাৰে ষড়যন্ত্ৰমূলক ভাবে প্ৰকৃত ৫৭ গৰাকী সদস্যক বঞ্চিত কৰি ধনৰ লেনদেন কৰি নতুন সদস্যক অন্তৰ্ভুত কৰিছে ৷ প্ৰতি গৰাকী নতুন সদস্যৰ পৰা পঞ্চাশ হাজাৰ টকাকৈ লৈ অন্তৰ্ভুত কৰাৰ অভিযোগ কৰিছে ৷ অভিযুক্ত নেতাদ্বয়ে অবৈধভাবে নতুন সদস্যক অন্তৰ্ভুত কৰি চৰকাৰী ধন আত্মসাৎ কৰিছে বুলি বঞ্চিত সদস্য সকলে অভিযোগ কৰিছে ৷ বঞ্চিত ৫৭ গৰাকী সদস্য সকলক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে চৰকাৰী ধন আত্মসাৎৰ বিষয়টো তদন্ত কৰাৰ দাবী কৰিছে বঞ্চিত সহস্য সকলে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা