জনিয়াৰ খহনীয়া পীড়িত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

# #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৪ মে': ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই অাজি বৰপেটা জিলাৰ ৪৪ নং জনিয়া সমষ্টিৰ অন্তৰ্গত জনিয়া সত্ৰৰ লগতে কাষৰীয়া শওঁপুৰকে ধৰি কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ অাৰু বেঁকী নদীৰ গৰাখহনীয়াৰ বুজ লোৱাৰ লগতে তাৎক্ষণিকভাৱে কাম কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে  মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰীশ্ৰী পুৰুষোত্তম ঠাকুৰ দেৱৰ দ্বাৰা প্ৰতিস্থিত জনিয়া সত্ৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ উপস্থিতিত সেৱা লয় আৰু সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে সত্ৰ খনৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত মিলিত হয় । মন্ত্ৰীগৰাকীক আজিৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ সময়চোৱাত বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস,সাংসদ আব্দুল খালেক, বিধায়কদ্বয় শ্বেৰমান আলী আৰু হাফিজ ৰফিকুল ইছলাম, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ লগতে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকলে সংগ দিয়ে । (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা