'আৰ্থিক সংকটত আলফা(স্বা), অসমত ধন সংগ্ৰহৰ অভিযান চলোৱাৰ পৰিকল্পনা'-বিস্ফোৰক মন্তব্য চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ

আলফা(স্বাঃ)- চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ বিষয়টো শেহতীয়াকৈ চৰ্চাত আছে। আলফা-চৰকাৰৰ পৰস্পৰৰ এই সম্পৰ্কৰ মাজতে নিষিদ্ধঘোষিত সংগঠনটোৱে সমান্তৰালভাৱে চলাই গৈছে নতুন সদস্য ভৰ্তি অভিযান৷  নিতৌ নতুন সদস্যভৰ্তি হৈ থকাৰ খবৰে ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ মাজতে  চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে সোণাৰিত আলফাৰ সন্দৰ্ভত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে।

সংবাদ মেলখনত আৰক্ষী অধীক্ষক যুৱৰাজে কয় যে,'আলফা(স্বাঃ) বৰ্তমানে তীব্ৰ আৰ্থিক সংকটত ভুগিছে৷ অৰ্থ সংকটত ভোগা আলফাৰ বৰ্তমান সময়ত অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ লগতে শিৱিৰ পৰিচালনা কৰিব পৰাকৈও নাই পৰ্যাপ্ত ধন৷ ফলত ম্যানমাৰ সীমান্তত নগা উগ্ৰপন্থী সংগঠনৰ পৰা অস্ত্ৰ ভাড়াত লোৱাৰ লগতে ম্যানমাৰৰ গভীৰ অৰণ্যত থকা নগা উগ্ৰপন্থী শিৱিৰতে দিন কটাইছে আলফাৰ সদস্যসকলে৷ ইয়াৰ বাবদ আলফাকে ধৰি উত্তৰ পূৱৰ উগ্ৰপন্থী সংগঠনসমূহে প্ৰতিমাহে দিব লাগে এক বুজন পৰিমাণৰ ধন ৷'


শুকুৰবাৰে  দুপৰীয়া চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয় যে, 'ম্যানমাৰৰ পৰাই নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনে সাংগাঠনিক কাম-কাজ অব্যাহত ৰাখিছে যদিও শেহতীয়াকৈ চৰম আৰ্থিক সংকটত ভোগাৰ ফলত সংগঠনটো একপ্ৰকাৰ নিশকতীয়া হৈ পৰিছে ৷ আৰ্থিক সংকটৰ বাবেই অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা আৰু শিৱিৰত অত্যাৱশ্যকীয় সা-সামগ্ৰী বিশেষকৈ খাদ্য,পানী আদি যোগান ধৰিব নোৱাৰি নগা উগ্ৰপন্থী সংগঠনৰ শৰণাপন্ন হৈছে৷  অস্ত্ৰ আৰু ম্যানমাৰস্থিত শিৱিৰ ব্যৱহাৰৰ নামত আলফাই তেওঁলোকক মাহত দিব লাগে এক বৃহৎ সংখ্যক ধন ৷ ইফালে বিগত ছটা মাহে আলফাই  দিব পৰা নাই এই ধন। এই বিশাল অংকৰ ধন আদায় নিদিয়াত  আলফাক(স্বাঃ) অনাদায়কৃত ধন আদায় দিবলৈ হেঁচা দিয়া হৈছে।'


জিলা আৰক্ষী অধীক্ষক যুৱৰাজে যোৱা ১৬ মে ২০২২ত এই সন্দৰ্ভত ম্যানমাৰৰ শিৱিৰত আলফা আৰু উত্তৰ পূবৰ কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সৈতে এক বৈঠক হোৱা বুলিও দাবী কৰে৷ আৰক্ষী বিষয়াগৰাকীয়ে চোৰাংচোৱাৰ উদ্ধৃতি দি উক্ত বৈকঠত হোৱা আলোচনা সন্দৰ্ভত কয় যে,  'উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনৰে হোৱা উক্ত আলোচনাত সংগঠনটোৱে আলফাৰ অনাদায়কৃত ধন অচিৰেই আদায় কৰিবৰ বাবে দাবী জনোৱাৰ লগতে অসমত আলফাই(স্বা) ধন সংগ্ৰহ কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উক্ত সিদ্ধান্ত অনুসৰি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী, ৰাজনীতিক, উদ্যোগপতি আদিৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ আঁচনি যুগুত কৰা হয় ৷'

সেই অনুসৰি আলফাৰ একাংশ লিংকমেনে নতুন সদস্য ভৰ্তি হ’লে পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক পুৰষ্কাৰ দিয়া হ’ব বুলি প্ৰলোভন দি সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে, আলফাৰ নতুন সদস্য ভৰ্তি অভিযান সম্পৰ্কত আৰক্ষী অধীক্ষকে যুৱৰাজে আৰু কয় যে, দৰিদ্ৰ পৰিয়ালৰ একাংশ যুৱক আলফালৈ গৈ টকা ঘটাৰ সুযোগ লাভ কৰিব বুলি সংগঠনত যোগদান কৰিছে৷ চাকৰি লাভ নকৰা একাংশ যুৱক-যুৱতী আৰু পৰিয়াল পোহ-পাল দিব নোৱাৰা এচাম বিবাহিত লোকেও সহজ ধনৰ লালসাত আৰু  আত্মসমৰ্পণ কৰি চৰকাৰৰ ঘৰৰ পৰা কেইবালাখ টকা লাভ কৰিব পাৰিব বুলি ভাবিও একাংশই আলফাত যোগদান কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা