বটদ্ৰৱাৰ ঘটনাক লৈ শিৱসাগৰত বীৰ লাচিত সেনাৰ সংবাদমেল*

*
*থানা জ্বলাই দিয়া সন্দেহজনক নাগৰিকৰ ওপৰত বুলডজাৰ চলোৱাৰ আহবান*
আমাৰ প্ৰণাম সংবাদদাতা শিৱসাগৰ: আজি শিৱসাগৰত  বীৰ লাচিত সেনাই এখন সংবাদ মেল সম্বোধন কৰে। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই বটদ্ৰৱাৰ ঘটনাক কেন্দ্ৰ কৰি বীৰ লাচিত সেনাৰ স্থিতি মুকলি কৰে। একাংশ উন্মাদ আচৰণৰ লোকে এখন থানা জ্বলাই দিয়া কাৰ্যক তীব্ৰ গৰিহণা দি চলিহাই কয় যে চৰকাৰে এনে সন্দেহজনক নাগৰিকৰ ঘৰত বুলডজাৰ চলোৱাৰ লগতে সেই অপৰাধী বোৰৰ ওপৰতো বুলডজাৰ চলাই দিব লাগে।বটদ্ৰৱাৰ ঘটনাক লৈ বীৰ লাচিত সেনাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নাই কৰা বুলি সামাজিক মাধ্যমত সমালোচনা হোৱাৰ উত্তৰ দি চলিহাই কয় যে বীৰ লাচিত সেনা খিলঞ্জীয়া অসমীয়াৰ  স্বাৰ্থত আছে।তেওঁ অসমীয়া জাতিৰ বাবে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত হ'বলৈ আহবান জনায়।নহ'লে এই সন্দেহজনক নাগৰিকৰ কৱলত অসমীয়া জাতি শেষ হৈ যাব বুলিও সন্দেহ প্ৰকাশ কৰে।আনহাতে বটদ্ৰৱাৰ থানা জ্বলাই দিয়াৰ ঘটনাক লৈ বিভিন্ন মহলে ৰাজনীতি কৰা বিষয়টোক গৰিহণা দিয়ে বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা