মানকাচৰৰ কঠালবাৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত কফ স্বীৰাফ জব্দ৷


এখন টাটা মেজিকৰ পৰা পাঁচ বস্তা কফ স্বীৰাফ জব্দ কৰে মানকাচৰ আৰক্ষীয়ে৷



দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৩ মেঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ কঠালবাৰীত মানকাচৰ আৰক্ষীয়ে পাঁচ বস্তা কফ ছিৰাপ জব্দ কৰে৷ এখন টাটা মেজিক গাড়ীৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় মানকাচৰ আৰক্ষীয়ে৷ জব্দ কৰা গাড়ী খনৰ নম্বৰ AS 17 C 0814. চালক সহ দুই সৰবৰাহকাৰী আছিল গাড়ী খনত৷ হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গাড়ী খন অতি দ্ৰুত গতিত গৈ আছিল৷ মাণিক লাল বাদশ্বাহ নামৰ প্ৰাক্তন গৃহৰক্ষী জোৱান এজনে গাড়ী খনৰ গতিবিধি লক্ষ্য কৰি গাড়ী খনৰ পিছে পিছে মটৰ চাইকেল লৈ খেদি গৈছিল৷ প্ৰায় ৬ কিলোমিটাৰ পথ খেদি যোৱাৰ পাছত কঠালবাৰী গৈ গাড়ী খন ধৰাত গাড়ীৰ পৰা নামি পলায়ন কৰে চলাক সহ ড্ৰাগছ সৰবৰাহকাৰী জনে৷ ফলত লগে লগে মানকাচৰ আৰক্ষীক ফোন কৰে প্ৰাক্তন গৃহৰক্ষী জোৱান মাণিক লাল বাদশ্বাই৷ অবশেষত প্ৰাক্তন গৃহৰক্ষী জোৱন জনৰ তৎপৰতাত গাড়ী সহ নিচাযুক্ত সামগ্ৰী খিনি জব্দ কৰে আৰক্ষীয়ে৷ মানকাচৰৰ ভাৰত বাংলা সীমান্তয়েদি ড্ৰাগছৰ অবৈধ ব্যৱসায় দীৰ্ঘ দিনৰ পৰা চলি আছে৷ অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা থকাৰ পিছতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীযে অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ জানিব পৰা মতে ড্ৰাগছ ব্যৱসায়ী সকলে পশ্চিমবংগ, মণিপুৰ আদি ঠাইৰ পৰা নিচাযুক্ত সামগ্ৰী সমূহ আনি মানকাচৰ সীমান্তয়েদি বাংলাদেশলৈ সৰবৰাহ কৰে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা