জৰ্জ বৰদলৈৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাডাৰ ষ্টিফেন মাভেলিক

জৰ্জ বৰদলৈ অসমৰ পৰিচিত এটা নাম৷ অসমত প্ৰথম ধাবা সংস্কৃতি অনা ব্যক্তিজনেই আছিল এইগৰাকী জৰ্জ বৰদলৈ৷ প্ৰতিষ্ঠিত সফল ব্যৱসায়ী, প্ৰকৃতিবিদৰ লগতে ভাল অভিনেতা হিতাপে পৰিচিত আছিল জৰ্জ বৰদলৈ৷ কিন্তু হঠাৎ পুৱাই আহিল এটা দুঃসংবাদ৷ সোণাপুৰত থকা জৰ্জ ৰিটেইট নামৰ নিজৰ ৰিজট’ত উদ্ধাৰ হয় জৰ্জ বৰদলৈৰ মৃতদেহ৷ মৃতদেহৰ কাষত উদ্ধাৰ হোৱা চুইচাইড নোটত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  ফাডাৰ ষ্টিফেন মাভেলিৰ নাম উল্লেখ থকাৰ পিছতে সোণাপুৰ আৰক্ষীয়ে আটক কৰে ফাডাৰ ষ্টিফেন মাভেলিক৷


কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে, চুইচাইড নোটটো লিখা নাছিল জৰ্জ বৰদলৈয়ে৷ চুইছাইড নোটটো ওপৰত হওক উচিত তদন্ত৷ মৃত জৰ্জ বৰদলৈৰ পুত্ৰৰ অভিযোগ, ‘‘আজিৰ পৰা ৩ মাহ পূৰ্বে মোৰ আৰু দেউতাৰ ওপৰত পাহাৰৰ ৮০০ গছ কটা বুলি মিছা অভিযোগ দিছিল ফাডাৰ ষ্টিফেন মাভেলিয়ে৷ আমি ফাডাৰক সাক্ষাৎ কৰি ভুৱা গোচৰটো উঠাই ল’বলৈ অনুৰোধ জনাইছিলো, যিহেটো দেউতা শাৰীৰিকভাৱে অসূস্থ আছিল৷’’
সেই সময়তে হেনো ফাডাৰক জৰ্জ বৰদলৈয়ে কৈছিল, এনেদৰে মোক মানসিক হাৰাশাস্তি কৰিলে আত্মহত্যাৰ পথ বাচি ল’ম৷ ফাডাৰে কিন্ত জৰ্জ বৰদলৈৰ কথাত গুৰুত্ব নিদি উঠাই লোৱা নাছিল গোচৰটো৷ পৰিয়ালৰ মতে, যাৰ বাবে মানসিকভাৱে ভাঙি পৰিছিল জৰ্জ বৰদলৈ৷ সেয়ে জীৱনৰ চৰম পন্থা বাচি ল’বলৈ বাধ্য হ’ল জৰ্জ বৰদলৈয়ে আৰু লিখি থৈ গ’ল দুখনকৈ চুইচাইড নোট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা