মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ দপদপনি৷


মোটা অংকৰ ধনলৈ মাটিৰ দলিলৰ জালিয়াতি৷ 

দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৬ মে:- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশৰ পিছতো দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়াও দালালৰাজ অব্যাহত আছে। আজি মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ দালাল এগৰাকীক আৱদ্ধ কৰি স্থানীয় ৰাইজে শোধাপোছা কৰাত এই তথ্য পোহৰলৈ আহে। মানকাচৰ থানাৰ অন্তৰ্গত জাঙ্গাল চাৰি আলিৰ মোনোয়াৰ হুচাইন নামৰ দালালজনে স্বীকাৰ কৰে মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা মাটিৰ দালালীৰ কথা। দালালজনে সদৰি কৰামতে মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী জৰিত এই মাটিৰ দলিল জালিয়াতিৰ লগত। একাংশ বিষয়া কৰ্মচাৰীয়ে উৎকোচ লৈ জালিয়াতিৰে মাটিৰ নামজাৰি আৰু দলিল কৰি দিয়ে বুলি জানিব দিয়ে দালাল গৰাকীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালক গ্ৰেপ্তাৰৰ বাবে দিয়া কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই মাটিৰ দালাল মোনোয়াৰ হুচাইনে কেনেদৰে অকপটে মাটিৰ দালালি কৰি আছে এই লৈ সচেতন মহলৰ চকু কপালত উঠিছে৷ আনকি মাটিৰ দালাল মোনোয়াৰ হুচাইনে সাদুল্যাবাৰী গাওঁৰ জছিজল হক আৰু আদম আলী নামৰ দূই ভাই-ককাইৰ মাজত মাটিকলৈ কাজিয়াৰ সৃষ্টি কৰি জালিয়াতিৰে একেডৰা মাটিৰ নামজাৰিৰ বাবদ আদম আলীৰ পৰা ৭০ হেজাৰ সংগ্ৰহ কৰাৰ বিপৰীতে জছিজল হকৰ পৰা ৪০ হেজাৰ টকা কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীক উৎকোচ দিয়াৰ নামত সংগ্ৰহ কৰে। আনকি মোনোয়াৰ হুচাইন নামৰ দালালজনে কালাপানী আৰক্ষীত দালালি কৰি আদম আলীৰ পত্নীৰ হতুৱাই ভূৱা গোচৰ তৰাই আদম আলীৰ ডাঙৰ ককাই জছিজল হকক কালাপানী আৰক্ষী চকীত গ্ৰেপ্তাৰ কৰায়। কালাপানী আৰক্ষীয়ে উৎকোচ নেপাই ভূৱা গোচৰৰ আছামী জছিজল হকক নিশা থানাত গুৰুলা-গুৰুলকৈ লাঠিৰে প্ৰহাৰ কৰে বুলি ভুক্তভুগীয়ে সাংবাদিকক জানিবলৈ দিয়ে। সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে আৰু কিমান দিন মানকাচৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিব এই দালালৰাজ৷ চৰকাৰ তথা জিলা প্ৰশাসনৰ লগতে জিলা আৰক্ষীয়ে এই দালাল সকলোক নাকিলগাব নে ? এই লৈ জিলাখনৰ ৰাইজৰ মাজত বহুমূলীয়া প্ৰশ্নৰ উদ্ভৱ হৈছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা