বানপানীৰ বাবে বৰপেটা জিলাৰ ৫৭ বিদ্যালয়ত গুণোৎসৱ স্থগিত*

*বানপানীৰ বাবে বৰপেটা জিলাৰ ৫৭ বিদ্যালয়ত গুণোৎসৱ স্থগিত*             *এক্সটাৰনেলৰ ৰূপত আজিৰে অংশ লব ৰাজ্য প্ৰশাসনৰ বহু জেষ্ঠ বিষয়াই*                     *স্কুলে-স্কুলে ব্যাপক উৎসাহ, শিক্ষক, প্ৰশাসনৰ তৎপৰতা*


 প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৩ মেঃ  ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে বৰপেটা জিলাৰো চৰকাৰী বিদ্যালয় সমূহত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। অৱশ্যে চলিত বান পৰিস্থিতিৰ বাবে অবিভক্ত বৰপেটা জিলাৰ  বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ ৫৩ খন আৰু ভৱানীপুৰ শিক্ষা খণ্ডৰ ৪ খনৰ সৈতে মুঠ ৫৭ খন বিদ্যালয়ত গুণোৎসৱ স্থগিত ৰখা বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ জনোৱা মতে, আজি প্ৰথম দিনা সকলো বিদ্যালয়তে স্ব-মূল্যায়ন পদ্ধতিৰে দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ পঠন  সম্পৰ্কীয় পৰীক্ষা লোৱা হয়। কাইলৈৰ পৰা অহা তিনি দিনৰ ভিতৰত বৰ্হি মূল্যায়কৰ উপস্থিতিত বিদ্যালয় সমূহৰ মূল পৰীক্ষা অনুষ্ঠিত হ'ব, য'ত ছাত্ৰ-ছাত্ৰী সকলৰ মূল্যায়নৰ উপৰিও বিদ্যালয় সমূহৰো মূল্যায়ন কৰা হ'ব। এই কাৰ্যসূচীত জিলাখনৰ আঠ শতাধিক প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া আৰু মহাবিদ্যালয়ৰ অধ্যাপক-সহকাৰী অধ্যাপক আদিৰ উপৰি ৰাজ্য প্ৰশাসনৰ কেবাগৰাকীও জেষ্ঠ বিষয়াও অংশগ্ৰহণ কৰিব। সেই অনুসৰি বৰপেটা জিলাৰ ৰাজ্যিক প্ৰভাৰী বিষয়া তথা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আয়ুক্ত-সচিব আকাশদীপে কাইলৈ অংশ লৱ নতুন টংলা প্ৰাথমিক বিদ্যালয়ত। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকীয়ে পৰহি সৰুপেটা উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্হি মূল্যায়ক হিচাপে উপস্থিত থকাৰ পিছত তৃতীয় দিনা সৰুপেটা ছোৱালী মজলীয়া বিদ্যালয়ত গুণোৎসৱৰ দায়িত্ব পালন কৰিব। কাইলৈ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক্সটাৰনেলৰ ভূমিকা পালন কৰিব ভাৰতীয় বন সেৱাৰ জেষ্ঠ বিষয়া অতিৰিক্ত প্ৰধান মুখ্য বন বিষয়া ড: সত্যেন্দ্ৰ সিঙে। তেওঁ ২৫ মে'ত বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ২৬ মে'ত জ্যোতিগাওঁ প্ৰাথমিক বিদ্যালয়ত এক্সটাৰনেলৰ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰীৰ সচিবালয় তথা ৰাজহ বিভাগৰ সচিব হিচাপে কৰ্মৰত অসম অসামৰিক সেৱাৰ জেষ্ঠ বিষয়া ভাস্কৰ পেগুয়ে অংশ লব প্ৰথম, দ্বিতীয় আৰু তৃতীয় দিনা যথাক্ৰমে বহৰি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বহৰি বজাৰ বুনিয়াদী প্ৰাথমিক বিদ্যালয় আৰু বহৰি উচ্চ মাধ্যমিক বিদ্যালয়ত। বন আৰু পৰিবেশ বিভাগ তথা ভৈয়াম জনজাতি কল্যাণ বিভাগৰ সচিব আই এ এছ বিষয়া বিনিতা পেগুয়ে অংশ গ্ৰহণ কৰিব যথাক্ৰমে বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰনগৰ জে আৰ পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উত্তৰ গণকগাড়ী প্ৰাথমিক বিদ্যালয়ত। খাদ্য আৰু অসামৰিক যোগান বিভাগত যুটীয়া সচিব হিচাপে কৰ্মৰত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া অনুসুয়া দত্ত বৰুৱাই অংশ লব যথাক্ৰমে অহল্যা বালিকা অনুশীলন বিদ্যালয়, হাউলীৰ আদৰ্শ বিদ্যাপীঠ আৰু হাউলী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কাইলৈ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্হি মূল্যায়কৰ ৰূপত অৱতীৰ্ণ হ'ব। অৱশ্যে তেওঁ কাইলৈ দিছপুৰত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰিবলৈও যাব বুলি জনসংযোগ বিষয়াই জনাইছে। ইয়াৰ উপৰিও এই তিনিদিনত ৰাজ্যৰ একাধিক মন্ত্ৰীয়েও বৰপেটা জিলাৰ কেবাখনো বিদ্যালয়ত বৰ্হি মূল্যায়ক হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনৰো প্ৰায় সকল জেষ্ঠ বিষয়াই এইবাৰৰ গুণোৎসৱত অংশ গ্ৰহণ কৰি এই উৎসৱক সফল ৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলোৱা বুলি জনসংযোগ বিষয়াই জনাইছে। ইতিমধ্যে ইয়াকে লৈ সকলো বিদ্যালয়ত উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে। নিজৰ নিজৰ বিদ্যালয়খন আকৰ্ষণীয় কৰি তোলাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী সকলে প্ৰয়াস চলাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা