ভেল্লা-পালহাজীত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাঃ ড্ৰাগছৰ ব্যৱসায়ীক কঠোৰ সকিয়নী বৰপেটা প্ৰশাসনৰ।
#
# ড্ৰাগছ এৰক নাইবা আত্মসমৰ্পণ কৰকঃ বাটৰ নাট প্ৰদৰ্শনেৰে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা জিলা প্ৰশাসনৰ।
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৩ মেঃ বৰপেটাৰ ভেল্লাত অাজি ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। বৰপেটা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু মানৱ সমাজ কল্যাণ সমিতিৰ সহযোগত আজি বৰপেটাৰ ভেল্লা বজাৰ , পালহাজী বজাৰ আদি প্ৰান্তত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হয়। তদুপলক্ষে মানৱ সমাজ কল্যাণ সমিতিৰ দ্বাৰা প্ৰদৰ্শিত বাটৰ নাটে ৰাইজক অভিভূত কৰে। পিছে বাটৰ নাটৰ অন্তত বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ লক্ষ্য অাগত ৰাখি ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ হোৱাৰ বাবে ড্ৰাগছ ব্যৱসায়ীক কঠোৰ সকিয়নী প্ৰদান কৰি কয় যে, ড্ৰাগছ এৰক নাইবা আত্মসমৰ্পণ কৰক। তদুপৰি ড্ৰাগছৰ সৈতে জড়িত থকা ব্যক্তিৰ খবৰ পালে আৰক্ষীক জনাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। আৰক্ষীৰ এই সজাগতামূলক অভিযানৰ সলাগ লয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সভাপতি আজিজুল হক, সম্পাদক চাইজুৰ ৰহমানে । সজাগতা সভাখনত বৰপেটা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত আৰক্ষী অধীক্ষক ডা০ প্ৰদীপ শইকীয়া, উপ-আৰক্ষী অধীক্ষক মদন কলিতাসহ আৰক্ষীৰ বহুকেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে । বাটৰ নাট প্ৰদৰ্শনেৰে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা জিলা প্ৰশাসনৰ। (ফটো অাছে)
Comments
Post a Comment