ৰঙিয়া আৰক্ষীৰ ধাৰাবাহিক অভিযান । পুণৰ দুই ড্ৰাগছ ব্যৱসায়ী আটক


দৈনিক আমাৰ প্ৰণাম, ২৪ মে' :-  ৰঙিয়া আৰক্ষীয়ে ধাৰবাহিক ভাবে অভিযান চলাই ইতিমধ্যে কেইবাজনো  ড্ৰাগছ ব্যৱসায়ী আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ উপৰিও বহু পৰিমানে  ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।  পুণৰ মঙ্গলবাৰে ৰঙিয়া  আৰক্ষীয়ে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।  ৰঙিয়া আৰক্ষী থানাৰ নগৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে ৰঙিয়া ইকো পাৰ্কৰ পৰা আটক কৰা হয় যুৱক দুজনক আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা প্ৰায় এক লাখ টকা মুল্যৰ হিৰোইন জব্দ কৰাৰ লগতে ১৯ টা কন্টেনাৰ উদ্ধাৰ কৰে ।আটকাধিন যুৱক দুজন হৈছে  মিখাইল নাৰ্জাৰি আৰু এলাৰ্ট মুছাহাৰী দুয়োৰে ঘৰ চিৰাং জিলাৰ বঙাইগাঁওৰ বেংতল আৰু ১ নং বুৰিজাৰৰ বুলি জানিব পৰা গৈছে ।  আৰক্ষীয়ে দুয়োজনকে অধিক তথ্যৰ বাবে সোধপোচ অব্যহত ৰাখিছে । 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা