শিৱসাগৰত চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত*

*
*গুণোৎসৱৰ তৃতীয়টো দিনত শিৱসাগৰত শিক্ষকৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত*
আমাৰ প্ৰণাম সংবাদদাতা শিৱসাগৰ : অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক আজি গুণোৎসৱৰ তৃতীয় দিনা দেখা গল শিক্ষকৰ ৰূপত। আজি পুৱাই শিৱসাগৰৰ অন্যতম পুৰণি বিদ্যালয় গৱৰ্ণমেন্ট স্কুলত ডিজিপি ভাস্কৰজ্যোতি মহন্ত উপস্থিত হয়। উল্লেখ্য যে এসময়ত ছাত্ৰ হৈ অহা ভাস্কৰজ্যোতি মহন্ত আজি আহিল শিক্ষকৰ ৰূপত ৷ ১৮৪১ চনত প্ৰতিস্থা লাভ কৰা উজনিৰ দ্বিতীয়খন লৰাৰ বিদ্যালয়ত আজি  উখল মাখল পৰিৱেশ। অসম সাহিত্য সভাৰ ১৪ জনকৈ সভাপতিৰ শৈশৱৰ পঢ়াশালি শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়। গুণোৎসৱৰ দ্বিতীয় দিনটোত বৰ্হি মূল্যায়কৰূপে  উপস্থিত সঞ্চালক প্ৰধান গৰাকী ৷ গৃহ নগৰীৰ শৈশৱৰ পঢ়াশালীত  শিক্ষকৰ ৰূপত উপস্থিত হৈ নষ্টালজিক হৈ পৰে ভাস্কৰ জ্যোতি মহন্ত ৷ উল্লেখযোগ্য যে আৰক্ষীৰ সঞ্চালক প্ৰধান জনে আজি শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ লগত অহাৰ গ্ৰহণ কৰে। ইয়াৰ উপৰিও গুণগত মান নিৰূপনৰ বাবে চৰকাৰ, শিক্ষা বিভাগে লোৱা পদক্ষেপক শলাগ লয় ডিজিপি ভাস্কৰ জ্যোতি মহন্তই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা