দ্বাৰকুছি এবিএমছুৰ তামুলপুৰ জিলা উপায়ুক্তক শিক্ষা সমস্যাক লৈ স্মাৰক পত্ৰ



নয়নজ্যোতি দাস, তামুলপুৰ, ২৩ মে'--


সদৌ বিটিচি সংখ্যা লঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ দ্বাৰকুছি আঞ্চলিক সমিতিয়ে আজি বৃহত্তৰ দ্বাৰকুছি অঞ্চলৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক আৰু আন্তঃগাথনিৰ অভাৱৰ বিষয়ে উল্লেখ কৰি সেইবোৰ বিদ্যালয়ৰ সমস্যাবোৰ শীঘ্ৰে সমাধানৰ হেতু তামুলপুৰ জিলাৰ উপায়ুক্তক সাক্ষাত কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত উল্লেখ কৰা মতে বৃহত্তৰ দ্বাৰকুছি ৰ পূৱ দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ১১৯ জন ছাত্র-ছাত্ৰী ৰ বিপৰীতে এজন, ২নং পূৱ দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ৭৯জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষকে পাঠদান কৰি আছে। আনহাতে ২নং পূৱ দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আৰু শ্বহীদ মোজাম্মিল হক প্ৰাথমিক বিদ্যালয়কে ধৰি দ্বাৰকুছি অঞ্চলৰ কেবাখনো বিদ্যালয়ত ন্যূনতম আন্তঃগাথনিৰো অভাৱ। সেয়ে শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ অনুসৰি ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি আৰু বিদ্যালয়ৰ আন্তঃগাথনি উন্নয়ন ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী ৰ গুণগত শিক্ষা নিশ্চিত কৰণৰ বাবে এবিএমছুৰ দ্বাৰকুছি আঞ্চলিক সমিতিয়ে দাবী উত্থাপন কৰে।##

Comments