লাডাখৰ তুৰটুকত ভয়ংকৰ দুৰ্ঘটনা! নদীত পৰিল সেনাবাহিনীৰ বাছ, নিহত ৭জন জোৱান, গুৰুতৰ ভাবে আহত ১৯

লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নদীত পৰিল সেনাৰ বাছ। ঘটনাত থিতাতে নিহত হয় ৭ জন জোৱান। সেইদৰে ১৯ জন গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

শুকুৰবাৰে, সেনাৰ এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই লাডাখৰ তুৰটুক চেক্টৰৰ শ্বায়োক নদীত পৰি যায় বুলি জানিব পৰা গৈছে। JK10-6245 নম্বৰৰ বাছখনত ২৬ জন জোৱান আছিল। দুৰ্ঘটনাটোত ৭ জন জোৱানে প্ৰাণ হেৰুৱাইছে। আৰু ১৯ জন গুৰুতৰভাৱে আহত হৈছে। সেনাৰ সূত্ৰই কৈছিল যে, আহত ১৯ জন জোৱানক বিমানেৰে ৱেষ্টাৰ্ণ কমাণ্ড চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

খবৰ অনুসৰি বাছখন নুব্ৰাৰ পৰা তুৰটুকলৈ গৈ আছিল। যিটো আহমেদ শ্বাহ নামৰ চাংমাৰৰ এজন জোৱানে চলাই আছিল। যেতিয়া চালকজনে হঠাতে পৰথাঙৰ ওচৰৰ লাৰ্গিয়াবত নিয়ন্ত্ৰণ হেৰুৱায়, বাছখন ৮০-৯০ ফুট তলত বৈ যোৱা শ্যাক নদীৰ খাড়াই উপত্যকাত পৰি যায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা