বাতৰি

মাৰ্ঘেৰিটাত "মাৰ্ঘেৰিটা নগৰৰ মাষ্টাৰ প্লেন,২০৪১" শীৰ্ষক ৰাজহুৱা সভা অনুষ্ঠিত


দৈনিক আমাৰ প্ৰণাম ২৭ মে:  মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত আজি ডিব্ৰুগড় নগৰ ও গাওঁ পৰিকল্পনা কাৰ্য্যালয় আৰু মাৰ্ঘেৰিটা পৌৰসভা কাৰ্য্যালয়ৰ সৌজন্যত "মাৰ্ঘেৰিটা নগৰৰ মাষ্টাৰ প্লেন,২০৪১" শীৰ্ষক এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ।উক্ত সভাত সভাপিতিত্ব কৰে মাৰ্ঘেৰিটা বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ হাজৰিকাই ।আজি এই  ৰাজহুৱা সভাতে "মাৰ্ঘেৰিটা নগৰৰ মাষ্টাৰ প্লেন,২০৪১" ৰ উত্থাপন কৰা হ'য় আৰু সেই খন ৰাইজৰ অনুমতি সাপেক্ষে অনুমোদন কৰা হয়। উক্ত সভাত উপস্থিত থাকে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা,মাৰ্ঘেৰিটা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম, মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া উর্বশী চেতিয়া, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, মাৰ্ঘেৰিটা পৌৰসভাৰ ৱাৰ্ড সদস্য/সদস্যা সকলৰ লগতে  মাৰ্ঘেৰিটা নগৰৰ  স্থানীয় ৰাইজ ।(ফটোসহ)

মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিম


# বৰপেটা শিক্ষা খণ্ডৰ নলীগাঁও সমল কেন্দ্ৰৰ ১১খন বিদ্যালয়ত সফলতাৰে অনুষ্ঠিত হৈ গ'ল গুণোৎসৱ #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ মেঃ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কালি সমাপ্ত হয়। বৰপেটা জিলাৰ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নলীগাঁও সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ত কালি সফলতাৰে গুণোৎসৱ অনুষ্ঠিত হৈ যায়। এই ১১খন বিদ্যালয়ৰ বাবে শিক্ষা বিভাগে চাৰিজন বহি:মূল্যায়ক , ২ জন যোগযোগকাৰী বিষয়া আৰু ১১জন নডেল শিক্ষক নিয়োগ কৰিছিল। ৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়, নলীগাঁও গাৰ্লচ এম ই মাদ্ৰাছা আৰু দেশভক্ত হাইস্কুলৰ বাবে ভৱানীনুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আব্দুল গফুৰ, ১৬৩৪ নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়, নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু পশ্চিম নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ বাবে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০হিতেশ চন্দ্ৰ ৰয় , উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়, হেলছা গাওঁ প্ৰাথমিক বিদ্যালয় আৰু ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ বাবে ভৱানীপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তাইজুদ্দিন আহমেদ, দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু এন কে হাইস্কুলৰ বাবে  ভৱানীপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ আব্দুছ ছালামক শিক্ষা বিভাগে বহি:মূল্যায়ক হিচাপে নিয়োগ কৰিছিল। বহি:মূল্যায়কৰ উপস্থিতিত অনুষ্ঠিত হোৱা পৰীক্ষাত ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ১৫১জন ছাত্র-ছাত্ৰীৰ ভিতৰত ১৫১ জনেই অৰ্থাৎ ১০০ শতাংশ ছাত্র-ছাত্ৰী, দেশভক্ত হাইস্কুলত ৫২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫১ জন অৰ্থাৎ ৯৮.৬১ শতাংশ,উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ত ৬২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৯ জন অৰ্থাৎ ৯৫.১৬ শতাংশ, পশ্চিম নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ৪৭ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৪৪জন অৰ্থাৎ ৯৩.৬১ শতাংশ,১৬৩৪ নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ৭৭ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৭১ জন অৰ্থাৎ ৯২.২০ শতাংশ, দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছাত ৭৫ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৬৯ জন অৰ্থাৎ ৯২ শতাংশ, এন কে হাইস্কুলত ৩১৬ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৮৯ অৰ্থাৎ ৯১.৪৫ শতাংশ,নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাত ৪২ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৩৮ জন অৰ্থাৎ ৯০.৪৭ শতাংশ,৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ১২৭ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১১২ জন অৰ্থাৎ ৮৮.১৮ শতাংশ, নলীগাঁও গাৰ্লচ এম ই মাদ্ৰাছাত ৭৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৬৪ জন অৰ্থাৎ ৮৭.৬৭ শতাংশ আৰু হেলছা গাওঁ প্ৰাথমিক বিদ্যালয়ত ৪৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৭ জন অৰ্থাৎ ৮৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। প্ৰতিটো বিদ্যালয়ত বহি;মূল্যায়কে ছাত্র-ছাত্ৰীৰ প্ৰাত:সভা,বিদ্যালয়ৰ তথ্য সংৰক্ষণ, শিকণ ফলাফল, ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা, ছাত্র সংসদ,শিক্ষণ -শিকন সামগ্ৰী, উদ্ভাৱণীমূলক অনুশীলন, পুথিভঁৰাল ব্যৱহাৰ, কভিডৰ সময়ত শৈক্ষিক পেকেজৰ ব্যৱহাৰ, বিনামূলীয়া ঐক্য সাজ,বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয়ত শিক্ষকৰ উপস্থিতি,বিদ্যালয় পৰিদৰ্শন,জৈৱ বৈচিত্ৰ্যৰ পঞ্জীয়ন,
 বিদ্যালয়ৰ বিভিন্ন পুঁজিৰ ব্যৱহাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ বিদ্যালয়ত অংশগ্ৰহণ, বিদ্যালয়ত সমাজ জড়িকৰণ, বিদ্যালয়ত মধ্যাহ্ন ভোজন,বিদ্যাঞ্জলী, টুইনিং বিদ্যালয় পাঠদান, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি,কভিডৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীৰ লগত যোগাযোগ, স্বাস্থ্যৰ তথ্য, শৌচাগাৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা,হাত-ধোৱা ঠাই, ডেক্স-বেঞ্চ পৰ্যবেক্ষণ, বৈদ্যুতিকৰণ,বিশুদ্ধ খোৱাপানী,বিশেষ প্ৰয়োজনীয় শিশুৰ সুবিধা, কভিড প্ৰতিৰোধী আৰু নিৰাপত্তা ব্যৱস্থা, বিদ্যালয়ৰ কম্পিউটাৰ সুবিধা আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ উপৰি বহি:মূ্ল্যায়কে ছাত্ৰ-ছাত্ৰীৰ পঠন , লিখন আৰু সাংখিক জ্ঞানৰ পৰীক্ষা কৰে। (ফটো অাছে)


মানকাচৰস্তিত জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ আৰু কলা বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী উৎযাপন।



দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৭ মেঃ- অসমৰ পশ্চিম প্ৰান্তৰ ভাৰত বাংলাদেশ সীমান্তৰ গাতে লাগি থকা মানকাচৰত ১৯৯৭ চনৰ ৯ মে তাৰিখত প্ৰতিষ্ঠা লাভ কৰা নামঘৰটো গৌৰব উজ্বলেৰে ২৫ টা বছৰ অতিক্ৰম কৰিলে। মানকাচৰৰ তদানীন্তন ইউকো বেঙ্কৰ বিষয়া অক্ষক ডেকা ৰ প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিষ্ঠিত হয় এই নামঘৰটো। নামঘৰটোৰ আজিৰে পৰা তিনিদিনীয়াকৈ বনাঢ্য কাৰ্যাসুচীৰে ৰূপালী জয়ন্তী উৎযাপন কৰিবলৈ লোৱা হৈছে। সেই উপলক্ষে আজি ৰাতিপুৱা ধৰ্ম ধব্জা উত্তোলন কৰে সুৰথ দাস, গুৰু কৃষদেৱ ভাগৱতী সমাজ হাজোৰ লগতে উপস্হিত থাকে মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা অসম সংখ্যালঘু  উন্নয়ন আৰু বিত্তীয় নিগমৰ লগতে উৎযাপন সমিতিৰ সভাপতি সত্যৰঞ্জন শইকীয়া, জ্যান জ্যোতি দত্তৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকতৰ লগতে মানকাচৰৰ বিভিন্ন জাতি ধৰ্ম ৰ লোকসকলৰ সহযোগত ৰূপালী জয়ন্তী উৎযাপন কৰিবলৈ লোৱা হৈছে। এই ৰূপালী জয়ন্তী উৎযাপনেযেৰে এক সন্মনয়ৰ বাৰ্তা দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।


# কেওঁটকুছি-মাইলকুছি পথত কালভাৰ্টনথকাত শ শ বিঘা ইৰি ধান-মৰাপাট  খেতি পানীৰ তলত #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ মেঃ বৰপেটা জিলা তথা সদৰ  সমষ্টিৰ অন্তৰ্গত কেওঁটকুছি-মাইলকুছি পথত সম্প্ৰতি কালভাৰ্ট নথকাৰ ফলত  কেইবাখনো গাঁও জলমগ্ন হোৱাৰ সমান্তৰাল কৈ বহু খেতি পথাৰ নষ্ট হৈছে। উল্লেখ্য যে,কিছুদিন আগতে হৈ যোৱা ধাৰাসাৰ বৰষুণৰ বাঢ়নী  পানী খেতি পথাৰত সোমাইছে যদিও পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নথকাত খেতি পথাৰ জলমগ্ন কৰাত বৃহত্তৰ গহেৰপামৰ সৰ্বসাধাৰণ লোকে জ্বলা কলা খাইছে। কিয়নো কেওঁটকুছি-মাইলকুছি পথত কোনো ধৰণৰ কালভাৰ্ট নথকাত ইতিমধ্যেই পানী আৱদ্ধ হৈ শ শ বিঘা ইৰি ধান-মৰাপাট আদি খেতি  পানীৰ তলত ডুব যোৱাত খেতি পথাৰ নষ্ট হোৱাৰ ফলত কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। সেয়ে উক্ত পথটোত অতিশীঘ্ৰে কালভাৰ্টৰ নিৰ্মাণ কৰি  পানী যাতায়তৰ সুব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ,স্থানীয় জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনক ৰাইজে অাহ্বান জনাইছে। (ফটো অাছে)



কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ ইতিবাচক পদক্ষেপ , মানুহে মানুহৰ বাবে
 
আমাৰ প্ৰণাম 
দীপ মহন্ত , গোলকগঞ্জ
২৭ মে 

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কেদাৰ গাঁওৰ দৰিদ্ৰতা জৰ্জৰিত ১০৮ বছৰীয়া আইতাৰ ভৰন পোষনৰ দ্বায়িত্ব গ্ৰহন কৰিলে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য কাৰ্তিক ৰায় । উক্ত সীমান্তৱৰ্তী কেদাৰ গাঁওৰ জেষ্ঠ নাগৰিক ময়নামতি দেৱীয়ে  অতি দুখ কষ্টৰে জীৱন যাপন অতিবাহিত কৰিছে ।। আইতা গৰাকীৰ নিজৰ বুলিবলে আছে  এজনী জীয়ৰী । দিন হাজিৰা কৰা জীয়ৰী গৰাকীৰ ঘৰত   জীৱন যাপন কৰি আহিছে ।।যি সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জেষ্ঠ নাগৰিক সকলৰ বাবে বিভিন্ন জনকল্যানমুলক আচনি ৰুপায়িত কৰি আহিছে তেনে সময়তে ভাৰতসবাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ   উক্ত  ১০৮ বছৰীয়া ময়নামতি দেৱীয়ে আজিলৈকে কোনো ধৰনৰ চৰকাৰী আঁচনি বা সা-সুবিধা লাভ নকৰাৰ খবৰ পোৱাৰ লগে লগে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পৰিষদ কাৰ্তিক ৰায়ে উক্ত গাঁওত যোৱাকালি উপস্হিত হৈ আইতা গৰাকীক সাক্ষাৎ কৰি আশীষ লয় আৰু  প্ৰয়োজনীয় সকলোবোৰ সা - সামগ্ৰীৰ লগতে কেইবা হাজাৰ টকা আইতাৰ হাতত প্ৰদান কৰে । লগতে আইতাৰ সৈতে বহু সময় কথা পাতি প্ৰতিমাহে আইতাক ১৫০০ টকা দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।  কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য কাৰ্তিক ৰায়ৰ এনে ইতিবাচক পদক্ষেপে আইতাৰ মুখত   সন্তোষ্টিৰ হাঁহি বিৰিঙাৰ লগতে সমগ্ৰ সীমান্তঞ্চলত  তেখেতৰ উক্ত পদক্ষেপ সকলোৰে মুখে মুখে প্ৰশংসিত হোৱা পৰিলক্ষিত হৈছে ।



# বৰপেটাৰোড ৰেল অাৰক্ষীৰ নাৱালিকা ছোৱালীক উদ্ধাৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ মেঃ বৰপেটা জিলাৰ বৰপেটাৰোড ৰেল ষ্টেচনৰ পৰা এগৰাকী নাৱালিকা ছোৱালীক ৰেল অাৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে কালি নামনি মুৱা নৰ্থইষ্ট এক্সপ্ৰেছযোগে দিল্লীলৈ যোৱাৰ সময়ত এজনী নাবালিকা ছোৱালী সহ দুজন যুৱকক ৰেলৱে অাৰক্ষীয়ে অাটক কৰে। নাবালিকা ছোৱালীজনীৰ ঘৰ ওদালগুৰী জিলাৰ টংলাৰ অাৰু যুৱক দুজনৰ ঘৰ বাক্সা জিলাৰ বাঁহবাৰীৰ বুলি জানিব পৰা গৈছে। পিছে দৰিদ্ৰ ছোৱালীজনীক কাম দিয়াৰ প্ৰলোভনেৰে ফুচলাই নি দিল্লীলৈ যাব খুজিছিল। যদিও ৰেলৱে অাৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয়। পিছে এই খবৰ লাভ কৰাৰ পিছত ঘটণাস্থলীত উপস্থিত হয় অাদিবাসী ছাত্ৰ সন্থাৰ বাহঁবাৰী অাঞ্চলিক সমিতিৰ নেতৃবৃন্দ। সম্প্ৰতি এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এনেধৰণৰ ঘটনাৰ সৈতে একাংশ দুষ্ট চক্ৰ জৰিত হৈ অাছে বুলি মন্তব্য কৰে  বৰপেটা জিলা শিৱসেনাৰ প্ৰাক্তন সভাপতি শুভব্ৰত সিনহাই। সম্প্ৰতি ৰাজ্য তথা দেশৰ নাৰী সৰবৰাকী চক্ৰৰ সৈতে উক্ত যুৱক দুজনৰ সম্পৰ্ক থকা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে বহি:ৰাষ্ট্ৰলৈ নাৰী সৰবৰাকাৰী সক্ৰিয় চক্ৰৰ পৰা সাৱধানে থাকিবলৈ সমূহ ৰাইজক সজাগ হবলৈ শিৱসেনাৰ নেতাগৰাকীয়ে অাহ্বান জনায়। (ফটো অাছে)



# ৰঙিয়াত 'চহৰাঞ্চল অসম'ৰ অধিনত নিৰ্মাণ হোৱা গৃহৰ শুভ উদ্বোধন বিধায়ক ভৱেশ কলিতাৰ #

দৈনিক আমাৰ প্ৰণাম, ৰঙিয়া ২৭ মে': "সকলোৰে সপোন ঘৰ হʼব আপোন" সংকল্পৰে প্ৰধানমন্ত্ৰী আবাস যোজনা - চহৰাঞ্চল,অসম' (PMAY-U) আঁচনিৰ জৰিয়তে ৰঙিয়া  সমষ্টিৰ কেইবাটাও ওৱাৰ্ডত গৃহ নিৰ্মাণ অব্যহত আছে । ইতিমধ্যে ৰঙিয়া পৌৰসভাৰ অধিনৰ চাৰিটাকৈ ওৱাৰ্ডত ঘৰ সম্পূৰ্ণ হৈ উঠাত গৃহ প্ৰৱেশ অনুষ্ঠানৰে এক, দুই , তিনি আৰু চয় নং  ওৱাৰ্ডৰ ৪ টাকৈ  গৃহৰ  শুভ উদ্ধোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই । এক নং ওৱাৰ্ডৰ বাসিন্দা চাহজাহান আলীৰ গৃহ, দুই  নং ওৱাৰ্ডৰ বাসিন্দা জাকিৰ হুছেইনৰ বাস গৃহ, তিনি নং ওৱাৰ্ডৰ বাসিন্দা মইনুল হ'কৰ গৃহ আৰু চয় নং ওৱাৰ্ডৰ বাসিন্দা বিনয় মজুমদাৰৰ গৃহৰ শুভ উদ্ধোধন কৰে বিধায়ক গৰাকীয়ে । গৃহ উদ্ধোধনী অনুষ্ঠিত হিতাধিকাৰী সকলে বিধায়ক গৰাকীক ফুলাম গামোচাৰে সম্ভৰ্ধনা জনাই । অনুষ্ঠান কেইটাত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি গৰাকি উপস্থিত থাকি কয় যে দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী  ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখন দ্বাৰা প্ৰতিজন হিতাধিকাৰীয়ে আৱাস গৃহ পাবলৈ সক্ষম হ'ব। অনুষ্ঠিনটোত ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পাল, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ  পাণ্ডুৰী জিলা পৰিষদৰ সদস্য  লিটন কলিতা, ৰঙিয়া পৌৰ সভাৰ পাৰিষদ সকল উপস্থিত থাকে । 

নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম, ৰঙিয়া


# গহিয়াত গুণোৎসৱৰ সফল পৰিসমাপ্তি #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৭ মেঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো অনুষ্ঠিত গুণোৎসৱৰ সামৰণি পৰে ৷ জিলাখনৰ চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত গহিয়া মণ্ডল সমল কেন্দ্ৰৰ অধীনত অনুষ্ঠিত গুণোৎসৱৰ কালি সফল সামৰণি পৰে ৷ উল্লেখ্য যে , চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ গুণগত মান নিৰূপণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ সমগ্ৰ অসমতে তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল । ইয়াৰে দ্বিতীয় পৰ্যায়ত বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত গহিয়া মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ ৭খন বিদ্যালয়ত ২৩ মে' তাৰিখৰ ২৬ মে'লৈ গুণোৎসৱ অনুষ্ঠিত হৈছিল ৷ গহিয়া মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰাতুল হালৈযে জানিবলৈ দিয়া মতে, সকলো শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, বহিঃমূল্যায়ক আৰু শিক্ষা সচেতন ৰাইজৰ সহযোগত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা  গুণোৎসৱৰ সফল পৰিসমাপ্তি হয় । বানপানীয়ে জুৰুলা কৰা সময়ছোৱাতো এইবাৰৰ গুণোৎসৱত গহিয়া মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ৭ খন বিদ্যালয়ৰ মুঠ প্ৰায় ৮৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে । গুণোৎসৱত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় সচেতন মহলৰ অংশগ্ৰহণে সমাজত এক যোগাত্মক বাৰ্তা কঢ়িয়াই নিবলৈ সক্ষম হৈছে  । (ফটো অাছে)


# বৰপেটাৰোডত ২২ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক দুজন ড্ৰাগছ সৰবহকাৰী #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৭ মেঃ বৰপেটা জিলাৰ বৰপেটাৰোড আৰক্ষীয়ে কালি পুনৰ ড্ৰাগছ বিৰোধী অভিযানত নামি পৰে। এই অভিযানত অাৰক্ষীয়ে ২২ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ দুজন ড্ৰাগছ সৰবহকাৰীক অাটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বৰপেটাৰোড আৰক্ষী থানৰ অন্তৰ্গত ভালুকী গাঁওত বৰপেটাৰোড আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চলোৱা  এই অভিযানত  আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী হৈছে ভালুকী গাঁওৰ আলী হুছেইনৰ পুত্ৰ মহিদুল ইছলাম (২৯)আৰু আন গৰাকী হৈছে বালাভিঠা গাঁওৰ মুকাদ্দেচ আলীৰ পুত্ৰ জাহিৰ শ্বাহ (২২) । বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছৰ পৰিমাণ ৩২.৫৭  গ্ৰাম হব। পিছে ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীক আটক কৰি বৰপেটাৰোড আৰক্ষী থানালৈ লৈ আহে আৰু অধিক তদন্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি অাৰক্ষীয়ে জানিব দিয়ে। (ফটো অাছে)


# খাদ্য সুৰক্ষাৰ কাৰ্ড আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰাৰ নিৰ্দেশত বেমেজালী # 
# ৰঙিয়া খাদ্য সুৰক্ষা বিভাগৰ কাৰ্যালয়ত গ্ৰাহক - এজেন্টৰ হাহাকাৰ # 

দৈনিক আমাৰ প্ৰণাম, ২৭ মে :- ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা অধিনত থকা গ্ৰাহক সকলৰ লগতে এজেন্ট সকলক কাৰ্ড সমুহ আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে । নিদিষ্ট সময় সীমাৰ ভিতৰত এনেদৰে কাৰ্ড সমুহ আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰিবলৈ দিয়াত বিপদত পৰিছে গ্ৰাহক তথা এজেন্ট সমুহ । বিশেষকৈ ৰঙিয়া মহকুমাৰ প্ৰায় আঠ'শ এজেন্টৰ বিপৰিতে আছে প্ৰায় এক লাখ ৭২ হেজাৰ গ্ৰাহক । নিজৰ খাদ্য সুৰক্ষাৰ কাৰ্ড খন আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰাৰ বাবে ভীৰ কৰা দেখাগৈছে ৰঙিয়া খাদ্য সুৰক্ষা বিভাগৰ কাৰ্যালয়ত । মাত্ৰ দুটা কম্পিউটাৰত এনেদৰে কাম সমুহ অব্যহত থকাত সাংঘাটিক ধৰণে সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । গুৰুত্বপূৰ্ণ বিষয়টো হল যে একাংশ চৰকাৰী চাকৰিয়াল ব্যক্তিয়ে চৰকাৰী নিৰ্দেশৰ পিচতে  স্বইচ্ছাই নিজৰ নিজৰ খাদ্য সুৰক্ষাৰ কাৰ্ড সমুহ ৰঙিয়া খাদ্য সুৰক্ষা বিভাগৰ অধিনৰ এজেন্টৰ জৰিয়তে জমা কৰিছিল । প্ৰয়োজন নাই বুলি স্বইচ্ছাই কাৰ্ড সমুহ চাকৰিয়াল আৰু আৰ্থিক ভাবে সৱল একাংশ পৰিয়ালে জমা দিয়াৰ পিচত কাৰ্ড সমুহ ওৱাৰ্ড তথা পঞ্চায়ত প্ৰতিনিধিৰ জৰযতে তদাৰক কৰি পুণৰ আন পৰিয়ালৰ নামত নৱীকৰণ কৰিব লাগিছিল বিভাগটোৱে । কিন্তু তেনে নকৰি বাতিল কৰিবলগীয়া কাৰ্ড সমুহ ৰঙিয়া খাদ্য সুৰক্ষা বিভাগৰ এজন বিষয়াই নিজৰ ইচ্ছামতে গোপন বুজাবুজিৰে একাংশ ব্যক্তিৰ নামত নৱীকৰণ কৰাৰ অভিযোগ উৎথাপন হৈছে । যদিহে অভিযোগ মতে বিভাগীয় বিষয়াই নিজৰ ইচ্ছামতে ইতিমধ্যে জমাদিয়া কাৰ্ড সমুহ পুণৰ নৱীকৰণ কৰিবলৈ লয় তেতিয়া হলে পুণৰ বিসংগতিয়ে দেখা দিব । ইফালে কাৰ্ড সমুহ আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰাৰ ক্ষেত্ৰত ৰঙিয়া খাদ্য সুৰক্ষা বিভাগে এজেন্ট আৰু গ্ৰাহক সকলৰ একেলগে তথা একে সময়তে কৰাত আন এক সমস্যাৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত এজেন্ট আৰু গ্ৰাহক সকলৰ কাম সমুহ পৃথকে - পৃথকে কৰিবলৈ আহ্বান জনাইছে এজেন্ট সমুহে । 

ৰঙিয়াৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম ।


মাৰ্ঘেৰিটাত "মাৰ্ঘেৰিটা নগৰৰ মাষ্টাৰ প্লেন,২০৪১" শীৰ্ষক ৰাজহুৱা সভা অনুষ্ঠিত


দৈনিক আমাৰ প্ৰণাম ২৭ মে:  মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত আজি ডিব্ৰুগড় নগৰ ও গাওঁ পৰিকল্পনা কাৰ্য্যালয় আৰু মাৰ্ঘেৰিটা পৌৰসভা কাৰ্য্যালয়ৰ সৌজন্যত "মাৰ্ঘেৰিটা নগৰৰ মাষ্টাৰ প্লেন,২০৪১" শীৰ্ষক এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ।উক্ত সভাত সভাপিতিত্ব কৰে মাৰ্ঘেৰিটা বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ হাজৰিকাই ।আজি এই  ৰাজহুৱা সভাতে "মাৰ্ঘেৰিটা নগৰৰ মাষ্টাৰ প্লেন,২০৪১" ৰ উত্থাপন কৰা হ'য় আৰু সেই খন ৰাইজৰ অনুমতি সাপেক্ষে অনুমোদন কৰা হয়। উক্ত সভাত উপস্থিত থাকে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা,মাৰ্ঘেৰিটা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম, মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া উর্বশী চেতিয়া, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, মাৰ্ঘেৰিটা পৌৰসভাৰ ৱাৰ্ড সদস্য/সদস্যা সকলৰ লগতে  মাৰ্ঘেৰিটা নগৰৰ  স্থানীয় ৰাইজ ।(ফটোসহ)

মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিম


বিজনীত পুথিভঁৰাল উদ্বোধন 
--------------------------------------
দৈনিক আমাৰ প্ৰণাম, ২৭ মে 
চিৰাং ,


চিৰাঙৰ বিজনীত শুকুৰবাৰে নৱনিৰ্মিত বিজনী মহকুমা পুথিভঁৰাল উদ্বোধন কৰা হয়। 

পুথিভঁৰালটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ড০ নিলট স্বৰ্গীয়াৰীয়ে।

এই অনুষ্ঠানত উপস্থিত থাকে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়, বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীৰ, চিৰাং জিলা বিজেপিৰ সভাপতি ৰিন্তু কুমাৰ দাস, সুবাইঝাৰ সমষ্টিৰ এমচিএলএ প্ৰভাত বসুমতাৰী সহ অন্যান্য অতিথিবৃন্দ। 

উল্লেখ্য বিগত ২০১৭ বৃত্তীয় বৰ্ষৰ মুঠ ২ কৌটি ৮০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হয় এই বিজনী মহকুমা পুথিভঁৰালটো।
বিজনীত পুথিভঁৰাল উদ্বোধনী  অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰত ইংৰাজী আৰু বড়ো ভাষা ব্যৱহাৰ কৰাক লৈ আছুৰ প্ৰতিক্ৰিয়া ।

দৈনিক আমাৰ প্ৰণাম ,২৭ মে, চিৰাং 

চিৰাং জিলা বিজনী নগৰত আজি বিজনী মহকুমা পুথিভঁৰাল উদ্ধোধন কৰে ।

নিমন্ত্ৰণী পত্ৰত অসমীয়া ভাষা ব্যৱহাৰ নকৰি বিটিচি চৰকাৰে অসমীয়া ভাষাটোক সম্পূৰ্ণৰূপত এলাগী কৰাৰ অভিযোগ উত্থাপন কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই। 

বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুদিপ চন্দয়ে কয় যে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই কোনো ভাষাৰে বিৰোধিতা নকৰোঁ । 
পুথিভঁৰাল উদ্ধোধনৰ নিমন্ত্ৰণী পত্ৰত ইংৰাজী আৰু বড়ো ভাষাৰ দৰে অসমীয়া ভাষাও ব্যৱহাৰ কৰিব লাগিব । অসমীয়া ভাষা ব্যৱহাৰ হ'বই লাগিব ।
অনাগত দিনত যাতে বিটিচি চৰকাৰে এনে ধৰণৰ কাম-কাজ নকৰে তাৰ বাবে সকীয়াই দিয়ে - -বিজনী আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক -সুদীপ চন্দই.

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৬

*গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলৰ তিনিখন বিদ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ*

*অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ'ব : হাজৰীকা*

*সন্তানক আনৰ ঘৰত বন কৰিবলৈ পঠিওৱাৰ পৰিৱৰ্তে বিদ্যালয়লৈ পঠিয়াওক : কামাখ্যা প্ৰসাদ তাছা*

গোলাঘাট, ২৭ মে' : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা তিনিখন বিদ্যালয় ক্ৰমে দক্ষিণহেঙ্গেৰা, ভূলুকিটিং আৰু শালমৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে । দক্ষিণহেঙ্গেৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা প্ৰায় দুবছৰ আগতে বিজেপি চৰকাৰৰ দিনতে অসমৰ চাহ বাগিচা অঞ্চলত ১১৯ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ইয়াৰে ৯৬ খনৰ উদ্বোধন সম্পূৰ্ণ হ'ল আৰু ১৭ খন স্কুলৰ কাম সোনকালেই শেষ হ'ব । অৱশ্যে ৩ খনৰ ভূমিকেন্দ্ৰিক কিছু প্ৰক্ৰিয়া চলি আছে বুলি তেওঁ কয় । তেওঁ কয় যে আধাৰশিলা স্থাপন কৰিবলৈ ভাল লাগে, কিন্তু নিজে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটো যদি উদ্বোধন কৰাৰ সুযোগ পোৱা যায় তাতকৈ সুখৰ কথা আন একো নাই । মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালী যিমান হ'ব সিমানেই সমাজখন অন্ধকাৰ হৈ গৈ থাকিব । এই বিদ্যালয়সমূহত বৃহৎসংখ্যক বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালীয়ে নামভৰ্তি কৰিছে বুলি সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে শিক্ষাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ, ছাইনবোৰ্ড এখন পঢ়িব নজনা মানুহে শুদ্ধ পথ কেনেকৈ উলিয়াব, পঢ়া-শুনা নাজানিলে খেতিয়ক এজনে কোনটো বীজ ভাল সেয়া কেনেকৈ নিৰ্ধাৰণ কৰিব, উপযুক্ত প্ৰশিক্ষণ নহ'লে দক্ষতাৰে কাম কেনেকৈ কৰিব । শিক্ষাই সন্মান কঢ়িয়াই আনে বুলি উল্লেখ কৰি তেওঁ কয় যে ঘৰ চলাবলৈ, সন্মান আৰ্জিবলৈ, সমাজত আগবাঢ়ি যাবলৈ শিক্ষা লাগে । বাগানৰ ল'ৰা-ছোৱালীয়ে সদায় পাত তুলিয়ে থাকিব নেকি বুলি মন্তব্য কৰি তেওঁ কয় যে চাহ বাগিচাৰ লোকে এনেভাবে শিক্ষা ল'ব লাগিব যাতে প্ৰতিখন বাগানৰ মেনেজাৰ, ডেপুটি মেনেজাৰ বাগানখনৰেই লোক হয় । তেওঁ কয় যে চৰকাৰে চাহ বাগিচা অঞ্চল আৰু চাহ জনগোষ্ঠীৰ লোকসকলক আগবঢ়াই নিয়াৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বহু আঁচনি গ্ৰহণ কৰিছে । অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ'ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অসমৰ বাগিচা অঞ্চলত আৰু ২০০ খন নতুন বিদ্যালয় স্থাপন কৰা হ'ব । 

তিনিওটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে এইসমূহ বিদ্যালয় কেৱল চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, সকলো ল'ৰা-ছোৱালীৰ বাবেই মুকলি আছে । ব্ৰিটিছৰ সময়ৰ পৰাই চাহ বাগিচা অঞ্চলত
কোনো হাইস্কুল নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এইসমূহ বিদ্যালয়ে অঞ্চলটোৰ ল'ৰা-ছোৱালীক মানুহ কৰাৰ গুৰুদায়িত্ব পালন কৰিব । চাহ বাগিচা অঞ্চলত প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ পিছতে ল'ৰা-ছোৱালীয়ে স্কুল বাদ দিয়ে বুলি খেদ প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে এই সমস্যা সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰয়াস চলাইছে । তেওঁ কয় যে চাহ বাগিছাৰ মানুহে কেৱল চাহপাত তুলিব নালাগে, চাহ বাগিছাৰ পৰা ভাল ল'ৰা-ছোৱালী ওলাব লাগে । তেওঁ অভিভাৱকসকলক নিজৰ ল'ৰা-ছোৱালীক নিয়মীয়াকৈ বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ লগতে চাহ বাগিচা অঞ্চলৰ কাষৰীয়া প্ৰাথমিক বিদ্যালয়সমূহ যাতে ভালকৈ চলে সেয়া সুনিশ্চিত কৰাৰ বাবে ৰাইজক চকু দিবলৈ আহ্বান জনায় । তেওঁ লগতে পূজা, বিহু আদিত যাতে ল'ৰা-ছোৱালীয়ে স্কুল ক্ষতি নকৰে অভিভাৱকসকলক সেয়াও সুনিশ্চিত কৰিবলৈ কয় । সাংসদগৰাকীয়ে সন্তানক আনৰ ঘৰত বন কৰিবলৈ পঠিওৱাৰ পৰিৱৰ্তে বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ কয় যে সমাজত ভাল মানুহ আৰু ডাঙৰ মানুহ হৈ বৰ্তি থাকিবলৈ বিদ্যালয়লৈ যাবই লাগিব । 

তিনিওটা অনুষ্ঠানতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আদৰণি ভাষণ দিয়ে । তেওঁ কয় যে আজিৰ দিনটো খুমটাই সমষ্টিবাসী ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ । তিনিওখন বিদ্যালয়তে অতি উচ্চ মানৰ শিক্ষা দিব পৰা শিক্ষকক ইয়াত নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ বিদ্যালয় । বহু ছাত্ৰ-ছাত্ৰীয়ে ক'ভিডৰ সময়তেই বিদ্যালয় ত্যাগ কৰিছিল । কিন্তু এই বিদ্যালয়সমূহ হোৱাৰ পৰা বিদ্যালয় আধাতে এৰি যোৱা ছাত্ৰ-ছাত্ৰী এতিয়া আকৌ উভতি আহিছে । চাহ বাগিচাৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাইছে বুলি তেওঁ কয় । 

আটাইকেইটা অনুষ্ঠানতে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, বিভিন্ন বিভাগৰ মুৰব্বী, বাগিচা পৰিচালক, বিদ্যালয় প্ৰধান, স্থানীয় ৰাইজ আৰু শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*


*ঘগ্ৰাপাৰৰ বিলপাৰত পশুধনক  ছিটা প্ৰদান* 

আমাৰ প্ৰণাম  সেৱা  :: নলবাৰী  ২৭ মেঃ ঃঃ 

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰত আজি পশুধনক বিনামূলীয়াকৈ ছিটা প্ৰদান কৰা হয় ৷  ঘগ্ৰাপাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত গাঁও খনৰ পশুপালকৰ সহযোগত গাঁওখনৰ প্ৰায় সমুহ গৰুকে  ছিটাসমূহ প্ৰদান কৰা হ'ব যদিও আজি প্ৰায় ৭০ টা পশুধনক চৱকা ৰোগৰ প্ৰতিষেধক ছিটা দিয়ে  ৷  ঘগ্ৰাপাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডা° প্ৰতুল তালুকদাৰ তত্বাৱধানত অনুষ্ঠান এই ছিটা প্ৰদান অনুষ্ঠান অংশগ্ৰহণ কৰে ক্ষেত্ৰ সহায়ক ৰুবুল আলী , কমল বেজবৰুৱা আৰু পশুসখী মিত্ৰ অৰ্চনা বৰ্মন আদিয়ে ৷ গাওঁখনত এনেদৰে ছিটা প্ৰদান কৰাত গাওঁবাসীয়ে জিলা পশু চিকিৎসা বিষয়া অশ্বিনী কলিতাক বিশেষ ধন্যবাদ জনাইছে ৷উল্লেখ যে ঘগ্ৰাপাৰ পশু চিকিৎসালয়ৰ অন্তৰ্গত প্ৰায় ৩৩ গাঁৱৰে পশুধনক এফ এম ডি ভেকচিন দিয়া হব বুলি ‍জানিব দিয়ে।


Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা