সৰুক্ষেত্ৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৫ মেঃ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্র অভিযান চলাই বহু সংখ্যক ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও সম্প্ৰতিও ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বৃহৎ ব্যৱসায়। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজা তথা সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে আজি বৃহৎ সংখ্যক ড্ৰাগছৰ লগতে দুজন ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্রৰ খবৰৰ ভিত্তিত আজি সৰ্থেবাৰী আৰক্ষী থানাৰ  ভাৰপ্ৰাপপ্ত আৰক্ষী বিষয়া গৌৰাঙ্গ দেৱৰ নেতৃত্বত এদল আৰক্ষীয়ে এক অভিযান চলায় সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ ফালাদীৰ গোলাপ হুছেইনৰ বাসগৃহৰ গোহালিত গাতৰ পৰা উদ্ধাৰ কৰে ৮৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। উক্ত ঘটনাৰ সতে জৰিতৰ অভিযোগত হানিফ আলী নামৰ লোক এজনক আটক কৰে। পৰৱৰ্তী সময়ত হানিফ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত মুল অভিযুক্ত গোলাপ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, বিগত কেবাবছৰ ধৰি ড্ৰাগছ ব্যৱসায়ৰ সতে গোলাপ হুছেইন নামৰ লোকজন জড়িত আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে । (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা