news 1

### চামতাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন ###  

# "সাংবাদিকৰ সমস্যাৰ কথা মই বিধানসভাত উণ্থাপন কৰিম" - বিধায়ক দিগন্ত বৰ্মন 

 ### নৰেন শৰ্মা সভাপতি  , ৰূপকুমাৰ শৰ্মা  সাধাৰণ  সম্পাদক নিৰ্বাচিত কৰি  নতুন সমিতি গঠন ### 

-----------------------------------------------------------------------------------


দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী ::  ৩০ মে' :       নলবাৰী জিলা বাৰ্তজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখন দেওবাৰে নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে  অনুষ্ঠিত হয় ।  কাৰ্যসূচী অনুসৰি ৰাতিপুৱা  ১০ বজাত   অসম বাৰ্তাজীৱী সংঘৰ পতাকা উত্তোলন কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ উপসভাপতি তথা পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক  তপন কুমাৰ শৰ্মাই । ইয়াৰ  পিছতে শ্বহীদ তৰ্পণ আৰু মাৰ্ল্যাপন  কৰে ক্ৰমে  পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সূভাষ বৰ্মন আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে  । স্মৃতি তৰ্পন কৰে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মন আৰু সাংবাদিক জোন কুমাৰ হালৈয়ে । ইয়াৰ পিছতে  গছপুলি ৰোপণ  কাৰ্যসূচীত ৰোপক হিচাপে  অংশগ্ৰহন কৰে  অৱসৰী শিক্ষক এম হাছান আলী, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ জিতেন চন্দ্ৰ শৰ্মা আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়াই । দিনৰ প্ৰায় ১১ - ৩০  বজাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি নৰেণ শৰ্মাৰ সভাপতিত্বত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভা  অনুষ্ঠিত হয় ।  নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক  ৰূপকুমাৰ শৰ্মা উদ্দেশ্য ব্যাখ্যা কৰা অধিৱেশনখনৰ মুকলি সভাত আমন্ত্রিত অতিথি হিচাপে   বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন,  অসম বাৰ্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মা , নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ কুমাৰ ভট্টাচাৰ্য,  অসম বাৰ্তাজীৱী সংঘৰ প্ৰচাৰ সম্পাদক হেমন্ত বৰ্মন, কাৰ্যনিৰ্বাহক সদস্যা নৱনীতা কলিতা, দৈনিক জনমভূমি এমপ্লইজ ইউনিয়নৰ সভাপতি উৎপল ভাগৱতী, লেখক নৱৰত্ন পাটোৱাৰী, বেলশৰ আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমনি শৰ্মা, সহকাৰী আৰক্ষী বিষয়া প্ৰণামিকা গগৈ, নতুন দেহৰ জিলা পৰিষদৰ সভাপতি ভাস্কৰ শৰ্মা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সচেতন নাগৰিক মঞ্চ, অসমৰ সম্পাদক অতুল বৰ্মন, কেন্দ্ৰীয় প্ৰাক্তন সাংগঠনিক সম্পাদক ভাস্কৰ শৰ্মা , সমাজকৰ্মী শান্তনু  কলিতাই উপস্থিত থাকি  ভাষণ  ৰাখে ।  মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মাই  ভাষণত  সাংবাদিকৰ ন্যায্য প্ৰাপ্তি আৰু সাংবাদিকৰ অধিকাৰ সম্পৰ্কে চৰকাৰী পক্ষৰ লগত বাৰ্তাজীৱী সংঘই আলোচনা কৰি যাব বুলি ব্যক্ত কৰে । লগতে তেও নিজৰ ভাষণ প্ৰসংগত ৰাজ্যখনৰ অৱসৰী সাংবাদিক সকলক চৰকাৰে ঘোষণা কৰা অনুসৰি মাহিলী ১০ হেজাৰকৈ চৰকাৰী পেঞ্চন যথাযথ ভাবে শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনায় । তদুপৰি, সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ ধন বৰ্তমানৰ ১ লাখ টকাৰ পৰা ৫ লাখ টকালৈ অতি সোনকালে বৃদ্ধি কৰাৰ দাবী উণ্থাপন কৰে । ইফালে, সভাত নিমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰসংগত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে কয় "আপোনালোকৰ সমস্যা আৰু ন্যায্য প্ৰাপ্তিৰ কথা মই এইবেলি বিধানসভাত উণ্থাপন কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাম । মুকলি সভাৰ  পিছতে প্ৰেছ ক্লাৱৰ মোহন ভাইৰা সোঁৱৰণী কাৰ্যালয় গৃহত প্ৰতিনিধি আৰু বিষয়বাচনী  সভাখন অনুষ্ঠিত হয় । প্ৰতিনিধি আৰু বিষয়বাচনী  সভাত  নৰেণ শৰ্মাক সভাপতি, পংকজ কুমাৰ লহকৰ, সুভাষ দাস, উদ্ধৱ ঠাকুৰীয়াক উপ-সভাপতি, ৰূপ কুমাৰ শৰ্মাক   সম্পাদক, কুমুদ বৰ্মন, আজিজ আলী, অনিমেষ বৰ্মন, শৈলেন বৰ্মনক সহকাৰী  সম্পাদক  ,কালিন্দ্ৰ কুমাৰ বৰ্মন  , হীৰক কলিতা , মৃদুল কলিতা , আজাদ আলীক  সাংগঠনিক সম্পাদক , কৈলাস ডেকা , আনোৱাৰ হুছেনক প্ৰচাৰ সম্পাদক , পিংকুমনি ৰায় চোধুৰীক  কাৰ্যালয় সম্পাদক , শংকৰ কলিতাক কাৰ্যনিৰ্বাহক সদস্য  হিচাপে লৈ ৩১ জনীয়া শক্তিশালী নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ  নতুন সমিতিখন গঠন কৰা হয় । 

প্ৰেৰক - শংকৰ কলিতা : নলবাৰী 
 । 


দক্ষিণ শালমাৰাৰ পামপাৰা ডালিপাৰাৰ এদল যুৱকে নিৰ্মাণ কৰিলে এখন বাঁহৰ সাঁকো৷

জন প্ৰতিনিধিয়ে নকৰা কাম কৰি দেখুৱালে যুৱক সকলে৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৩০ মেঃ-  দক্ষিণ শালমাৰাৰ পামপাৰা ডালিপাৰাৰ এদল যুৱকে দেখুৱালে মানৱতাৰ নিদৰ্শন। যিটো কাম পঞ্চায়ত প্ৰতিনিধি স্থানীয় বিধায়কে নকৰিলে সেইটো কাম কৰি দেখুৱালে ডালিপাৰা গাওঁৰ স্থানীয় এদল যুৱকে৷ দীৰ্ঘদিন ধৰি যাতায়াতৰ নামত যমৰ যাতনা ভূগি আহিছে পামপাৰা পঞ্চায়তকে ধৰি পাৰ্শৱৰ্তী অঞ্চলৰ শ শ লোকৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে। দক্ষিণ শালমাৰাৰ পামপাৰা পঞ্চায়ত এখন অতি গুৰুত্বপূৰ্ণ পথ এইটো৷ মনকৰিবলগীয়া য়ে, দক্ষিণ শালমাৰাৰ শালকাটাৰ পৰা আৰম্ভ কৰি শলিয়া, ৰাভাটাৰী, বাউশকাটা, মাটিফাটা, আমবাৰী ভুইয়াপাৰা আদি অঞ্চলৰ মানুহখিনি দৈনিক ফকিৰগঞ্জত যাবলগীয়া হয়৷ কিয়নো ফকিৰগঞ্জ হৈছে এই অঞ্চলৰ এখন সদৰ ঠাই৷ ফকিৰগঞ্জতে থানা, হামিদাবাদ উচ্চ মাধ্যমিক বিদ্যালয়, মৌলানা ভাষানী কলেজৰ লগতে প্ৰাইভেট স্কুলৰ হেজাৰ হেজাৰ লৰা ছোৱালীয়ে নিতৌ অহা যোৱা কৰে৷ কিন্তু বৰ পৰিতাপৰ বিষয় স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলোৰ চকু নপৰে এই পিছপৰা অঞ্চল খনত৷ পামপাৰা পঞ্চায়তৰ ডালিপাৰা হৈ ফকিৰগঞ্জ সোনাপাৰা বজাৰকে ধৰি কেইবাখনো পঞ্চায়ত বাসীৰ অহা যোৱাৰ একমাত্ৰ পথ হৈছে ফকিৰগঞ্জ শালকাটা সংযোগী পথ৷ পথটোৰ ডালিপাৰাত বানপানীৰ খহনীয়াই নিয়াত যাতায়াতৰ নামত জ্বলা কলা খাবলগা হৈছে শ শ লোকে৷ ইয়াৰ সৰ্বস্তৰৰ লোকে পথটোৰ দ খালত দলং নিৰ্মাণৰ বাবে দীৰ্ঘ দিনৰ পৰা দাবী জনাই আহিছে যদিও গুৰুত্ব নিদিলে পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে৷ বোকা পানী গচকি নিতৌ পথটোৰে অহা যোৱা কৰিবলগা হয় শ শ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে৷ ৰাইজৰ এনে সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, সাংসদ মৌলনা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে৷ উপায়ন্তৰ হৈ স্থানীয় এচাম সমাজ সেৱক যুৱকে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি নিৰ্মাণ কৰে এখন বাঁহৰ সাঁকো৷ যিটো সাঁকোয়ে উপকৃত কৰিছে হাজাৰ হাজাৰ পথচাৰীক৷ এই ক্ষেত্ৰত ৰাইজে চৰকাৰ, জিলা প্ৰশাসনৰ লগতে বিধায়ক আৰু সাংসদ গৰাকীলৈ অনুৰোধ জনায় অতি সোনকালে ৰাস্তাখন বান্ধি দি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ।


## নলবাৰীৰ  ভূনুকুছিত  বিনামূলীয়া চকু চিকিৎসা শিবিৰ  সম্পন্ন ##                                                        দৈনিক আমাৰ প্ৰণাম সেৱা ::  নলবাৰী :: ৩০ মে  ::                                                                                              শ্ৰী শংকৰদেৱ নেত্রালয়  , গুৱাহাটীৰ উদ্যোগত  নলবাৰী চকু চিকিৎসা কেন্দ্ৰ ,  ভূনুকুছি জ্ঞানদায়িনী  সংঘৰ সৌজন্যত  আৰু সাংবাদিক কৈলাস ডেকাৰ বিশেষ উদ্যোগত  নলবাৰী জিলাৰ  ভূনুকুছি গাওত  শনিবাৰে   দিনৰ ভাগত  প্ৰায় ১০০ গৰাকী ব্যক্তিৰ বিনামূলীয়া চকু চিকিৎসা কৰা হয় ।  উক্ত চকু চিকিৎসা শিবিৰটো উদ্ধোধন কৰে  বিশিষ্ট সমাজকৰ্মী ধনেশ্বৰ ডেকাই ।  অন্ধতা নিৱাৰণৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত   চকু চিকিৎসা শিবিৰটোত  গাওৰ দুখীয়া পৰিয়াল সমূহৰ ব্যক্তি সকলৰ চকুৰ বিভিন্ন সমস্যা আৰু কেটাৰিংত ভূগি থকা  সকলে উন্নত চকু চিকিৎসা কৰিবলৈ সামথ্য নহয় যাৰ বাবে চকুৰ বিভিন্ন  সমস্যা আৰু কেটাৰিংত ভুগি থাকে । সেয়েহে  শংকৰদেৱ নেত্রালয়ৰ আঠ গৰাকী  অভিজ্ঞ চকু চিকিৎসক  আৰু  কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে গাওখনৰ ১০০ গৰাকী ব্যক্তিৰ চকুৰ বিভিন্ন  পৰীক্ষা  আৰু কেটাৰিং চিনাক্তকৰন কৰে ।  গাওবাসীৰ যথেষ্ঠ সহাৰি লাভ কৰে উদ্যোগতাই ।  যিসকল ব্যক্তিৰ চকু অষ্টোপচাৰ কৰিব লাগে  সেইসকল ব্যক্তিক গুৱাহাটীলৈ নি সম্পূৰ্ণ বিনামূলীয়াকৈ  অষ্টোপচাৰ কৰা হব বুলি উদ্যোগতাই জানিব দিয়ে । গাওবাসী আৰু জ্ঞানদায়িনী সংঘৰ বিষয়ববীয়াই সাংবাদিক কৈলাস ডেকাৰ  এই বিশেষ পদক্ষেপক  ধন্যবাদ জনায়  ।


*কোভিডত পিতৃ-মাতৃক হেৰুৱা বৰপেটাৰ ৩ শিশুলৈ পি এম কেয়াৰ আঁচনিৰ সুবিধা অৰ্পণ*       ///////                         *১০ লাখ টকাৰ বেঙ্ক জমা, ৫ লাখৰ স্বাস্থ্য সেৱা, যিকোনো কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰ সুযোগ সহ বহু উপহাৰ সামগ্ৰী বিতৰণ মন্ত্ৰী ৰণজিৎ দাসৰ*                                   


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ মে': কোভিডৰ ফলত অকালতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হোৱা বৰপেটা জিলাৰ তিনিটি শিশুক প্ৰধান মন্ত্ৰী কোভিড কেয়াৰ যোজনাৰ অধীনত ১০ লাখ টকাৰ অনুদানৰ উপৰি আন ভালেমান উপহাৰ সামগ্ৰী আৰু আঁচনিৰ সুবিধা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আচঁনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ সমান্তৰালকৈ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাতে এই আচঁনিৰ শুভাৰম্ভ কৰা হয়। সেই অনুসৰি বৰপেটা জিলাৰ হিতাধিকাৰী শিশু কেইটিৰ মাজত এই আঁচনিৰ নথি সমূহ বিতৰণ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত এটি অনুষ্ঠানত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী গৰাকীয়ে শিশু কেইটিক সান্তনা দি কয় যে, তেওঁলোকৰ এই দুখৰ সময়ত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সৈতে আছে। চৰকাৰে তেওঁলোকৰ বাবে সকলোখিনি কৰিবলৈ সাজু আছে। এই শিশু সকলৰ ভিতৰত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰৰ এটি পৰিয়ালৰে ১৬ আৰু ১৩ বছৰীয়া দুটি শিশু আৰু সুন্দৰীদিয়াৰ এটি ৯ বছৰীয়া শিশুও আছে। তেওঁলোকক বেঙ্কৰ পাছবুক,  আয়ুস্মান ভাৰত জন আৰোগ্য যোজনাৰ অধীনত এখন কাৰ্ড, এখন প্ৰমাণপত্ৰ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন পত্ৰ, এটা স্কুল বেগ প্ৰদান কৰাৰ উপৰিও জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা এজোৰ কাপোৰ, ডাঙৰ দুজনক একোটাকৈ ছোনাটা হাতঘড়ী আৰু সুন্দৰীদিয়াৰ শিশুটিক এটা মিল্টনৰ টিফিন বাকচ আৰু ছৱিৰ বহী প্ৰদান কৰা হয়। তেওঁলোকৰ বেঙ্ক একাউণ্টত ১০ লাখ টকাকৈ এক কালিন সাহায্য প্ৰদান কৰা হৈছে যদিও, এই ধনৰাশি সদ্যহতে ব্যৱহাৰ কৰিব নোৱাৰিব। শিশুটিৰ বয়স ১৮ বছৰ সম্পূৰ্ণ  হোৱাৰ পিছত এই পুজিৰ বাবদ মাহিলী পাব লগা সুদৰ ধনখিনি ব্যৱহাৰ কৰিব পাৰিব আৰু ২৩ বছৰ বয়সত বাকী থকা মূল জমা ধনখিনি বেঙ্কৰ পৰা উঠাব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি আয়ুস্মান ভাৰত জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰা হেল্থ কাৰ্ডখনৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাৰ সুবিধাও শিশুটিয়ে লাভ কৰিব। তদুপৰি তেওঁ এই আচঁনিৰ অধীনতে ইচ্ছা কৰিলে নৱোদয় বিদ্যালয়, সৈনিক স্কুল বা যিকোনো কেন্দ্ৰীয় বিদ্যালয়ত বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধাও লাভ কৰিব বুলি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জনাইছে। আটাইকেইজন শিশু ১৮ বছৰৰ অনুৰ্দ্ধৰ হোৱা হেতুকে শিশু ন্যায্যতা বিধি অনুসৰি তেওঁলোকৰ পৰিচয় সদৰি কৰা নহয়। আজিৰ অনুষ্ঠানত জিলা অতিৰিক্ত উপায়ুক্তত্ৰয় লাচিত দাস, গীতাশ্ৰী লাচিত আৰু লখিমী দত্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে। এই অনুষ্ঠানৰ পূৰ্বে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভাৰ্চুৱেলী আঁতধৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে সম্বোধন কৰি এটি চমু ভাষণ দিয়ে। এই অনুষ্ঠানত দেশৰ কেবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, সকলো জিলাৰ উপায়ুক্ত তথা সমাজ কল্যাণ বিভাগৰ জেষ্ঠ্য বিষয়া সকল উপস্থিত থাকে। জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। মন্ত্ৰী, উপায়ুক্ত তথা হিতাধিকাৰী সহ আটায়ে অনুষ্ঠানটি ডাঙৰ পৰ্দাত প্ৰত্যক্ষ কৰাৰ পিছত জিলা পৰ্যায়ৰ অনুষ্ঠানটো আৰম্ভ কৰা হয়।

# মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা নেতৃস্থানীয় জ্যেষ্ঠ নাগৰিক বাছনি কমিটি গঠন # 

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৯ মেঃ ৰাজ্যৰ দক্ষ্য  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৱা ২৭ মে'ত বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে জাৰি কৰা এক নিৰ্দেশনাত 'বৰপেটা জিলা নেতৃস্থানীয় জ্যেষ্ঠ নাগৰিক বাছনি কমিটিখন নতুনকৈ গঠন কৰা হয়। নিৰ্দেশনাটোত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালক চেয়াৰমেন হিচাপে লৈ গঠন কৰা কমিটিখনত চেয়াৰমেন: তেজ প্ৰসাদ ভুষাল (উপায়ুক্ত, বৰপেটা), লাচিত কুমাৰ দাস, অতিৰিক্ত উপায়ুক্তক আহ্বায়ক হিচাপে নিযুক্তি দিয়াৰ উপৰিও আন নিযুক্তি প্ৰাপ্ত সদস্য সকল হৈছে ক্ৰমে মনোৰঞ্জন কাকতী(স্কুল পৰিদৰ্শক), মনোৰঞ্জন কাকতী (ডিইইও),বিকাশ শৰ্মা( জিলা তথ্য আৰু জনসংযোগ বিষয়া),প্ৰাণজিৎ কুমাৰ পাঠক  ( জিলা সাংস্কৃতিক বিষয়া), ধীৰাজ দেউৰী(ৰাজনীতিক তথা সভাপতি,ব্যৱসায়িক সংস্হা), দ্বিজেন দাস (সাংবাদিক, অসমীয়া খবৰ) কিৰণ শংকৰ দাস (অধিবক্তা) তথা অক্ষয় কুমাৰ মিশ্ৰ (সাহিত্যিক) । জানিব পৰা মতে নিৰ্দেশনাটোত উল্লেখ কৰা মতে কমিটীৰ প্ৰথমখন বৈঠক অহা ৩১ মে'ত সন্ধিয়া ৬ বজাত জিলা উপায়ুক্ত 'কনফাৰেন্স হল'ত অনুষ্ঠিত হ'ব। কমিটিত নিযুক্তি লাভ কৰা বিষয়ববীয়া তথা সমুহ সদস্যক বৰপেটাৰ সচেতন মহলে অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ লগতে কমিটীৰ লগত জড়িত বিষয় ববীয়া তথা সমুহ সদস্য সকলৰ বলিষ্ঠ ভুমিকাৰে বৰপেটা চহৰৰ লগতে জিলা খনৰ উন্নয়নৰ বিপ্লৱ গঢ়ি উঠিব বুলি আশা কৰা হৈছে।

# মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ তিৰোভাৱ তিথিঃ আজি গন্ধোৎসৱ - হাজাৰ হাজাৰ চাকিৰ পোহৰত উজলিল  বহৰি সত্ৰ চৌহদ #



প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৯ মেঃ  অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিজনা মহাপুৰুষৰ অন্যতম তথা বয়োজেষ্ঠ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ  ৪৫৭ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ২৬ মে'ৰ পৰা পাচ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । আজি গোন্ধ সভা । তিথি  মহোৎসৱৰ আগদিনা অৰ্থাত  আজি পালন কৰা হয় গন্ধোৎসৱ।  গুৰুজনাৰ অনুগামী সকলৰ পৰম আকাংক্ষিত দিন এই গন্ধোৎসৱ। ইতিমধ্যে প্ৰবাসী বহৰিয়া সকলৰ প্ৰায় সংখ্যকৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ গুৰুজনাৰ অনুগামী সকল বহৰিত উপস্থিত হৈছে।  উল্লেখৰ প্ৰয়োজন যে এৰাব নোৱাৰা কাৰন নহলে কোনো  প্ৰবাসী বহৰিয়াই  গুৰুজনাৰ তিথি মহোৎসবত বহৰিত উপস্থিত নোহোৱাকৈ নাথাকে। আজি বহৰি সত্ৰৰ প্ৰতিটো পৰিয়ালৰ লগতে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গুৰুজনাৰ অনুগামী সকলে দিনটো উপবাসে থাকি আবেলিৰে পৰা খৰাহিত হাতে হাতে  চাকি তেল ঘি শলিতা লৈ সত্ৰ চৌহদলৈ উপবাসী সকলৰ লানি নিছিগা শাৰীয়ে সৃষ্টি কৰে এক অপূর্ব শোভাযাত্রা সদৃশ পৰিবেশৰ। গুৰুজনাৰ ভক্ত সকলে আবেলিৰে পৰা নিৰ্দিষ্ট স্থানত চাকিত তেল ঘি শলিতা দি সূৰ্যাস্তলৈ অপেক্ষা কৰি থাকে।  ঠিক সূৰ্যাস্তৰ লগে লগে সত্ৰ চৌহদ হৰিধ্বনিত মুখৰিত হৈ পৰাৰ লগে লগে গুৰুজনাৰ অনুগামী সকলৰ পবিত্র হাতৰ স্পৰ্শত নিমিষতে জ্বলি উঠে হাজাৰ হাজাৰ তেল আৰু ঘিৰ চাকি।  মূল নামঘৰ, গুৰুআসনৰ চাৰিওকাষ, অনন্তগৃহ,  গুৰুজনাৰ পদশিলা সংৰক্ষিত মঠৰ দুয়োকাষৰ নিৰ্দিষ্ট স্থানত জ্বলি উঠা হাজাৰ হাজাৰ তেল ঘিৰ চাকিয়ে  সৃষ্টি কৰে মনোমোহা পৰিবেশৰ। উল্লেখ্য যে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সূৰ্যাস্ত জ্বলোৱা চাকি সমূহ নিশাটো পৰ দি তেল ঘি শলিতা দি  সূৰ্যোদয়লৈ জ্বলাই ৰখা হব।  স্মৰ্তব্যযে গুৰুভক্তিৰ এনে অপূৰ্ব নিদৰ্শন বহৰি সত্ৰৰ বাদে দেশৰ আন কোনো প্ৰান্ততে নাই।  সূৰ্যাস্ত চাকি জ্বলোৱাৰ পিছতে নিজৰ নিজৰ পৰিয়ালৰ বন্তিগছিত সেৱা কৰাৰ লগতে চাকিৰ পোহৰত সৃষ্ট পোহৰৰ মায়াজাল প্ৰত্যক্ষ কৰাৰ বাবে  সত্ৰ চৌহদ  লোকে লোকাৰন্য হৈ পৰে । গোন্ধসভাৰ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে ।  অনুষ্ঠানত   বৰপেটাৰ  ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা, চেঙা ৰাজহ চক্ৰ বিষয়া প্ৰানজিৎ কুমাৰ দেৱ উপস্থিত  থাকে । আনহাতে তিথি মহোৎসৱ উপলক্ষে সত্ৰ সমিতিয়ে প্ৰকাশ কৰি উলিওৱা " হৰিগুৰু সম্বাদ" নামৰ গ্রন্থ খন উপায়ুক্ত গৰাকীয়ে উন্মোচন কৰি দিয়া ভাষনত  মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথিৰ গোন্ধ সভাত দিনটো উপবাসে থাকি বন্তি নিজে বন্তি জ্বলোৱাৰ পিছত মনত অনাবিল আনন্দ আৰু প্ৰশান্তি লাভ কৰা বুলি উল্লেখ কৰে। উপায়ুক্ত গৰাকীৰ লগত তেওৰ সহধৰ্মিনীও  উপস্থিত হৈ এনেদৰে সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈ চাকি জ্বলাই ৰাখি গুৰুজনাৰ প্ৰতি  অনুগামী সকলে জনোৱা শ্ৰদ্ধাত অভিভূত হৈ পৰে। বন্তি প্ৰজ্বলনৰ পিছতে দুৰনিৰ পৰা অহা লোক সকলৰ মাজত সিধা বিতৰণ কৰা পূৰ্ব প্ৰচলিত প্ৰথা অক্ষুন্ন ৰাখি সিধা বিতৰণ কৰা হয়।   । ইয়াৰ পিছতে ব্যাসকুছি ভট্টদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ দ্বাৰা ভিন্নসূৰী অনুষ্ঠান কৰা হয়। ৰাজহুৱা নাম প্ৰসঙ্গ কৰাৰ অন্তত দৰং জিলাৰ  ছিপাঝাৰৰ সুভাস নাথৰ নামদল আৰু কামৰূপ জিলাৰ বাগটাৰ অচ্যুত কলিতাৰ নাম দলে নিশাটো নাগাৰা নাম পৰিবেশন কৰে । কাইলৈ  পালন কৰা হব মূল উৎসৱ  গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ।  তিথি মহোৎসৱৰ ৰাজহুৱা  নামৰ বাবে সত্ৰ সমিতিয়ে ইতিমধ্যে ২০ কুইন্টল মগুমাহ যোগাৰ কৰিছে।  তাৰোপৰি ভক্তগনে আগবঢ়োৱা গুৰুভাৰৰ জৰিয়তেও ৮/ ১০ কুইন্টল মগুমাহ সংগৃহীত হব।  সিদিনা দিনটো ৰাজহুৱা নামৰ  সমান্তৰাল ভাৱে মৈৰামাৰা চতুৰ্ভুজ বীৰ নাম দলে  সত্ৰৰ চোতালত থিয় নাম পৰিবেশন কৰিব। দুপৰীয়া সমীপৰে ব্ৰহ্মপুত্ৰত গুৰুজনাৰ পিন্ড দান কৰা হব। আবেলি ৰাজহুৱা নামৰ প্ৰসাদ বিতৰণ  কৰাৰ পিছত সন্ধিয়া বিতৰণ কৰা হব গুৰুভাগৰ   প্ৰসাদ। ইয়াৰ পিছতে তিথি মহোৎসৱৰ সামৰণি পৰিব। (ফটো অাছে)



ধুবুৰীৰ সীমান্ত ভৱনত সীমান্ত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ প্ৰমাণ–পত্ৰ বিতৰণ অনুষ্ঠান – বিগত এপ্ৰিল মাহত ধুবুৰী জিলাৰ  ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী সত্ৰশালত অনুষ্ঠিত হৈ ‘সীমান্ত ক্ৰীড়া মহোৎসৱ–২২’ অংশ লোৱা ৩৭ গৰাকী খেলুৱৈক প্ৰমাণ–পত্ৰ প্ৰদান সংগঠনটোৰ

ধুবুৰী, ২৯ মে'

বিগত এপ্ৰিল মাহৰ প্ৰথম ফালে  তিনিদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী সত্ৰশালত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলাৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা ‘সীমান্ত ক্ৰীড়া উৎসৱ–২২’’  প্ৰতিযোগিতাখনত অংশ লোৱা খেলুৱৈসকলক সংগঠনটোৱে আজি আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে। সেই উপলক্ষে আজি দুপৰীয়াৰ ফালে  সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ, ধুবুৰী জিলাৰ ধুবুৰীস্থিত কাৰ্যালয় ‘‘সীমান্ত ভৱন’’ত অনুষ্ঠিত হৈ যায় এক  প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠান। উক্ত অনুষ্ঠানত যোৱা যোৱা ৪, ৫ আৰু ৬ এপ্ৰিলত ধুবুৰী জিলাৰ সত্ৰশালত অনুষ্ঠিত হৈ যোৱা ‘‘সীমান্ত ক্ৰীড়া মহোৎসৱ–২২’’ত অংশ লোৱা মুঠ ৩৭ গৰাকী খেলুৱৈক সংগঠনটোৱে আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে। আজিৰ এই প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সংগঠনটোৰ কাৰ্য্যকৰ্তা সকলৰ উপৰিও স্থানীয় মান্যগণ্য ব্যাক্তিও উপস্থিত আছিল।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী



Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা