শিৱসাগৰ নামতিত দহ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে একল অভিযানৰ প্ৰশিক্ষণ শিৱিৰ।

 

দৈনিক প্ৰণাম সেৱা,শিৱসাগৰ মে'২৪ মেঃ
শিৱসাগৰ আমগুৰিৰ নাম'তি দ'ল প্ৰেক্ষাগৃহত ২১ মে'ৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে  "একল অভিযান"ৰ অন্তৰ্গত একল বিদ্যালয়ৰ আচাৰ্য সকলৰ এক  প্ৰশিক্ষণ শিৱিৰ।এগছি বন্তি প্ৰজ্বলনেৰে শিৱিৰৰ শুভ উদ্বোধন কৰে একল অভিযানৰ শিৱসাগৰ জিলা সমিতিৰ অধ্যক্ষ তথা অধিবক্তা বিষ্ণু শৰ্মাই।লগতে উপস্থিত থাকে উত্তৰ  পুৰ্ব্বাঞ্চলৰ সহ প্ৰাভাগ প্ৰমুখ ৰমেশ লিম্বু,মহিলা সমিতিৰ সম্পাদিকা সুমন শৰ্মা,নামতি শাখা সমিতিৰ সম্পাদক পৰমেশ্বৰ গগৈ।প্ৰশিক্ষণত পদাৰ্পণ কৰা অতিথি সকলক এজোপাকৈ গছ পুলিৰে সম্বৰ্ধনা জনোৱা হয়।এই প্ৰশিক্ষণ শিৱিৰত সংস্কাৰমুলক প্ৰাথমিক শিক্ষা,স্বাস্থ্য শিক্ষা,গাঁও বিকাশ শিক্ষা,স্বাভিমান জাগৰণ শিক্ষাকে ধৰি ৫০টা বিষয়ত প্ৰশিক্ষণ আগবঢ়াব।তদুপৰি যোগাসন,প্ৰাণায়ামৰ প্ৰশিক্ষণ প্ৰদান কৰিব।উক্ত প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষক হিচাপে আছে ৰমেশ লিম্বু,ৰুবিতা কোঁ‌ৱৰ,বৃষ্টি দত্ত আৰু জোনমণি কুৰ্মী। আগন্তক ৩১ মে'ত এই প্ৰশিক্ষণ শিৱিৰৰ সামৰণি পৰিব

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা