১৯৮৫ চনতে দুলীয়া লোণপূৰীয়াত স্থাপন হোৱা কেইবা লক্ষাধিক টকা বিশুদ্ধ খোৱা পানী আঁচনি বিকলঃ*
*এটুপি বিশুদ্ধ খোৱা পানী বাবে হাহাকাৰ অঞ্চলবাসী ৰাইজ*
*দৈনিক আমাৰ প্ৰণাম সেৱা,শিৱসাগৰ বিশেষ সেৱা,২৩ মেঃ* ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ দুখীয়া নিছলা,খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে নতুন নতুন আঁচনি ৰূপায়ন কৰি পৰিৱৰ্তনশীল চৰকাৰখনে কোটি কোটি টকা আৱণ্টন কৰি ব্যয় কৰিছে যদিও প্ৰকৃততে এনে আঁচনিসমূহৰ পৰা জনসাধাৰণৰ কল্যাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই।জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষি,স্বাস্থ্য, শিক্ষা আৰু জনস্বাস্থ্যলৈ সকলো আঁচনিতে অবাধ হাৰত লুণ্ঠন চলোৱা ফলত গ্ৰামাঞ্চলৰ আৰ্থিক ব্যৱস্থা,স্বাস্থ্য, শিক্ষা আৰু নিৰ্ভেজাল পানী সেৱন আদিবোৰ ক্ষেত্ৰত পিছপৰি আছে।বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিসমূহে বৰ্তমান তেনে ৰূপ লৈছে।ৰাজ্যখনৰ গাঁৱে-ভূঞে স্থাপন কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিসমূহ সম্প্ৰত্তি এৰাবাৰীত পৰিণত হৈছে।বিগত১৫ বছৰ তৰুণ গগৈ চৰকাৰৰ শাসনৰ দিনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত খোৱা পানী আঁচনিসমূহত অবাধ হাৰত লুণ্ঠন আৰু দুৰ্নীতি সংঘটিত কৰাৰ ফলত বৰ্তমান তথৈৱচ অৱস্থাত আছে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী অৱহেলা,গাফিলতি,অকৰ্মণ্য,দুৰ্নীতিত নিমজ্জিত থকাৰ বাবে অচলাৱস্থাত আছে খোৱা পানী আঁচনিসমূহ।অৰ্থাৎ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বাবে খিৰতী গাইত পৰিণত কৰিছে উক্ত আঁচনিসমূহে।কংগ্ৰেছ চৰকাৰৰ দিনতে খিৰতী গাইলৈ পৰিণত কৰা বিভাগটোক উদ্ধাৰৰ বাবে পৰিৱৰ্তনশীল চৰকাৰখনলৈ জনসাধাৰণে আশা কৰিছিল যদিও সেই আশা নিৰ্বাপিত হোৱা দেখিবলৈ পোৱা গৈছে।কিয়নো মেৰামতি বাবে বছৰি টকা মোকলাই আনে যদিও সেই টকা মেৰামতি কামত ব্যৱহৃত হোৱাৰ বিপৰীতে দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰ জেপত সোমায়।শাসনৰ গাদীত বহা বিজেপি মিত্ৰজোঁট চৰকাৰখনে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জনস্বাস্থ্যৰ বাবে বিশুদ্ধ পানী যোগান আঁচনি নিৰ্মাণ কৰিবৰ কাৰণে কোটি কোটি টকা ব্যয় কৰিছে যদিও কাৰ্যক্ষেত্ৰত সেই আঁচনিসমূহ বগা হাতীত পৰিণত হোৱা পৰিলক্ষিত হৈছে।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলসমূহৰ দৰে শিৱসাগৰ জিলা আমগুৰি সমষ্টিৰ অন্তৰ্গত দুলীয়া লোণপূৰীয়াত ১৯৮৫ চনতে স্থাপন হোৱা কেইবালক্ষাধিক টকা ব্যয়বহুল বিশুদ্ধ খোৱা পানী যোগান আঁচনিখন বৰ্তমান বিকল হৈ আছে।বিগত১৯৮৫ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ অধীনত প্ৰায় কেইবা লক্ষাধিক টকা ব্যয়সাপেক্ষে বিশুদ্ধ পানী যোগানৰ বাবে নিৰ্মাণ কৰিছিল।দুলীয়া লোণপূৰীয়া গাঁৱত নিৰ্মাণ কৰা উক্ত আঁচনিখনৰ জৰিয়তে স্থানীয় ৰাইজৰ বাবে বিশুদ্ধ পানী যোগান ধৰিবৰ বাবে নিৰ্মাণ কৰিছিল যদিও বছৰ বছৰ ধৰি মেৰামতি অভাৱত আঁচনিখন বিকল হৈ পৰিছিল।অঞ্চলটোৰ কেইবাখনো গাঁও সামৰি লোৱা খোৱা পানী আঁচনিখন কাগজে-পত্ৰে চলি আছে।স্থানীয় ৰাইজে আশা কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতাৰণা কৰি অহা পৰিৱৰ্তনশীল চৰকাৰখনে গুৰুত্ব দিব।ৰাইজে কেইবাবাৰো অনুনয়-বিনয় কৰাৰ পাছতো গুৰুত্ব প্ৰদান নকৰিলে বুলি সংবাদ মাধ্যমত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।আঁচনিখন প্ৰথম অৱস্থাৰ পৰা আজিকোপতিলৈকে যেন বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সমৰ্থ নহল। বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী অমনোযোগিতা,অদূৰদৰ্শিতা তথা চৰম অৱহেলাৰ আৰু ঠিকাদাৰৰ অবাধ হাৰত লুণ্ঠন ফলত বিগত ৩৭ বছৰে বিকল হৈ বৰ্তমান বন্ধ অৱস্থাত আছে।উক্ত আঁচনিখন বিকল হৈ থকাৰ ফলত অঞ্চলবাসীক যোগান ধৰিব পৰা নাই এটুপি বিশুদ্ধ পানী।যাৰ ফলত অঞ্চলটোৰ দুখীয়া ৰাইজে আইৰনযুক্ত দূষিত পানী সেৱন কৰিব লগা হৈছে।অস্বাস্থ্যকৰ অৱস্থাত পানী সেৱন কৰাৰ ফলত অঞ্চলটোৰ ৰাইজে বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে।দীৰ্ঘদিন ধৰি বিকল হৈ মৃতপ্ৰায় অৱস্থাত থকা উক্ত আঁচনিখন মেৰামতি বাবে একো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত অসন্তুোষ প্ৰকাশ কৰিছে ৰাইজে।আৰ্থিকভাৱে সামৰ্থবান সকলে নিজাববীয়াকৈ ঘৰতে ফিল্টাৰ স্থাপন কৰি বিশুদ্ধ পানী সেৱন কৰিছে যদিও দৰিদ্ৰসীমাৰেখা তলত বসবাস কৰা ৰাইজে উপায়হীন হৈ আইৰণযুক্ত পানী সেৱন কৰি থকাৰ ফলত জটিল ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে অঞ্চলটোত।উক্ত খোৱা পানী আঁচনিখন অপতৃণৰে ভৰি পৰিছে।আঁচনিখনৰ ফিল্টাৰসমূহ পানী সলনি শেলাই আৰু হাবি-বননিৰে পৰিপূৰ্ণ হৈ আছে।একেদৰে অন্যান্য সামগ্ৰী সমূহো মামৰে ধৰি যন্ত্ৰপাতিবোৰ বিকল হৈ জৰাজীৰ্ণ হৈ পৰিছে।ইফালে বিভাগটোৱে পানী যোগান আঁচনিখনৰ লগত এটা আৱাস গৃহ নিৰ্মাণ কৰিছিল যদিও গৃহটো জহি খহি হৈ যোৱাৰ উপক্ৰম ঘটিছে।শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বছৰ বছৰ ধৰি ৰাইজে বিশুদ্ধ পানী সেৱন পৰা বঞ্চিত হৈ আছে।ইপিনে দুলীয়া লোণপূৰীয়া গাঁৱৰ ৰাইজে সংবাদ মাধ্যমত অভিযোগ কৰে উক্ত আঁচনিখনৰ মেৰামতি বাবে বিভাগীয় কৰ্তৃপক্ষক আৰু বিধায়কক লিখিতভাৱে অৱগত কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে।অঞ্চলবাসী ৰাইজে এটুপি বিশুদ্ধ পানী সেৱনৰ অভাৱত বৰষুণ পানী আৰু পুখুৰী পানী সেৱন কৰিছে বুলি এগৰাকী মহিলাই ক্ষোভেৰে সংবাদ মাধ্যমত অৱগত কৰে।গতিকে অঞ্চলটোৰ জনস্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে খোৱা পানী যোগান আঁচনিখন সুচল তথা মেৰামতি কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছে।আনহাতে ,জনপ্ৰতিনিধি গৰাকীয়ে নিৰ্বাচনৰ সময়ত কেৱল ভোট ভিক্ষাৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰি জয় যুক্ত হোৱাৰ পাছত ৰাইজৰ সমস্যা সমুহ সমাধান কৰা ক্ষেত্ৰত তিলমানো গুৰুত্ব আৰোপ নকৰাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।
Comments
Post a Comment