এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষৰ বাসগৃহত সতীৰ্থৰ আক্ৰমণ, পত্নী, মাতৃক অপদস্থ, হত্যাৰ ভাবুকি, দহ লাখ টকা দাবী




শ্ৰীৰামপুৰ-গোসাঁইগাঁও, ২৫ মে’: বাঙালী জনমুক্তি বাহিনী চমুকৈ এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষৰ গৃহত সতীৰ্থৰ আক্ৰমণ৷অস্ত্ৰ সম্বৰণকাৰী সংগঠনৰ মুখ্য সেনাধ্যক্ষ কলম পালৰ বাসগৃহত কালি বিয়লি বিশ/পঁচিশ জনীয়া এটি দলে বলপূৰ্বক প্ৰৱেশ কৰি গৃহৰ ক্ষতিসাধন কৰাৰ উপৰি পত্নী-মাতৃক অপদস্থ কৰাৰ লগতে সেনাধ্যক্ষক মৃত্যুৰ ভাবুকি প্ৰদান কৰা বুলি একাংশ সদস্যৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উঠিছে৷ একালত এই গৰাকী সেনাধ্যক্ষৰ ছত্ৰছায়াত সশস্ত্ৰ বিপ্লৱৰ পাতনি মেলা সংগঠনৰ একাংশ সদস্যই আক্ৰমণ সংঘটিত কৰি এলেকাত আন এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷অসমত বসবাস কৰা বাঙালী সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ জন্ম দিয়া সশস্ত্ৰ সংগঠনৰে একালৰ একাংশ সতীৰ্থ সকলেই সংঘটিত কৰিছে সেনাধ্যক্ষৰ গৃহত আক্ৰমণৰ দৰে এই জঘন্য কাণ্ড৷বিগত ২০১৫ চনত আনুষ্ঠানিকভাবে অস্ত্ৰ সম্বৰণ কৰা বাঙালী জন মুক্তি বাহিনীৰ একাংশ সদস্যই কালি গোসাঁইগাঁৱত  অধ্যক্ষ আৰু মুখ্য সেনাধ্যক্ষৰ বিৰুদ্ধে ধন সংগ্ৰহৰ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে দলটোৱে মুখ্য সেনাধ্যক্ষৰ গৃহত আক্ৰমণ সংঘটিত কৰে৷মহকুমাৰ গুৰুফেলা বজাৰত আজি সেনাধ্যক্ষ কমল পালে সংবাদমেলত সংগঠনৰ সম্পাদক মিঠুন ঘোষ, শ্ৰীৰামপুৰৰ কপিল দাস, বাসুগাঁও ৰেল ষ্টেচন পাৰাৰ সুশান্ত সৰকাৰৰ উপৰি গোসাঁইগাঁৱৰ অৰূপ দত্ত আৰু ১ আৰু ২ নং কানুহপাৰাৰ গৌতম দত্ত, হৃদয় দেৱনাথ, ঈশ্বৰ দাস, ভীম ৰায় আৰু গুৰুফেলা বজাৰৰ মিন্টু পাল, সমৰ সাহা, সুব্ৰত ঘোষ আদিকে ধৰি আন বহু কেইজন সদস্যই সেনাধ্যক্ষৰ অবৰ্তমানত বলপূৰ্বকভাবে গৃহত প্ৰৱেশ কৰি অকথ্য ভাষাৰে গালি-গালাজ কৰাৰ উপৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰে৷দলটোক গৃহত প্ৰৱেশৰ সময়ত পত্নীয়ে দৰজাৰ সন্মুখত থকা সময়তে পত্নীক গতিয়াই ভিতৰত প্ৰৱেশ কৰি সেনাধ্যক্ষ কমল পালক বিচাৰ খোচাৰ কৰি নোপোৱাৰ পিছতে কমল পালৰ গৃহত ৰড্‌-লাঠি আদিৰে আক্ৰমণ চলাইক গৃহ আৰু গেটৰ বিস্তৰ ক্ষতি সাধন কৰে৷এনেকি দলটোৱে কমল পালক গৃহত বহুত বিচাৰ খোচাৰ কৰাৰ পিছত সন্ধান নোপোৱাত অচিৰেই গোসাঁইগাঁৱত আহি দহ লাখ টকা প্ৰদান নকৰিলে মৃত্যু অৱধাৰিত বুলিও চৰম সকীয়নি প্ৰদান কৰে৷সংবাদ মেলত সেনাধ্যক্ষ গৰাকীয়ে অভিযোগ কৰা মতে এন এল এফ বিৰ প্ৰাক্তন সদস্যৰ এটি বাহিনীয়ে আক্ৰোশ মূলক ভাবে সেনাধ্যক্ষৰ গৃহত প্ৰৱেশ কৰি মহিলা সকলক অশালীন ব্যৱহাৰ কৰাৰ উপৰি গৃহৰ গেট আৰু গৃহৰ বিস্তৰ ক্ষতিসাধন কৰে বুলি মৃত্যুৰ ভাবুকি প্ৰদান কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষী সকলক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে৷এনেকি সাংবাদ মেলত সেনাধ্যক্ষ গৰাকীয়ে কয়, অস্ত্ৰ সম্বৰণৰ সময়ত মুঠ ৩৫৭ গৰাকী সদস্যৰ তথ্য সেই সময়ত গৃহ বিভাগৰ হাতত দাখিল কৰা হৈছিল৷ইয়াৰে ভিতৰত ৩৪৬ গৰাকী কেডাৰৰ ভেৰিফিকেচনৰ সম্পূৰ্ণ হৈছে৷গৃহ বিভাগে একোজন সদস্যক চাৰিবা, পাঁচবাৰকৈ ভেৰিফিকেচনৰ কৰি ৩০৩ গৰাকী সদস্যকহে এককালীন ডেৰ লাখ টকাৰ অৰ্থ সাহায্য প্ৰদান কৰিছে৷অৱশিষ্ট ৪৩ গৰাকী বঞ্চিত সদস্যই মে’ আৰু জুন মাহৰ ভিতৰতে আৰ্থিক সাহায্য লাভ কৰিব বুলি গৃহ বিভাগ আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে৷এই ক্ষেত্ৰত নতুন সদস্য ভৰ্তি কৰি ধন সংগ্ৰহ কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে৷কিন্তু আৰ্থিক সাহায্যৰ বিলম্ব হোৱাত একাংশই ধৈৰ্য্য ধৰিব নোৱাৰিলে৷এই সকলৰ ভিতৰত মুষ্টিমেয় কেইজন সদস্যই পূৰ্বৰ পৰাই অধ্যক্ষ আৰু সেনাধ্যক্ষৰ বিৰুদ্ধাচৰণ কৰি আহিছে৷এই ষড়যন্ত্ৰকাৰী সকলে  পূৰ্বৰ দৰেই সম্প্ৰতি  মনেসজা আৰু মিথ্যা অভিযোগ উত্থাপন কৰি এই জঘন্য আৰু নিন্দনীয় কাণ্ড সংঘটিত কৰিছে৷সংবাদ মেলত সেনাধ্যক্ষ গৰাকীয়ে আশংকা প্ৰকাশ কৰা মতে   দলটোৱে তেখেতক হত্যা কৰাৰ  মনোবৃত্তি লৈ আহিছিল৷সিহঁতে অধ্যক্ষক গৃহত পালে নিশ্চিতভাৱে হত্যা কৰিলেহেঁতেন বুলি আশংকা প্ৰকাশ কৰি কয়, সৌভাগ্যক্ৰমে তেখেতে ঘৰত নথকাত বৃহৎ অঘটন আৰু মৃত্যুমুখৰ পৰা ৰক্ষা পৰিছে৷ আজি সংবাদ মেলত হত্যাৰ পৰিকল্পনা তৈয়াৰ কৰা সদস্য সকলৰ বিস্ফোৰক অভিযোগ তুলি গুৰুফেলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি দলটোক উপযুক্ত শাস্তিৰ দাবী জনাইছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা