n


ধুবুৰীত আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন  ড্ৰাগচ সৰবৰাহকাৰী
ধুবুৰী, ৩১ মে'


আজি ধুবুৰীত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন দাগী ড্ৰাগচ সৰবৰাহকাৰী জালত পৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে,  গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম গগৈৰ নেতৃত্বত  আৰক্ষীৰ এটি দলে আজি দুপৰীয়াৰ পিনে স্থানীয় ৰেল আস্থানৰ সমীপৰ ৰাজপথত এক অভিযান চলাইছিল। সেই অভিযানত  বৃহৎ পৰিমাণৰ নিছাযুক্ত ঔষধসহ জনৈক ৰাতুল হুছেইন মণ্ডল নামৰ ড্ৰাগছ সৰবৰাকাৰীক হাতেলোটে কৰায়ত্ব কৰে আৰক্ষীয়ে। ধৃত সেই যুৱকজনৰ পৰা  ১৪০ টা ৰচকফ নামৰ নিছাযুক্ত কফচিৰাপৰ বটল, ৪৭০০ টা পায়ীভ’ন স্পাচ প্লাচ  (Pyeevon Spas Plus capsules) আৰু ২০০টা নাইট্ৰ’চুন  (nitrosun 10(R)) নামৰ নিছাযুক্ত টেৱলেটউদ্ধাৰ হোৱা বুলি প্ৰকাশ।  ধৃত সেই ড্ৰাগচ সৰবৰাহকাৰীৰ ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলৰ বুলি জানিব পৰা গৈছে।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী




তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত অঘটন খাদ্যত বিষক্ৰিয়া হৈ ১৪ গৰাকী ছাত্ৰীসহ ১৫ গৰাকী অসুস্থঃ


নয়নজ্যোতি দাস, তামুলপুৰ, ৩১ মে'

তামুলপুৰ জিলাৰ নাগ্ৰীজুলি কস্তুৰৱা গান্ধী আবাসিক বালিকা বিদ্যালয়ত আজি খাদ্যত বিষক্ৰিয়া হৈ বিদ্যালয়খনৰ ১৪ গৰাকী ছাত্ৰীৰ লগতে অধীক্ষক তথা ৱাৰ্ডেন অসুস্থ হৈ পৰে।
অসুস্থ হোৱা শিক্ষাৰ্থী কেইগৰাকী ক্ৰমে তামুলপুৰ জিলাৰ অন্তৰ্গত কচুবাৰীৰ হৰেশ্বৰ বসুমতাৰীৰ কন্যা নিজৰা বসুমতাৰী (১৩) , গুৱাবাৰীৰ ধন বাহাদুৰৰ কন্যা আশা দাহাল ( ১৪ ), নতুন হাউলিৰ পবিত্ৰ ৰাভাৰ কন্যা অনামিকা ৰাভা ( ১৪ ) , সাহপুৰৰ মনোজ শৰ্মাৰ কন্যা খুচি শৰ্মা ( ১৪ ) , তৰণী দাসৰ কন্যা নীলমণি দাস ( ১৪ ) , ফহুৰাবাৰীৰ ৰতন বড়োৰ কন্যা তনুজা বড়ো ( ১৩ ) , কালচেনীৰ চেভেন বড়োৰ কন্যা কৃষ্ণা বড়ো ( ১৪ ) , বাঙালীপাৰাৰ সুকুমাৰ প্ৰধানৰ কন্যা ৰাধিকা প্ৰধান ( ১৫ ) , কুম্ভীজাৰৰ ৰাজু দাসৰ কন্যা প্ৰিয়া দাস ( ১৪ ) , বাঙালীপাৰাৰ বিজয় নায়কৰ কন্যা ছানিয়া নায়ক ( ১৪ ) , হস্তিনাপুৰৰ কান্ত স্বৰ্গীয়াৰীৰ কন্যা দিম্পী স্বৰ্গীয়াৰী ( ১৪ ) , গুৱাবাৰীৰ লোকবাহাদুৰ ছেত্ৰীৰ কন্যা প্ৰাপ্তি ছেত্ৰী ( ১৪ ) , জয়পুৰৰ কুমাৰ বড়োৰ কন্যা মমতা বড়ো ( ১৩ ) আৰু উলুবাৰীৰ প্ৰাণেশ্বৰ বড়োৰ কন্যা হিনা বড়ো ( ১৩ ) । ইপিনে বিদ্যালয়খনৰ অধ্যক্ষ অনিতা নায়কো (৪৫ ) অসুস্থ হৈ চিকিৎসাধীন হব লগা হৈছে । উল্লেখযোগ্য যে আজি দিনৰ ভাগত এইসকল ছাত্ৰী পেটৰ বিষ, বমি আৰু শৌচত আক্ৰান্ত হয় । লগে লগে বিদ্যালয়খনত হুৱা দুৱা লাগে । ততাতৈয়াকৈ অসুস্থ হোৱা ছাত্ৰী কেইগৰাকী সহ অধীক্ষক গৰাকীক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে ৰবিবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটা পতঞ্জলি যোগ কেন্দ্ৰৰ পৰা যোগ শিকাবলৈ আহি পেকেট জুইচ আৰু  অন্যান্য খাদ্যৰ যোগান ধৰিছিল পতঞ্জলি কেন্দ্ৰৰ পৰা। পতঞ্জলি কেন্দ্ৰৰ পৰা যোগান ধৰা খাদ্য খাই নে আন খাদ্য খাই ছাত্ৰীসকল আক্ৰান্ত হল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ইপিনে ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক পঙ্কজ যাদৱ , তামুলপুৰ মহকুমা সদৰ মহকুমাধিপতি ৰামানুজ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিষয়া নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্ত সকলৰ স্বাস্থ্যৰ বুজ লয় আৰু চিকিৎসকৰ লগত পৰ্যালোচনা কৰে। অৱশ্যে এই ঘটনাৰ মূল কাৰণ এই পৰ্যন্ত পোহৰলৈ অহা নাই যদিও তদন্তৰ অন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব । ইপিনে ছাত্ৰীসকল বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে।###


# বৰপেটাত ড্ৰাগছ ব্যৱসায়ীৰ আত্মসমৰ্পন #

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা, ৩১মেঃ সম্প্ৰতি ৰাজ্যখনত অব্যাহত থকা  অাৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সময়তে কালি বৰপেটাত এগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে  আত্মসমৰ্পন কৰা পৰিলক্ষিত হৈছে ৷ পিছে আত্মসমৰ্পন কৰা ড্ৰাগছ ব্যৱসায়ীটো বৰপেটা জিলাৰ হাঁহচৰাৰ আজিজুল খান বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ২৯ মে'ত বৰপেটা আৰক্ষীয়ে অভিযান চলাই আজিজুল হকৰ গৃহৰ পৰা বৃহৎ পৰিমানৰ ক'ফ চিৰাফ আৰু নিচাযুক্ত টেবলেট জব্দ কৰিছিল ৷ যদিও সিদিনা আৰক্ষীৰ অভিযানৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ী আজিজুল খানে পলায়ন কৰিছিল ৷ পিছে আৰক্ষীৰ হেচাত অবশেষত কালি ড্ৰাগছ ব্যৱসায়ী আজিজুল খানে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৷ দেওবাৰে আৰক্ষীয়ে আজিজুল খানৰ গৃহৰ পৰা ৭৭০৪ টা  SP  টেবলেট, ৮৫০০ Nitrazepam টেবলেট আৰু ৬২ বটল কৰেক্স বটল জব্দ কৰিছিল বুলি অাৰক্ষী সূত্ৰে জানিবলৈ দিয়ে ৷(ফটো অাছে)




Poetry in Assam Politics : কবিতা লিখি পুনৰ ৰোষত পৰিল ভূপেন বৰা, এইবাৰ কবিতা লিখিলে পীয়ূষ হাজৰিকায়ো, নীলমণি সেন ডেকাই কবিক দিলে পৰামৰ্শ


সম্প্ৰতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ ৰাজনীতিত বিৰোধীক সমালোচনা কৰাৰ বাবে এটা নতুন ধাৰাৰ আশ্ৰয় লোৱা দেখা গৈছে। সেয়া হৈছে কবিতা। বৰাৰ কবিতাক লৈ পূৰ্বতেও তীব্ৰ চৰ্চা হৈছিল। কংগ্ৰেছ সভাপতিগৰাকীয়ে পুনৰ সোমবাৰে টুইটাৰযোগে বটদ্ৰৱা কাণ্ডৰ খলনায়ক আছিকুল ইছলামৰ মৃত্যুৰ পিছত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ কবিতা লিখি সমালোচনা কৰিছিল।


অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা মনজিত মহন্তই প্ৰচাৰ কৰা ''অগ্নি দেৱতাই থানা দহিছে/ জলদেৱতাই নৈপৰীয়াৰ নিদ্ৰা হৰিছে/এনকাউণ্টাৰ মৃত্যুৰ কিৰীলি হৈ দৌৰি ফুৰিছে...'' কবিতাক লৈ অসমৰ সদ্য বহিস্কৃত কংগ্ৰেছ নেতা নীলমণি সেন ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ডেকাই কয়–


''তেওঁতো দেৱকান্ত বৰুৱা নহয়, এনে কবিতাক মই গুৰুত্ব নিদিওঁ। ভূপেন বৰাই যদি একাগ্ৰতাৰে কবিতাই লিখিব বিচাৰিছে, তেন্তে প্ৰাকৃতিক পৰিৱেশত যাওক। ভূটানৰ প্ৰাকৃতিক পৰিৱেশলৈ যাওক, য'ত কোনেও তেওঁক ঢুকি নাপায়।''
তেওঁ পুনৰ কয়– ''বাজপেয়ীয়েও কবিতা লিখি নতুন ধাৰৰ সৃষ্টি কৰিছিল, ভূপেন বৰাক অনুৰোধ প্ৰাকৃতিক পৰিৱেশত গৈ কবিতা লিখাত মনোনিৱেশ কৰক।''ডেকাই  লগতে প্ৰদেশ কংগ্ৰেছে বহিস্কাৰ কৰা সংক্ৰান্তত আইনৰ কাষ চপা বুলি জানিবলৈ দি কয় যে তেওঁকোনো দল বা বিজেপিত যোগদানৰ সম্ভাৱনা নাই।আনহাতে ভূপেন বৰাৰ কবিতাৰ উত্তৰ কবিতাৰে দিয়ে বিজেপিৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই। হাজৰিকাই লিখে– সাতটা ইলেকশ্যনত মই হ'লোঁ পৰাস্ত/ আঠটাত হাৰি হ'ম সৰ্বস্বান্ত/ নাযাওঁ মই প্ৰচাৰত/ কৰিম মই  কংগ্ৰেছ দল ধ্বংস/ ৰাজীৱ ভৱনত কমাৰ্চিয়েল কমপ্লেক্স বনাম/ টিকট বিক্ৰী কৰাৰ দৰে ৰাজীৱ ভৱন বিক্ৰী কৰি/ লুটি লুটি খাম।



Forex Reserves : বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত ৪.২৩ বিলিয়ন ডলাৰ বৃদ্ধি, বৃদ্ধি পাইছে সোণৰ গহনাও
বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ (Foreign Exchange Reserve/Forex Reserves) কিছু পৰিমাণে বৃদ্ধি পাইছে। ২০ মে'ত সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৪.২৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈ ৫৯৭.৫০৯ বিলিয়ন ডলাৰ হৈছে। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) প্ৰকাশ কৰা তথ্যত এই তথ্য প্ৰদান কৰা হৈছিল।
ইয়াৰ আগতে, ১৩ মে'ত সমাপ্ত হোৱা সপ্তাহত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ২.৬৭৬ বিলিয়ন ডলাৰ হ্ৰাস হৈ ৫৯৩.২৭৬ বিলিয়ন ডলাৰ হয়। ৬ মে'ত সমাপ্ত হোৱা সপ্তাহত, ই ১.৭৭৫ বিলিয়ন ডলাৰ হ্ৰাস হৈ ৫৯৫.৯৫৪ বিলিয়ন ডলাৰ হৈছিল।
শুকুৰবাৰে RBIয়ে FCA ৰ ৩.৮২৫ বিলিয়ন ডলাৰত প্ৰকাশ কৰা সাপ্তাহিক তথ্য অনুসৰি, ২০ মে'ত সমাপ্ত হোৱা সপ্তাহত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ বৃদ্ধি মুখ্যতঃ বিদেশী মুদ্ৰাৰ সম্পত্তি (Foreign Currency Assets)  বৃদ্ধিৰ বাবে হৈছিল। যিটো মুঠ মুদ্ৰা ভাণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অংশ।
ৰিজাৰ্ভ বেংকে কয় যে ভাৰতৰ FCA সদ্যসমাপ্ত সপ্তাহত ৩.৮২৫ বিলিয়ন ডলাৰ বৃদ্ধি হৈ ৫৩৩.৩৭৮ বিলিয়ন ডলাৰ হৈছে। FCAক সাধাৰণতে ডলাৰেৰে চিহ্নিত কৰা হয়। কিন্তু ইয়াত অন্যান্য বিদেশী মুদ্ৰাৰ মূল্য বৃদ্ধি বা হ্ৰাস যেনে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত ইউৰো, পাউণ্ড আৰু য়েনৰ প্ৰভাৱো অন্তৰ্ভুক্ত থাকে।




শিৱসাগৰ গড়গাঁও ত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা:গৰিব কল্যান সন্মিলনত অংশ গ্ৰহন মুখ্যমন্ত্ৰীৰ:

AZADI KA AMRIT MOHATSAVৰ 
লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে চিমলাৰ পৰা হিতাধিকাৰীৰ লগত মতবিনিময়

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ:জন সভা সম্বোধন

শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ খেল পথাৰত আজি অনুষ্ঠিত হয় গৰীৱ কল্যান সন্মিলন
এই গৰীৱ কল্যাণ সন্মিলনত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যে নিজৰ ভাষণত ৰাইজক ধন্যবাদ জ্ঞাপন কৰি আবণ্টিত ধনৰ সদ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। যিকোনো মধ্যভোগীক সাৱধান বানী শুনাই গৰীৱ ৰাইজক যাতে শোষণ নকৰে এই কথা অৱগত কৰে।
এই সন্মিলনত ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক  আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমত মত বিনিময় কৰে

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী প্ৰতিকীভাৱে ৫ জন আৱাস যোজনাৰ হিতাধিকাৰীৰ লগত ভাৰ্চুৱেল মাধ্যমত মতবিনিময়  দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে-

শিলসাগৰৰ ৯৪০০ আৰু চৰাইদেউ জিলাৰ ২০০০ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্থিৰ ধনৰ চেক বিতৰণ কৰে।

গৰিব সন্মিলনত বহু কেইজন মন্ত্ৰী,সাংসদ আৰু বিধায়কৰ উপৰিও শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ময়ূৰ বৰগোঁহাইয়ে সংগ দিয়ে মুখ্যমন্ত্ৰী গৰাকীক।

নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা