Himanta Biswa Sarma Cabinet: এতিয়াৰ পৰা সংখ্যালঘূৰ প্ৰমাণপত্ৰ দিব চৰকাৰে, কম্পিউটাৰ শিক্ষকৰ বাবে দিলে ভালখবৰ, জানি লওক কেবিনেটৰ সিদ্ধান্তসমূহ

আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকৰ পিছতে মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি কেবিনেটত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত সবিশেষ জনায়।

  • ২৮৮ অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি, ৫৭ গৰাকী মহিলাক ২ কোটি টকাৰ এককালীন সাহাৰ্য্য। ১০ ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা প্ৰদান কৰা হ'ব এই সাহাৰ্য্য।
  • ১৪২ কোটি ৫ লাখ টকা অসম চাহ নিগমৰ সমূহ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডত জমা দিবলৈ মুকলি কৰা হৈছে।
  • ১,২০৮ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে নতুনকৈ ৩০০৭টা পুখুৰী খান্দি অমৃত সৰোবৰ হিচাপে নামাকৰণ কৰিব। একোটা পুখুৰীৰ নিৰ্মানৰ বাবদ খৰছ হ'ব ২৪ লাখকৈ টকা। ২৬ জানুৱাৰীৰ ভিতৰত আটাইকেইটা পুখুৰী নিৰ্মাণ কৰি কাম শেষ কৰা হ'ব।
  • চাহ বাগিছাৰ মাটি অধীগ্ৰহণ কৰিলে ক্ষতিপূৰণৰ ১০ শতাংশ  ধন শ্ৰমিকসকলৰ পুনৰসংস্থাপনৰ বাবে প্ৰদান কৰা হ'ব। মালিক পক্ষই চৰকাৰৰ পৰা সেই টকা লৈ দিব লাগিব শ্ৰমিকক।
  • সংখ্যালঘুসকলক প্ৰমাণপত্ৰ প্ৰদান কৰিব চৰকাৰে। মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীসকলক দিয়া হ'ব এই প্ৰমাণপত্ৰ। সংখ্যালঘু চিনাক্তকৰণৰ বাবে এই প্ৰমাণ পত্ৰ দিয়া হৈছে।
  • চাহ বাগিচাত ইক' টুৰিজিম হিচাপে গঢ়িবলৈ অতিৰিক্তভাৱে ৫শতাংশ অঞ্চল ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান। বাগিছাৰ কোম্পানী বা মালিকপক্ষ বা চৰকাৰী পক্ষৰ সৈতে সংযুক্ত বাহিৰে আনক দায়িত্ব বা লীজত দিব নোৱাৰিব। চাহ বাগিছাৰ যুৱক-যুৱতীক সংস্থাপন পাব পাৰিব।
  • দল' চাহবাগিছাৰ ১২৬৩জন শ্ৰমিকক গুড উইল গ্ৰাণ্ট হিচাপে ১ লাখ টকাৰ এককালীন সাহাৰ্য্য। ডিমা হাচাওৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহাৰ্য্য ঘোষণা কৰিব, কেবিনেটত আজি আলোচনা হৈছে।
  • ড৹ বাণিকান্ত কাকতি কম্পিউটাৰ সাহাৰ্য আঁচনিৰ অন্তৰ্গত ১৩২৮ গৰাকী শিক্ষকলৈ চিলিং ফ্ৰী কৰি দিয়া হৈছে। এতিয়াৰে পৰা নিয়মিত দৰমহা লাভ কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা