গোসাইগাৱত ইউ পি পি এল দলৰ যুৱ আৰু মহিলা গোটৰ শপত গ্ৰহন অনুষ্ঠান



শ্ৰীৰামপুৰ- গোসাইগাও,২৩ মে':ইউ পি পি এল  দলৰ গোসাইগাও জিলা সমিতিৰ যুৱ আৰু মহিলা গোটৰ নতুন সমিতিৰ শপত গ্ৰহন আজি অনুষ্ঠিত হয়।তদুপলক্ষে দলৰ গোসাইগাও জিলা সমিতিৰ সভাপতি অনিন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।সভাত ৰাজীৱ মুছাহাৰীক সভাপতি, সৌমকৌৰ বসুমতাৰী আৰু হাফিজুৰ ৰহমানক সম্পাদক হিচাপে লৈ দলৰ যুৱ গোটৰ গোসাইগাও জিলা সমিতি গঠন কৰা হয় আৰু যুৱ সমিতি খনৰ শপত বাক্য পাঠ কৰোৱায় দলৰ কেন্দ্ৰীয় যুৱ সমিতিৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে।আনহাতে চিত্ৰা বসুমতাৰীক সভানেত্ৰী আৰু মঞ্জিলা খাতুনক সম্পাদিকা হিচাপে লৈ গঠিত হোৱা দলৰ গোসাইগাও জিলা মহিলা সমিতি খন আৰু গোসাইগাও জিলা সমিতিৰ অধীনস্থ বিভিন্ন ব্লক  সমিতি সমূহৰ শপত বাক্য পাঠ কৰোৱায়
কোকৰাঝাৰ পৌৰ সভাৰ পৌৰপতি প্ৰতিভা ব্ৰহ্ময়ে।সভাত দলৰ মহিলা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বীণা  গয়াৰীয়ে কৰ্মী সকলক উদ্দেশ্যি সাংগঠনিক দিশৰ ওপৰত ভাষণ দিয়ে।সভাত গোসাইগাও পৌৰ সভাৰ পৌৰপতি প্ৰফুল্ল ইছলাৰী,কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মুৰ্শীদা বেগম,গোসাইগাও জিলা সমিতিৰ সাংগঠনিক সম্পাদক লোকনাথ নাৰ্জাৰী সহ বহু নেতা কৰ্মী উপস্থিত থাকে।সাংবাদিকে সোধা এক আছুতীয়া সাক্ষাতকাৰত গোসাইগাও জিলা সমিতিৰ সভাপতি অনিন্দ্ৰ বসুমতাৰীয়ে কয় যে বি পি এফ দলৰ দলীয় কৰ্মী সকলক ধৰি ৰখাৰ বাবে বিপিএফ দলৰ চৰকাৰ গঠন হব বুলি ছয় মাহ মূৰে মূৰে কৈ থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা