'পীয়ুষ হাজৰিকা দেশ ধ্বংস কৰা মোগলৰ মানুহ'- বটদ্ৰৱা থানাৰ হিংসাত্মক ঘটনাত অখিল গগৈয়ে পাইছে ৰহস্যৰ গোন্ধ

দেওবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই অখিল গগৈৰ শৰীৰত অসমীয়াৰ তেজ নাই বুলি মন্তব্য কৰিছিল। মন্ত্ৰীগৰাকীৰ এই মন্তব্যক এতিয়া উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে,'পীয়ুষ হাজৰিকা দেশ ধ্বংস কৰা মোগলৰ মানুহ। মই লাচিত বৰফুকনৰ মানুহ। কিন্তু হিমন্ত আৰু পীয়ুষ হাজৰিকা লাচিতে কাটি পেলোৱা মোমাই বংশৰ মানুহ।'

ইফালে বটদ্ৰৱাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এতিয়া ৰহস্যৰ গোন্ধ পাইছে অখিল গগৈয়ে। গগৈয়ে কয় যে,  'থানা কেনেকৈ দিনৰ পোহৰতে দুষ্কৃতিকাৰীয়ে জ্বলাবলৈ পালে? থানা জ্বলোৱা সময়ত কিয় আৰক্ষীয়ে কন্দোৱা গেছ অথবা লাঠি চাৰ্জ নকৰিলে? সংবাদ মাধ্যমেও এটা অংশ প্ৰকাশ কৰি বদনামী কৰা চেষ্টা কৰে। থানাৰ ভিতৰতে হত্যা কৰাক গৰিহণা দিছো।'


অখিল গগৈয়ে কয় যে,  এতিয়া দুটা মৌলবাদ চলি আছে। মুছলিম মৌলবাদ আৰু হিন্দু মৌলবাদ।AIUDFৰ নেতৃত্বত মুছলিম মৌলবাদ আৰু আৰ এছ এছৰ বিজেপিৰ নেতৃত্বত হিন্দু মৌলবাদ চলি আছে। দুয়োটাই ধ্বংসাত্মক। যদি জেহাদি জড়িত আছে তেনে অন কেমেৰা মাৰি পেলাব লাগে।

Comments