বঙাইগাঁও জিলাৰ কোকিলাত অগ্নিকাণ্ডঃ


বঙাইগাঁওৰ প্ৰতিবেদক ২৩মেঃ- বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰাভিটা দ্বিতীয় খণ্ডত বিদ্যুতৰ শ্বটছাৰ্কিডৰ ফলত ভয়াবহ অগ্নিকাণ্ড সংগঠিত হয় ।
অগ্নিকাণ্ডত ১৩ টা পৰিয়ালৰ সম্পূৰ্ণ ৰুপে গৃহ  ,নগত টকা, পশুধন, ধান চাউল, মাকৈ, মূল্যবান নথিপত্ৰসহ প্ৰায় ৫০ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মিভুত হয়।আনকি সামান্যভাৱে তিনিটা পৰিয়ালৰ ক্ষতি হয়। উক্ত অঞ্চলত ৰাস্তাৰ সুব্যৱস্থা নথকাত অগ্নিনিৰ্বাপক বাহনিৰ গাড়ী আহিব নোৱাৰে। অগ্নিকাণ্ডত  ক্ৰমে ইমান আলী,এবাদ আলী, জানক আলী,
জৰিমন নেছা,বানেছ আলী,শাজাহান আলী,জেলেখা খাতুন,মনছেৰ আলী,ৰেজ্জাক আলী, তছলিম উদ্দিনৰ সকলো সম্পত্তি ভষ্মীভুত হয়। স্হানীয় ৰাইজে কষ্ট কৰি জুই নুমুৱালৈ সক্ষম হয়। স্হানীয় ৰাইজে চৰকাৰ তথা স্হানীয় বিধায়ক, সাংসদক ৰাস্তা সমুহ  অতি সোনকালে ঠিক কৰি দিবলৈ অনুৰোধ জনায়। 




প্ৰেৰকঃ কুৰবান আলী আহমেদ, বঙাইগাওঁ

Comments